--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ প্ৰাক্তন পৰিবহণ মন্ত্ৰী তথা আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা কৈলাশ গেহলটে ১৭ নৱেম্বৰত আপৰ সদস্যপদ ত্যাগ কৰা খবৰে সৰ্বত্ৰ চৰ্চিত হৈ থকাৰ সময়তে সোমবাৰে পুৱা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে কৈলাশ গেহলটে৷দিল্লী বিধানসভা নিৰ্বাচনৰ ঠিক আগে আগে কৈলাশ গেহলটে বিজেপিত যোগদান কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷

এয়া স্পষ্ট হৈ পৰিছে যে আগন্তুক নিৰ্বাচনত আম আদমি পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত প্ৰতিদ্বন্দ্বিতা তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে। কিয়নো বিগত সময়ছোৱাত অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত আছিল কৈলাশ গেহলট। আপৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ লগতো তেওঁ সদায় জড়িত আছিল। কেজৰিৱাল তিহাৰ জেললৈ যোৱাৰ সময়ত তেতিয়া দলৰ মূল সদস্য হিচাপে গেহলটৰ নাম লোৱা হৈছিল৷ কেজৰিৱালৰ পদত্যাগৰ সময়তো গেহলটক দলৰ সভাপতি পদৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে গণ্য কৰা হৈছিল।

তেওঁ বিজেপিত যোগদান কৰাৰ পিছত কয় যে, এয়া তেওঁৰ বাবে সহজ পদক্ষেপ নাছিল। তেওঁ আন্না হাজাৰেৰ নেতৃত্বত আৰম্ভ হোৱা দুৰ্নীতি বিৰোধী আন্দোলনৰ সৈতে জড়িত আছিল আৰু তেতিয়াৰ পৰাই আম আদমি পাৰ্টিৰ অংশ হৈ পৰিছিল৷

গেহলটৰ এই সিদ্ধান্তক লৈ বহু চৰ্চা চলি আছে যদিও, তেওঁ এইটোও স্পষ্ট কৰি দিয়ে যে চিবিআই আৰু ইডিৰ হেঁচাত তেওঁ এই পদক্ষেপ লোৱা বুলি প্ৰচাৰিত খবৰ সঁচা নহয়। তেওঁ স্পষ্টভাৱে কৈছে তেওঁ কোনোধৰণৰ ধৰণৰ হেঁচাত এই সিদ্ধান্ত গ্ৰহণ কৰা নাই৷ তেওঁৰ চিন্তাধাৰা আৰু ৰাজনৈতিক মতাদৰ্শ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে৷

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দুবাৰকৈ বিধায়ক হোৱা বিজেপিৰ নেতা অনিল ঝাই আজি আপত যোগদান সময়তে গেহলটৰ এই সিদ্ধান্ত বিশেষ তাৎপৰ্য্যপূৰ্ণ হৈ পৰিছে। দিল্লীৰ ৰাজনীতিতো এয়া এক বৃহৎ পৰিৱৰ্তন তথা আগন্তুক নিৰ্বাচনত নতুন সমীকৰণৰ দেখিবলৈ পোৱা যাব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ