--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দুধৰ্মত পূজা, উপবাস আৰু আচাৰ-অনুষ্ঠানৰ বিশেষ গুৰুত্ব আছে। ঈশ্বৰৰ উপসনা কৰিলে এজন ব্যক্তিয়ে বিশ্বাস, শ্ৰদ্ধাৰ লগতে তেওঁ লৌকিক ভ্ৰম পাহৰি আধ্যাত্মিক জগতত উপনীত হয়। ইয়াৰ ফলত মনত শান্তি আৰু সুখ পোৱা যায়। কিন্তু সঠিক পদ্ধতি আৰু নিয়মৰ মাজেৰে কৰিলেহে পূজাৰ ফল পোৱা যায়।

 আমি সকলোৱে ঈশ্বৰক পূজা কৰাৰ পাছতো ইয়াৰ ফল নাপাওঁ। দৰাচলতে পূজাৰ সময়ত জানি বা অজানিতে কৰা কিছুমান ভুলৰ বাবেই এই সকলোবোৰ ঘটে। সেইবাবেই আমি পূজাৰ সম্পূৰ্ণ ফল নাপাওঁ। সেইদৰে ভুল পদ্ধতিৰে কৰা পূজাও দুৰ্ভাগ্যৰ কাৰণ হৈ পৰে। পূজাৰ সময়ত কি কি কথা মনত ৰাখিব লাগে জানি লওক।

 পূজাৰ সময়ত এইবোৰ কথা মনত ৰাখিব-

* কেতিয়াও থিয় হৈ পূজা কৰিব নালাগে। খালী মজিয়াত বহিও পূজা কৰিব নালাগে। পূজা কৰাৰ আগতে মজিয়াত আসন পাৰি কেৱল আসনত বহিহে পূজা কৰিব লাগে।

* মূৰ ঢাকি নোলোৱাকৈও পূজা কৰা উচিত নহয়। মূৰ ঢাকি নোলোৱাকৈ পূজা কৰিলে তাৰ ফল নাপায় বুলি বিশ্বাস কৰা হয়। পূজাৰ সময়ত মূৰ ঢাকিলেহে ঈশ্বৰৰ প্ৰতি ভক্তি প্ৰকাশ পায়। পূজাৰ সময়ত মূৰ ঢাকি ৰখাৰ বাবেও ধৰ্মীয় কাৰণৰ লগতে বৈজ্ঞানিক কাৰণো আছে। সেইবাবেই পূজাৰ সময়ত মহিলা বা পুৰুষে মূৰ ঢাকি ল’ব লাগে।

* পূজাস্থলী ঘৰৰ মজিয়াৰ পৰা অলপ ওপৰত হ’ব লাগে। কাৰণ ঈশ্বৰ অতুলনীয় আৰু শ্ৰেষ্ঠ, গতিকে তেওঁক নিজৰ সমতুল্যত পূজা নকৰিব। উপাসনাৰ বাবে মজিয়াতকৈ ওখ পদত বা ঠাইত ঈশ্বৰক প্ৰতিষ্ঠা কৰিব লাগে।

* পূজা কৰাৰ সময়ত আপোনাৰ মুখখন পূব দিশে থাকিব লাগে। পূজাৰ সময়ত জ্বলোৱা ঘীৰ চাকি বাওঁফালে ৰাখিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক