--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাস্তুশাস্ত্ৰত বহু গছ-গছনি ৰোপণৰ কথা উল্লেখ আছে, কিছুমান গছ ৰোপণৰ ফলত ঘৰত ধনাত্মক শক্তি সঞ্চাৰ হৈ ঋণাত্মকতা ধ্বংস কৰে। আনহাতে, কিছুমান উদ্ভিদে ঘৰৰ বাস্তুদোষ দূৰ কৰি সুখ-সমৃদ্ধি বৃদ্ধিৰ লগতে আৰ্থিক সমস্যাও লাঘৱ কৰে।

 জ্যোতিষশাস্ত্ৰৰ মতে অপৰাজিতা ফুল ভগৱান শিৱ, ভগৱান বিষ্ণু, মালক্ষ্মী আৰু শনিদেৱৰ পূজাত ব্যৱহাৰ কৰা হয়। অপৰাজিতা ফুলৰ বহু উপকাৰ বাস্তুশাস্ত্ৰত বৰ্ণনা কৰা হৈছে। অপৰাজিতা ফুলে ঘৰত ধনাত্মক শক্তি সঞ্চাৰ কৰে বুলি বিশ্বাস কৰা হয়। ঘৰত অপৰাজিতা ফুলৰ গছ মালক্ষ্মী সন্তুষ্ট হয় আৰু পৰিয়ালত সুখ-সমৃদ্ধিয়ে বিৰাজ কৰকে। সেয়েহে ঘৰৰ কোন দিশত এই গছ ৰোপণ কৰাটো শুভ জানি লওক।

 অপৰাজিতা ফুল ৰোপণৰ উপকাৰিতা-

বাস্তু বিশেষজ্ঞৰ মতে অপৰাজিতা ফুল বিষ্ণুপ্ৰিয়া, বিষ্ণুকান্ত আদি নামেৰে জনা যায়। কোৱা হয় যে অপৰাজিতা উদ্ভিদত ধনৰ দেৱী মালক্ষ্মী সৈতে সম্পৰ্কিত। সেইবাবেই যদি ঘৰত সঠিক দিশত ৰখা হয়, তেতিয়া আৰ্থিক সংকটৰ পৰা ঘৰখন মুক্ত হয়। কোৱা হয় যে অপৰাজিতা ফুল শুভ আৰু পূজাযোগ্য আৰু ইয়াক ঘৰত ৰোপণ কৰিলে ঘৰৰ পৰিৱেশ শান্ত হৈ থাকে।

 শনিদেৱৰ দোষ দূৰ কৰে-

ভগৱান বিষ্ণু মালক্ষ্মীৰ আশীৰ্বাদ পাবলৈ অপৰাজিতা ফুল গছ ৰোপণ কৰিবলৈ পৰামৰ্শ দিয়া হয়। যদি কোনো ব্যক্তিৰ ৰাশিত শনিৰ অৱস্থা দুৰ্বল হয়, তেন্তে অপৰাজিতা গছ তাৰ বাবে অতি উপকাৰী। ইয়াৰ দ্বাৰা শনিদেৱৰ ক্ৰোধ শান্ত কৰিব পাৰি। কেৱল এয়াই নহয়, ই পৰিয়ালৰ লোকসকলৰ মনবোৰ সুস্থিৰ কৰি ৰাখে আৰু ঘৰখনত ইতিবাচকতাই বিৰাজ কৰাৰ লগতে ব্যক্তিৰ সকলো কাম সফল হৈ উঠে।

 কোন দিশত ৰোপণ কৰিব লাগে-

বাস্তু বিশেষজ্ঞৰ মতে যিকোনো বস্তু সঠিক দিশত থাকিলেহে শুভ ফল পোৱা যায়। অপৰাজিতা ফুল গছৰ উপকাৰৰ বাবে ঘৰৰ পূব, উত্তৰ বা উত্তৰ-পূব দিশত ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়। ঘৰৰ মূল দুৱাৰৰ সোঁফালে ৰোপণ কৰিব লাগে। একে সময়তে বৃহস্পতি আৰু শুকুৰবাৰে ৰোপণ কৰাটো অতি শুভ মনা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক