--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাজ্যত শিশু সুৰক্ষা আইন আৰু প্ৰশাসনে যিমানেই কঠোৰ হৈ শিশু শ্ৰমিক নিয়োগৰ ক্ষেত্ৰত বিভিন্ন প্ৰান্তত সজাগতা সভা অনুষ্ঠিত কৰি আহিছে, কিন্তু সকলোবোৰ ভৰিৰে মোহাৰি একাংশ মালিক পক্ষই শিশু শ্ৰমিক নিয়োগ কৰি অহা কাৰ্যই চিন্তিত কৰি তুলিছে সচেতন মহলক।

ডিজিটেল ডেস্কঃ ভেৰগাঁৱৰ বামুণজুলিত শিশু শ্ৰমিক আইন উলংঘা কৰি ভৰিৰে মোহাৰি পেলাইছে একাংশ ব্যক্তিগত চাহ ফেক্টৰীৰ মালিকপক্ষই। ৫০০ টকাৰ বিনিময়ত দৈনিক ১২ ঘণ্টাকৈ ১৩/১৪ বছৰীয়া শিশু শ্ৰমিক নিয়োজিত কৰি অহাৰ অভিযোগ বামুণজুলি চাহ উদ্যোগত।


ৰাজ্যত শিশু সুৰক্ষা আইন আৰু প্ৰশাসনে যিমানেই কঠোৰ হৈ শিশু শ্ৰমিক নিয়োগৰ ক্ষেত্ৰত বিভিন্ন প্ৰান্তত সজাগতা সভা অনুষ্ঠিত কৰি আহিছে, কিন্তু সকলোবোৰ ভৰিৰে মোহাৰি একাংশ মালিক পক্ষই শিশু শ্ৰমিক নিয়োগ কৰি অহা কাৰ্যই চিন্তিত কৰি তুলিছে সচেতন মহলক।


ভেৰগাঁৱৰ ডিমাকুছিত ব্যক্তিগত চাহ কোম্পানীত শিশু শ্ৰমিক নিয়োগ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত বামুণজুলি চাহ উদ্যোগ প্ৰাইভেট লিমিটেড নামৰ চাহ ফেক্টৰীটোত দীৰ্ঘদিন ধৰি শিশু শ্ৰমিক ব্যৱহাৰ কৰি অহাৰ অভিযোগ উঠিছে। বামুণজুলি চাহ বাগিছাৰ ১৩ /১৪ বছৰীয়া একাংশ শিশুক কোম্পানীটোৱে সম্পূৰ্ণ নীতিবৰ্হিভূতভাৱে ৫০০ টকাৰ বিনিময়ত ১২ ঘন্টাকৈ কাম কৰাই আহিছে ।


কোম্পানীটোৰ এই অনৈতিক কৰ্ম পোহৰলৈ আহে ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু ডিমাকুছি, বামুণজুলি আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ এক অভিযানত । সংগঠনটোৱে বামুণজুলি চাহ উদ্যোগ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোত অতৰ্কিতে অভিযান চলাই ৫ জনকৈ শিশু শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হ’য় । দীৰ্ঘদিন কোম্পানীটোৱে জনচক্ষুৰ অলক্ষিতে এই সকল শিশু শ্ৰমিকক ব্যৱহাৰ কৰি অহাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে আছাই কোম্পানীৰ কৰ্তৃপক্ষক জৱাবদিহি কৰে।


একাংশ অনা অসমীয়া লোকে বিভিন্ন কোম্পানী খুলি স্থানীয় থলুৱা লোকৰ শিশুসকলক টকাৰ প্ৰলোভনেৰে কামত লগাই অসমীয়া জাতিক পংগু কৰাৰ অভিসন্ধি ৰচাৰ অভিযোগ তুলিছে আছা আৰু স্থানীয় সচেতন মহলে ৷ বামুণজুলি চাহ উদ্যোগ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী ৰাজেশ জালান আৰু পৰিচালক অৰজিৎ দাসক ভৱিষ্যতে এনে অনৈতিক কাৰ্য্যত লিপ্ত নহ’বলৈ সকীয়াই দিছে আছাৰ ওদালগুৰি জিলা সমিতিয়ে । পৰৱৰ্তী সময়ত আছাই ডিমাকুছি আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰা শিশুকেইটিক ওদালগুৰি জিলা শিশু সুৰক্ষা বিভাগত হস্তান্তৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন