--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিদিনীয়া বিদেশ ভ্ৰমণৰ কাৰ্যসূচীলৈ বিদেশলৈ যাত্ৰা কৰিছে মোদীয়ে৷ বিদেশ যাত্ৰাৰ আৰম্ভনিতে মোদীয়ে শনিবাৰে উপস্থিত হয় জাপানৰ হিৰোশ্বিমাত৷ হিৰোশ্বিমাত আজি এগৰাকী জাপানী শিল্পীয়ে প্ৰধানমন্ত্ৰী মোদীক এক অনন্য শিল্পকৰ্ম উপহাৰ হিচাবে দিয়ে।সেই উপহাৰ লাভ কৰি অভিভূত হৈ পৰে প্ৰধানমন্ত্ৰী মোদী৷ 

উপহাৰ গ্ৰহণ কৰি মোদীয়ে কয় "মই ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা এজন সন্মানীয় শিল্পী হিৰোকো তাকায়ামাক লগ পাইছিলো, যিয়ে ভাৰত আৰু জাপানৰ মাজত সাংস্কৃতিক সম্পৰ্ক বঢ়াবলৈ নিৰন্তৰ  কাম কৰি আছে। তেওঁ তেওঁৰ এক বিশেষ শিল্পকৰ্ম  মোক উপহাৰ হিচাবে দিছে৷’’ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে জাপানৰ হিৰোছিমাত প্ৰখ্যাত জাপানী লেখক, হিন্দী আৰু পাঞ্জাৱী ভাষাবিদ পদ্মশ্ৰী ড০ টমিঅ মিজোকামিকো আজি  সাক্ষাৎ কৰে। 

১৯ মে'ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ তিনিখন দেশৰ ভ্ৰমণ কাৰ্যসমচীৰ প্ৰথমতে হিৰোশ্বিমাত উপস্থিত হয়।  প্ৰধানমন্ত্ৰী মোদীয়ে হিৰোশ্বিমাত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে।প্ৰধানমন্ত্ৰীয়ে ২২ মে'ত  পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰী  জেমছ মাৰেপৰ সৈতে আলোচনা কৰিব৷ পাপুৱা নিউ গিনিত প্ৰধানমন্ত্ৰীয়ে পিছদিনা প্ৰশান্ত মহাসাগৰীয় দ্বীপ দেশখনৰ গভৰ্ণৰ জেনেৰেলৰ সৈতেও বৈঠকত মিলিত হ’ব৷

 ইয়াৰ পিছতে অষ্ট্ৰেলিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে দেশ খনৰ নেতা, গুৰুত্বপূৰ্ণ ব্যক্তিত্ব, পণ্ডিত আৰু ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰিব। তেওঁৰ অষ্ট্ৰেলিয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে বহুলোকক  সম্বোধন কৰিব ৷অষ্ট্ৰেলিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে  চিডনীত থকা প্ৰবাসী ভাৰতীয়সকলৰ সভাত ভাগ ল’ব৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস