--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত যিকোনো ব্যক্তিৰ উদ্বিগ্নতা আৰু মানসিক চাপ থাকিব পাৰে। উদ্বিগ্নতা বা মানসিক চাপৰ কোনো নিৰ্দিষ্ট কাৰণ নাই। আপোনজনৰ পৰা আঁতৰি থাকিলে এনে হ’ব পাৰে। কামৰ হেঁচাত এনে হ’ব পাৰে। জীৱনক লৈ বেছি চিন্তা আহিলেও এনে হ’ব পাৰে। অৰ্থাৎ মানসিক চাপৰ কোনো এটা কাৰণ কোৱাটো সহজ নহয়। কেতিয়াবা ই জিনগত কাৰণতো হয়। যেতিয়াই মানসিক চাপত ভুগা যেন লাগে তেতিয়াই তৎক্ষণাত ইয়াৰ চিকিৎসা কৰাব লাগে। ইয়াৰ পৰা মুক্তি পাবলৈ কিছুমান ঘৰুৱা টিপছ দিয়া হ’ল যিয়ে আপোনাক এই সমস্যাবোৰ দূৰ কৰাত সহায় কৰিব।

উদ্বেগ আৰু মানসিক চাপ কেনেকৈ চিনাক্ত কৰিব পাৰি

যেতিয়াই কোনো ব্যক্তিয়ে উদ্বিগ্নতাৰ সৈতে যুঁজি থাকে তেতিয়াই তেওঁৰ ভিতৰত বহু পৰিৱৰ্তন ঘটে। এনে সময়ত আপোনাৰ উশাহ-নিশাহ লোৱাত অসুবিধা হয়। টোপনি সঠিকভাৱে নাহে, কোনো কাম কৰিবলৈ মন নাযায়। ঠাণ্ডা বতৰতো ঘাম আহে, বমি ভাব হয়, হৃদস্পন্দন বাঢ়ে। এনে পৰিস্থিতিত আপোনাৰ দৈনন্দিন জীৱনত বেয়া প্ৰভাৱ পৰে। 

ঘৰতে উদ্বিগ্নতাৰ চিকিৎসা কৰক

ইয়াৰ লক্ষণ চিনি পোৱাৰ পাছত ইয়াৰ চিকিৎসা বহুত সহজ হৈ পৰে। প্ৰথমতে নিজকে অকলশৰীয়া যেন অনুভৱ নকৰাব। বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ লগত কথা পাতক, সংযোগত থাকক। এৰোমাথেৰাপি ব্যৱহাৰ কৰক, আপুনি থকা কোঠাটোত লেভেণ্ডাৰ, চন্দন আৰু কেমোমিলৰ পৰা তৈয়াৰী সুগন্ধি ব্যৱহাৰ কৰক। খাদ্যত ফলৰ পৰিমাণ বৃদ্ধি কৰিব লাগে। গাজৰ, কল, ষ্ট্ৰবেৰী, পালেং শাক বেছিকৈ সেৱন কৰক। 

দৈনিক ৫-৫-৫ সূত্ৰ ব্যৱহাৰ কৰিব লাগে। আপোনাৰ চৌপাশৰ যিকোনো পাঁচটা বস্তুৰ কথা ভাবিবলৈ আৰম্ভ কৰক। কিছু সময় ধ্যান কৰি চৌপাশৰ ৫ টা শব্দ শুনিবলৈ চেষ্টা কৰক আৰু শৰীৰৰ যিকোনো ৫ অংশ লৰচৰ কৰক। ইয়াৰ দ্বাৰা আপুনি সকাহ পাব। লাহে লাহে দেখিব যে আপোনাৰ মানসিক চাপ দূৰ হ’বলৈ আৰম্ভ কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক