--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দুধৰ্মত প্ৰতিটো দিনেই যিকোনো এজন দেৱতাৰ নামত উৎসৰ্গিত। গতিকে দেওবাৰৰ দিনটো সূৰ্য্য দেৱতাৰ পূজা কৰা হয়। এই দিনটোত ভগৱান সূৰ্য্যৰ পূজা কৰা ব্যক্তিয়ে যশ, সাহস আৰু সুস্থ জীৱন লাভ কৰে। ধৰ্মীয় গুৰুত্বৰ লগতে জ্যোতিষশাস্ত্ৰতো সূৰ্য্য দেৱতাৰ গুৰুত্ব অতি বেছি। কাৰণ জ্যোতিষশাস্ত্ৰত সূৰ্য্যক সকলো গ্ৰহৰ ৰজা বুলি কোৱা হয়। আনহাতে হিন্দুধৰ্মত সূৰ্যদেৱক পঞ্চদেৱৰ অন্যতম বুলি গণ্য কৰা হয়। কেৱল সূৰ্য্যৰ পোহৰৰ বাবেই পৃথিৱীত জীৱন আছে। সেইবাবেই সূৰ্য্যদেৱক পূজা কৰিলে আধ্যাত্মিক উপকাৰ পোৱাৰ লগতে ব্যক্তিজনে সমাজত প্ৰতিষ্ঠা লাভ কৰে।

 বিশ্বাস অনুসৰি নিয়মীয়াকৈ দেওবাৰে ভগৱান সূৰ্য্যক পূজা কৰিলে তেওঁৰ বিশেষ আশীৰ্বাদ পোৱা যায়। সেয়েহে দেওবাৰে তামৰ পাত্ৰত ফুল, অক্ষত, পানী, চেনি আৰু সেন্দূৰ মিহলি পানীৰে সূৰ্য্যদেৱক অৰ্ঘ্য প্ৰদান কৰি মন্ত্ৰো জপ কৰিব পাৰে।

 সূৰ্য্য ঈশ্বৰৰ শক্তিশালী ৫ মন্ত্ৰৰ বিষয়ে জানি লওক-

 ১. ওম হ্ৰাং মিত্ৰায় নম: (ॐ हृां मित्राय नम:)

সুস্থ জীৱনৰ বাবে সূৰ্য্যদেৱক পানী আগবঢ়াই এই মন্ত্ৰ জপ কৰক। ইয়াৰ ফলত কাম কৰাৰ ক্ষমতা বৃদ্ধি পায় আৰু সফলতা লাভ কৰে।

 ২. ওম আম সূৰ্য্য নমঃ (ॐ हूं सूर्याय नम:)

দেওবাৰে কমেও ১০৮বাৰ এই মন্ত্ৰ জপ কৰক। ইয়াৰ ফলত মানসিক শান্তি পোৱা যায় আৰু বুদ্ধিমত্তা বৃদ্ধি পায়।

৩. ওম হ্ৰাং হিৰণ্যগৰ্ভায় নমঃ (ॐ ह्रां हिरण्यगर्भाय नमः)

পঢ়া-শুনা বা যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীয়ে এই মন্ত্ৰ জপ কৰিব লাগিব। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক, বৌদ্ধিক আৰু মানসিক শক্তিৰ বিকাশ ঘটে।

 ৪. ওম হৃ: পুষণে নমঃ (ॐ हृ: पूषणे नम:)

সূৰ্য্যদেৱক এই শক্তিশালী মন্ত্ৰ জপ কৰি মানুহ ধাৰ্মিক হোৱাৰ লগতে আত্মবিশ্বাস আৰু ধৈৰ্য্যও বৃদ্ধি পায়।

 ৫. ওম সাবিত্ৰে নমঃ (ॐ सवित्रे नमः)

এই মন্ত্ৰ জপ কৰিলে সূৰ্য্যদেৱৰ বিশেষ আশীৰ্বাদ পোৱাৰ লগতে সমাজত সন্মান বৃদ্ধিৰ বাবে উপকাৰী।

 এই নিয়মসমূহ মানি চলক-

হিন্দুশাস্ত্ৰ মতে দেওবাৰে সূৰ্য্যদেৱৰ মন্ত্ৰ জপ কৰাৰ সময়ত মনত ৰাখিব যে মন্ত্ৰবোৰ শুদ্ধকৈ জপ কৰিব লাগে। লগতে এই দিনটোত পূজা-পাতলত গোলাপী বা কেশৰ ৰঙৰ কাপোৰ পিন্ধাটোও শুভ। দেওবাৰে মাংস, মদ আৰু নিমখ সেৱন কৰিব লাগে। ৰাশিত সূৰ্য্য গ্ৰহৰ স্থান শক্তিশালী কৰিবলৈ দেওবাৰে দৰিদ্ৰ বা আৰ্তজনক ৰঙা ফুল, কাপোৰ, গুড়, তামৰ সামগ্ৰী আৰু ঘেঁহু ইত্যাদি দান কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক