--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজনীতিত এতিয়া জাতিভিত্তিক গণনাৰ চৰ্চা। শেহতীয়াকৈ জাতিভিত্তিক সমীক্ষা প্ৰকাশ কৰিছে বিহাৰ চৰকাৰে। জাতিভিত্তিক সমীক্ষা প্ৰকাশ কৰা দেশৰ প্ৰথমখন ৰাজ্যত পৰিণত হৈছে বিহাৰ। 

ইয়াৰ পাছতেই আন একাংশ বিৰোধীশাসিত ৰাজ্যত আৰম্ভ হৈছে জাতিভিত্তিক গণনাৰ কুচকাৱাজ। বিহাৰৰ পাছত ওড়িশাতো তৎপৰতা চলিছে জাতিভিত্তিক সমীক্ষাৰ। ওড়িশাৰ মুখ্যমন্ত্ৰী নৱীন পাটনায়কে জাতিভিত্তিক সমীক্ষা প্ৰকাশ কৰিব বুলি ঘোষণা কৰিছে। ইয়াৰ পাছতেই ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও জাতিভিত্তিক সমীক্ষাৰ পোষকতা কৰিছে। নিৰ্বাচনৰ পূৰ্বেই জাতিভিত্তিক সমীক্ষা প্ৰকাশৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজস্থান চৰকাৰে। 

শনিবাৰে জয়পুৰত সাংবাদিকৰে হোৱা কথা-বতৰাত এই কথা প্ৰকাশ কৰে অশোক গেহলটে। জাতিভিত্তিক গণনা নহয় বৰঞ্চ সমীক্ষাহে চলাব ৰাজস্থান চৰকাৰে। ইয়াৰদ্বাৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ আৰ্থিক স্থিতি সম্পৰ্কত জানিব পাৰিব চৰকাৰে। এয়া কংগ্ৰেছৰ দায়বদ্ধতা বুলি উল্লেখ কৰিলে ৰাজস্থানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সমীক্ষা প্ৰকাশ পোৱাৰ পাছতেই আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ লোকসকলে ঘৰতে বহি চৰকাৰী সুবিধা লাভ কৰিব বুলি মন্তব্য গেহলটৰ। 

উল্লেখ্য যে বিহাৰে জাতিভিত্তিক সমীক্ষা প্ৰকাশ কৰাৰ পাছতেই দেশৰ ৰাজনীতিত সৃষ্টি হৈছিল মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। একাংশ বিৰোধীশাসিত ৰাজ্যই জাতিভিত্তিক সমীক্ষাক বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক অস্ত্ৰ হিচাপে ল’ব বিচাৰিছে। বিহাৰৰ পাছত ওড়িশাতো বিৰোধী দলসমূহে দাবী উত্থাপন কৰিছে জাতিভিত্তিক সমীক্ষাৰ। যাৰ পৰিণতিত মুখ্যমন্ত্ৰী নৱীন পাটনায়কে আশ্বাস দিছিল শীঘ্ৰেই জাতিভিত্তিক সমীক্ষা প্ৰকাশ কৰাৰ। 

উল্লেখ্য যে দেশৰ ৰাজনীতিত শেহতীয়াকৈ উচ্চাৰিত হৈছে জাতিগত গণনাৰ প্ৰসংগ। এই ক্ষেত্ৰত বিশেষকৈ সোচ্চাৰ হোৱা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক। ৫ ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰতো কংগ্ৰেছ নেতাগৰাকীয়ে জোৰদাৰ ৰূপত উত্থাপন কৰিছে জাতিগত গণনাৰ প্ৰসংগ। ঠিক সেইদৰে কংগ্ৰেছৰ লগতে DMK, সমাজবাদী পাৰ্টী, RJD আদি বিৰোধী দলসমূহেও উত্থাপন কৰিছে জাতিগত গণনাৰ প্ৰসংগ। 

কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰেই জাতিগত গণনা সম্পন্ন কৰাৰ দাবী জনাইছে দেশৰ বিৰোধী দলসমূহে। লোকসভা নিৰ্বাচনৰ পূৰ্বে যে এই দাবী অধিক তীব্ৰতৰ হ’ব সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে। তেনে সময়তে ইখনৰ পাছত সিখন ৰাজ্য চৰকাৰ তৎপৰ হৈ পৰিছে জাতিগত সমীক্ষা প্ৰকাশ কৰাক লৈ। বিপৰীতে বিজেপিয়ে আজিপৰ্যন্ত জাতিভিত্তিক সমীক্ষাক লৈ দেখুওৱা নাই কোনো আগ্ৰহ। 

বিজেপিৰ অভিযোগ, বিৰোধীয়ে জাতিভিত্তিক সমীক্ষাক লৈ ৰাজনীতিৰ আশ্ৰয় লৈছে। ৰাজনৈতিক সমাবেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো বিৰোধীৰ এই নীতিক তীব্ৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। দেশৰ ৰাজনীতিত আৱিৰ্ভাৱ ঘটা জাতিভিত্তিক সমীক্ষাই অনাগত দিনত কোন দলক লাভান্বিত কৰে সেয়া সময়ত হৈ পৰিব লক্ষণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু