--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিদিনীয়া বিদেশ ভ্ৰমণৰ কাৰ্যসূচীলৈ বিদেশলৈ যাত্ৰা কৰিছে মোদীয়ে৷ বিদেশ যাত্ৰাৰ আৰম্ভনিতে মোদীয়ে শনিবাৰে উপস্থিত হয় জাপানৰ হিৰোশ্বিমাত৷ হিৰোশ্বিমাত আজি এগৰাকী জাপানী শিল্পীয়ে প্ৰধানমন্ত্ৰী মোদীক এক অনন্য শিল্পকৰ্ম উপহাৰ হিচাবে দিয়ে।সেই উপহাৰ লাভ কৰি অভিভূত হৈ পৰে প্ৰধানমন্ত্ৰী মোদী৷ 

উপহাৰ গ্ৰহণ কৰি মোদীয়ে কয় "মই ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা এজন সন্মানীয় শিল্পী হিৰোকো তাকায়ামাক লগ পাইছিলো, যিয়ে ভাৰত আৰু জাপানৰ মাজত সাংস্কৃতিক সম্পৰ্ক বঢ়াবলৈ নিৰন্তৰ  কাম কৰি আছে। তেওঁ তেওঁৰ এক বিশেষ শিল্পকৰ্ম  মোক উপহাৰ হিচাবে দিছে৷’’ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে জাপানৰ হিৰোছিমাত প্ৰখ্যাত জাপানী লেখক, হিন্দী আৰু পাঞ্জাৱী ভাষাবিদ পদ্মশ্ৰী ড০ টমিঅ মিজোকামিকো আজি  সাক্ষাৎ কৰে। 

১৯ মে'ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ তিনিখন দেশৰ ভ্ৰমণ কাৰ্যসমচীৰ প্ৰথমতে হিৰোশ্বিমাত উপস্থিত হয়।  প্ৰধানমন্ত্ৰী মোদীয়ে হিৰোশ্বিমাত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে।প্ৰধানমন্ত্ৰীয়ে ২২ মে'ত  পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰী  জেমছ মাৰেপৰ সৈতে আলোচনা কৰিব৷ পাপুৱা নিউ গিনিত প্ৰধানমন্ত্ৰীয়ে পিছদিনা প্ৰশান্ত মহাসাগৰীয় দ্বীপ দেশখনৰ গভৰ্ণৰ জেনেৰেলৰ সৈতেও বৈঠকত মিলিত হ’ব৷

 ইয়াৰ পিছতে অষ্ট্ৰেলিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে দেশ খনৰ নেতা, গুৰুত্বপূৰ্ণ ব্যক্তিত্ব, পণ্ডিত আৰু ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰিব। তেওঁৰ অষ্ট্ৰেলিয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে বহুলোকক  সম্বোধন কৰিব ৷অষ্ট্ৰেলিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে  চিডনীত থকা প্ৰবাসী ভাৰতীয়সকলৰ সভাত ভাগ ল’ব৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী