--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাজ্যত শিশু সুৰক্ষা আইন আৰু প্ৰশাসনে যিমানেই কঠোৰ হৈ শিশু শ্ৰমিক নিয়োগৰ ক্ষেত্ৰত বিভিন্ন প্ৰান্তত সজাগতা সভা অনুষ্ঠিত কৰি আহিছে, কিন্তু সকলোবোৰ ভৰিৰে মোহাৰি একাংশ মালিক পক্ষই শিশু শ্ৰমিক নিয়োগ কৰি অহা কাৰ্যই চিন্তিত কৰি তুলিছে সচেতন মহলক।

ডিজিটেল ডেস্কঃ ভেৰগাঁৱৰ বামুণজুলিত শিশু শ্ৰমিক আইন উলংঘা কৰি ভৰিৰে মোহাৰি পেলাইছে একাংশ ব্যক্তিগত চাহ ফেক্টৰীৰ মালিকপক্ষই। ৫০০ টকাৰ বিনিময়ত দৈনিক ১২ ঘণ্টাকৈ ১৩/১৪ বছৰীয়া শিশু শ্ৰমিক নিয়োজিত কৰি অহাৰ অভিযোগ বামুণজুলি চাহ উদ্যোগত।


ৰাজ্যত শিশু সুৰক্ষা আইন আৰু প্ৰশাসনে যিমানেই কঠোৰ হৈ শিশু শ্ৰমিক নিয়োগৰ ক্ষেত্ৰত বিভিন্ন প্ৰান্তত সজাগতা সভা অনুষ্ঠিত কৰি আহিছে, কিন্তু সকলোবোৰ ভৰিৰে মোহাৰি একাংশ মালিক পক্ষই শিশু শ্ৰমিক নিয়োগ কৰি অহা কাৰ্যই চিন্তিত কৰি তুলিছে সচেতন মহলক।


ভেৰগাঁৱৰ ডিমাকুছিত ব্যক্তিগত চাহ কোম্পানীত শিশু শ্ৰমিক নিয়োগ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত বামুণজুলি চাহ উদ্যোগ প্ৰাইভেট লিমিটেড নামৰ চাহ ফেক্টৰীটোত দীৰ্ঘদিন ধৰি শিশু শ্ৰমিক ব্যৱহাৰ কৰি অহাৰ অভিযোগ উঠিছে। বামুণজুলি চাহ বাগিছাৰ ১৩ /১৪ বছৰীয়া একাংশ শিশুক কোম্পানীটোৱে সম্পূৰ্ণ নীতিবৰ্হিভূতভাৱে ৫০০ টকাৰ বিনিময়ত ১২ ঘন্টাকৈ কাম কৰাই আহিছে ।


কোম্পানীটোৰ এই অনৈতিক কৰ্ম পোহৰলৈ আহে ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু ডিমাকুছি, বামুণজুলি আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ এক অভিযানত । সংগঠনটোৱে বামুণজুলি চাহ উদ্যোগ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোত অতৰ্কিতে অভিযান চলাই ৫ জনকৈ শিশু শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হ’য় । দীৰ্ঘদিন কোম্পানীটোৱে জনচক্ষুৰ অলক্ষিতে এই সকল শিশু শ্ৰমিকক ব্যৱহাৰ কৰি অহাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে আছাই কোম্পানীৰ কৰ্তৃপক্ষক জৱাবদিহি কৰে।


একাংশ অনা অসমীয়া লোকে বিভিন্ন কোম্পানী খুলি স্থানীয় থলুৱা লোকৰ শিশুসকলক টকাৰ প্ৰলোভনেৰে কামত লগাই অসমীয়া জাতিক পংগু কৰাৰ অভিসন্ধি ৰচাৰ অভিযোগ তুলিছে আছা আৰু স্থানীয় সচেতন মহলে ৷ বামুণজুলি চাহ উদ্যোগ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী ৰাজেশ জালান আৰু পৰিচালক অৰজিৎ দাসক ভৱিষ্যতে এনে অনৈতিক কাৰ্য্যত লিপ্ত নহ’বলৈ সকীয়াই দিছে আছাৰ ওদালগুৰি জিলা সমিতিয়ে । পৰৱৰ্তী সময়ত আছাই ডিমাকুছি আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰা শিশুকেইটিক ওদালগুৰি জিলা শিশু সুৰক্ষা বিভাগত হস্তান্তৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভুৱা কৃষকে সৰকালে প্ৰধানমন্ত্ৰীৰ অভিলাষী আঁচনিৰ ৫৬৭ কোটি টকা
ছট্টিশগড়ত ৪১ মাওবাদী সদস্যৰ অস্ত্ৰ-সম্বৰণ
দেশৰ বৈচিত্র্যৰ মাজত সংবিধানখনে একতাৰ আদর্শ দেখুৱাই আহিছেঃ মমতা বেনাৰ্জী
শ্বেয়াৰ বজাৰৰ উত্থান, ৬ লাখ কোটি টকা লাভ বিনিয়োগকাৰীৰ
UPI পেমেণ্টত প্ৰাথমিক বেংক একাউণ্ট ব্যৱহাৰে বৃদ্ধি কৰে ডিজিটেল জালিয়াতিৰ আশংকা : গোপাল ভিট্টাল
কাৰাগাৰত ইমৰান খানক 'হত্যা'ৰ বাতৰিক লৈ উত্তাল পাকিস্তান
পানীত তিয়াই থোৱা কিচমিচৰ আছে অনেক চমৎকাৰী গুণ! আপুনি বাৰু এনেকৈ খায়নে?
বাংলাদেশত ভূমিকম্পত ৬জনৰ মৃত্যু; অসম,পশ্চিমবংগকো গ'ল জোকাৰি
হাছিনাক ভাৰতৰ পৰা প্ৰত্যর্পণৰ বাবে সহায় ল'ব ইণ্টাৰপলৰ
দিল্লী বিস্ফোৰণৰ গোচৰত বিস্ফোৰক তথ্য ; আটা প্ৰস্তুত কৰা মেচিনেৰে তৈয়াৰ কৰা হৈছিল বোমা
ভাৰতীয় মহিলাক জিহাদী প্ৰশিক্ষণৰ বাবে জৈছৰ অনলাইন পাঠ্যক্রম, পোহৰলৈ আহিছে পাকিস্তানী সন্ত্রাসবাদীৰ ভয়ংকৰ ষড়যন্ত্ৰ
তিতাবৰৰ ভগনীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা ; এপে'ৰ খুন্দাত মৃত্যু এজন লোকৰ
জলবায়ু পৰিৱৰ্তনে বিপদ মাতিছে অসমলৈ, ২৭৩ দিনৰ ভিতৰত ১১৩ দিনেই সম্মুখীন হৈছে চৰম দুৰ্যোগৰ
হঠাৎ কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হ’ল তেজছ যুঁজাৰু বিমান ?