--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত যিকোনো ব্যক্তিৰ উদ্বিগ্নতা আৰু মানসিক চাপ থাকিব পাৰে। উদ্বিগ্নতা বা মানসিক চাপৰ কোনো নিৰ্দিষ্ট কাৰণ নাই। আপোনজনৰ পৰা আঁতৰি থাকিলে এনে হ’ব পাৰে। কামৰ হেঁচাত এনে হ’ব পাৰে। জীৱনক লৈ বেছি চিন্তা আহিলেও এনে হ’ব পাৰে। অৰ্থাৎ মানসিক চাপৰ কোনো এটা কাৰণ কোৱাটো সহজ নহয়। কেতিয়াবা ই জিনগত কাৰণতো হয়। যেতিয়াই মানসিক চাপত ভুগা যেন লাগে তেতিয়াই তৎক্ষণাত ইয়াৰ চিকিৎসা কৰাব লাগে। ইয়াৰ পৰা মুক্তি পাবলৈ কিছুমান ঘৰুৱা টিপছ দিয়া হ’ল যিয়ে আপোনাক এই সমস্যাবোৰ দূৰ কৰাত সহায় কৰিব।

উদ্বেগ আৰু মানসিক চাপ কেনেকৈ চিনাক্ত কৰিব পাৰি

যেতিয়াই কোনো ব্যক্তিয়ে উদ্বিগ্নতাৰ সৈতে যুঁজি থাকে তেতিয়াই তেওঁৰ ভিতৰত বহু পৰিৱৰ্তন ঘটে। এনে সময়ত আপোনাৰ উশাহ-নিশাহ লোৱাত অসুবিধা হয়। টোপনি সঠিকভাৱে নাহে, কোনো কাম কৰিবলৈ মন নাযায়। ঠাণ্ডা বতৰতো ঘাম আহে, বমি ভাব হয়, হৃদস্পন্দন বাঢ়ে। এনে পৰিস্থিতিত আপোনাৰ দৈনন্দিন জীৱনত বেয়া প্ৰভাৱ পৰে। 

ঘৰতে উদ্বিগ্নতাৰ চিকিৎসা কৰক

ইয়াৰ লক্ষণ চিনি পোৱাৰ পাছত ইয়াৰ চিকিৎসা বহুত সহজ হৈ পৰে। প্ৰথমতে নিজকে অকলশৰীয়া যেন অনুভৱ নকৰাব। বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ লগত কথা পাতক, সংযোগত থাকক। এৰোমাথেৰাপি ব্যৱহাৰ কৰক, আপুনি থকা কোঠাটোত লেভেণ্ডাৰ, চন্দন আৰু কেমোমিলৰ পৰা তৈয়াৰী সুগন্ধি ব্যৱহাৰ কৰক। খাদ্যত ফলৰ পৰিমাণ বৃদ্ধি কৰিব লাগে। গাজৰ, কল, ষ্ট্ৰবেৰী, পালেং শাক বেছিকৈ সেৱন কৰক। 

দৈনিক ৫-৫-৫ সূত্ৰ ব্যৱহাৰ কৰিব লাগে। আপোনাৰ চৌপাশৰ যিকোনো পাঁচটা বস্তুৰ কথা ভাবিবলৈ আৰম্ভ কৰক। কিছু সময় ধ্যান কৰি চৌপাশৰ ৫ টা শব্দ শুনিবলৈ চেষ্টা কৰক আৰু শৰীৰৰ যিকোনো ৫ অংশ লৰচৰ কৰক। ইয়াৰ দ্বাৰা আপুনি সকাহ পাব। লাহে লাহে দেখিব যে আপোনাৰ মানসিক চাপ দূৰ হ’বলৈ আৰম্ভ কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু