--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাত্মা গান্ধীৰ চৰণত শৰণ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শনিবাৰে জাপানৰ হিৰোচিমাত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উদ্বোধন কৰে মোদীয়ে।

টুইটাৰত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিটোক প্ৰণাম কৰি শ্ৰদ্ধাঞ্জলি জনোৱা এখন ছবি শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে।  ছবিখনৰ লগতে প্ৰধানমন্ত্ৰীয়ে টুইটাৰত লিখিছে, “হিৰোচিমাত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰিলোঁ। হিৰোচিমাৰ এই আৱক্ষ মূৰ্তিটোৱে বিশ্ববাসীক এটা অতি গুৰুত্বপূৰ্ণ বাৰ্তা দিব। গান্ধীৰ শান্তি আৰু সম্প্ৰীতিৰ আদৰ্শ বিশ্বজুৰি প্ৰতিধ্বনিত হয় আৰু লাখ লাখ লোকক শক্তি প্ৰদান কৰে।’’

উল্লেখ্য যে, জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাৰ আমন্ত্ৰণত শুকুৰবাৰে জাপানৰ হিৰোছিমাত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী।

মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোডীয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে আজিও ‘হিৰোচিমা’ শব্দ শুনিলে সকলোৱে ভয় খাই উঠে। হিৰোচিমাত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিয়ে অহিংসাৰ ধাৰণা আগবঢ়াই নিব।”

নৰেন্দ্ৰ মোডীয়ে লগতে উল্লেখ কৰে যে জাপানৰ প্ৰধানমন্ত্ৰীক তেওঁ উপহাৰ হিচাপে দিয়া বোধি গছৰ পুলিটো হিৰোচিমাত ৰোপণ কৰা হৈছে। এই গছজোপাই ইয়ালৈ অহা মানুহক শান্তিৰ গুৰুত্ব সোঁৱৰাই দিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস