--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজনীতিত এতিয়া জাতিভিত্তিক গণনাৰ চৰ্চা। শেহতীয়াকৈ জাতিভিত্তিক সমীক্ষা প্ৰকাশ কৰিছে বিহাৰ চৰকাৰে। জাতিভিত্তিক সমীক্ষা প্ৰকাশ কৰা দেশৰ প্ৰথমখন ৰাজ্যত পৰিণত হৈছে বিহাৰ। 

ইয়াৰ পাছতেই আন একাংশ বিৰোধীশাসিত ৰাজ্যত আৰম্ভ হৈছে জাতিভিত্তিক গণনাৰ কুচকাৱাজ। বিহাৰৰ পাছত ওড়িশাতো তৎপৰতা চলিছে জাতিভিত্তিক সমীক্ষাৰ। ওড়িশাৰ মুখ্যমন্ত্ৰী নৱীন পাটনায়কে জাতিভিত্তিক সমীক্ষা প্ৰকাশ কৰিব বুলি ঘোষণা কৰিছে। ইয়াৰ পাছতেই ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও জাতিভিত্তিক সমীক্ষাৰ পোষকতা কৰিছে। নিৰ্বাচনৰ পূৰ্বেই জাতিভিত্তিক সমীক্ষা প্ৰকাশৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজস্থান চৰকাৰে। 

শনিবাৰে জয়পুৰত সাংবাদিকৰে হোৱা কথা-বতৰাত এই কথা প্ৰকাশ কৰে অশোক গেহলটে। জাতিভিত্তিক গণনা নহয় বৰঞ্চ সমীক্ষাহে চলাব ৰাজস্থান চৰকাৰে। ইয়াৰদ্বাৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ আৰ্থিক স্থিতি সম্পৰ্কত জানিব পাৰিব চৰকাৰে। এয়া কংগ্ৰেছৰ দায়বদ্ধতা বুলি উল্লেখ কৰিলে ৰাজস্থানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সমীক্ষা প্ৰকাশ পোৱাৰ পাছতেই আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ লোকসকলে ঘৰতে বহি চৰকাৰী সুবিধা লাভ কৰিব বুলি মন্তব্য গেহলটৰ। 

উল্লেখ্য যে বিহাৰে জাতিভিত্তিক সমীক্ষা প্ৰকাশ কৰাৰ পাছতেই দেশৰ ৰাজনীতিত সৃষ্টি হৈছিল মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। একাংশ বিৰোধীশাসিত ৰাজ্যই জাতিভিত্তিক সমীক্ষাক বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক অস্ত্ৰ হিচাপে ল’ব বিচাৰিছে। বিহাৰৰ পাছত ওড়িশাতো বিৰোধী দলসমূহে দাবী উত্থাপন কৰিছে জাতিভিত্তিক সমীক্ষাৰ। যাৰ পৰিণতিত মুখ্যমন্ত্ৰী নৱীন পাটনায়কে আশ্বাস দিছিল শীঘ্ৰেই জাতিভিত্তিক সমীক্ষা প্ৰকাশ কৰাৰ। 

উল্লেখ্য যে দেশৰ ৰাজনীতিত শেহতীয়াকৈ উচ্চাৰিত হৈছে জাতিগত গণনাৰ প্ৰসংগ। এই ক্ষেত্ৰত বিশেষকৈ সোচ্চাৰ হোৱা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক। ৫ ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰতো কংগ্ৰেছ নেতাগৰাকীয়ে জোৰদাৰ ৰূপত উত্থাপন কৰিছে জাতিগত গণনাৰ প্ৰসংগ। ঠিক সেইদৰে কংগ্ৰেছৰ লগতে DMK, সমাজবাদী পাৰ্টী, RJD আদি বিৰোধী দলসমূহেও উত্থাপন কৰিছে জাতিগত গণনাৰ প্ৰসংগ। 

কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰেই জাতিগত গণনা সম্পন্ন কৰাৰ দাবী জনাইছে দেশৰ বিৰোধী দলসমূহে। লোকসভা নিৰ্বাচনৰ পূৰ্বে যে এই দাবী অধিক তীব্ৰতৰ হ’ব সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে। তেনে সময়তে ইখনৰ পাছত সিখন ৰাজ্য চৰকাৰ তৎপৰ হৈ পৰিছে জাতিগত সমীক্ষা প্ৰকাশ কৰাক লৈ। বিপৰীতে বিজেপিয়ে আজিপৰ্যন্ত জাতিভিত্তিক সমীক্ষাক লৈ দেখুওৱা নাই কোনো আগ্ৰহ। 

বিজেপিৰ অভিযোগ, বিৰোধীয়ে জাতিভিত্তিক সমীক্ষাক লৈ ৰাজনীতিৰ আশ্ৰয় লৈছে। ৰাজনৈতিক সমাবেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো বিৰোধীৰ এই নীতিক তীব্ৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। দেশৰ ৰাজনীতিত আৱিৰ্ভাৱ ঘটা জাতিভিত্তিক সমীক্ষাই অনাগত দিনত কোন দলক লাভান্বিত কৰে সেয়া সময়ত হৈ পৰিব লক্ষণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ