--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনৰ ইচ্ছা যদি প্ৰবল হয়, তেন্তে বয়সে কোনো কথাতে বাধা দিব নোৱাৰে। এই কথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে হায়দৰাবাদৰ এগৰাকী ৭৪ বছৰীয়া অৱসৰপ্ৰাপ্ত  কৰ্মচাৰীয়ে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছতো  ৭৪  বছৰ বয়সত, অন্দ্ৰপ্ৰদেশৰ   এগৰাকী প্ৰাক্তন কৰ্মচাৰী কে. চিন্না য়েৰুকুলুয়ে  কম্পিউটাৰ বিজ্ঞানৰ  বি.এছ.চি.পাঠ্যক্ৰমত নামভৰ্তি কৰিছে। 

তেওঁ চৰকাৰী ডিগ্ৰী মহাবিদ্যালয় খাইৰাটাবাদত আসন লাভ কৰিছে। "মই সদায় পঢ়িব বিচাৰিছিলো আৰু সীমাহীন উচ্চতাত উপনীত হ'ব বিচাৰো। কিন্তু সেই সময়ত পাৰিবাৰিক পৰিস্থিতিয়ে মোক বেছি পঢ়িবলৈ অনুমতি দিয়া নাছিল আৰু মই কম বয়সতে চাকৰিত সোমাইছিলো," য়েৰুকুলাই কয়। 
৭৪ বছৰীয়া বৃদ্ধগৰাকীয়ে এ.পি. ট্ৰেন্সকো বিভাগত  লাইনমেনৰ চাকৰি কৰিছিল।

কলেজত নামভৰ্তি কৰাৰ বাবে তেওঁ বয়সৰ উৰ্ধসীমাৰ পৰা আধাৰৰ বিৱৰণলৈকে কেইবাটাও বাধা অতিক্ৰম কৰিবলগীয়া  হৈছিল।অনলাইনত  নামভৰ্তি কৰিব বিচৰা প্ৰাৰ্থীসকলৰ বাবে বয়সৰ যি উৰ্ধসীমা নিৰ্ধাৰণ কৰা আছিল সেয়া  সলনি কৰিবলৈ লোকজনে তেলেংগানা ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ আৰু কলেজিয়েট শিক্ষা আয়ুক্তৰ কাষ চাপিছিল। 

নেচনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ২০২১ চনত বৃত্তিমূলক শাখাত ইণ্টাৰমিডিয়েট সম্পূৰ্ণ কৰে আৰু  বৈদ্যুতিক অভিযান্ত্ৰিকৰ বাবে নামভৰ্তি কৰে। 

"মই এখন চৰকাৰী ডিগ্ৰী মহাবিদ্যালয়ত বিএছচি পাঠ্যক্ৰমত নামভৰ্তি  কৰাৰ সিদ্ধান্ত লৈছিলো। মোৰ সহপাঠী, শিক্ষক আৰু উচ্চ শিক্ষা বিভাগৰ বিষয়াসকলে মোক উৎসাহিত কৰিছিল," য়েৰুকুলাই কয়।

উল্লেখ্য চলিত বৰ্ষতে  ৭৫  বছৰীয়া   কে নাগ চেট্টীয়েও দিলসুখনগৰৰ নবেল ডিগ্ৰী মহাবিদ্যালয়ত বি.এ. পাঠ্যক্ৰমত  নাম ভৰ্তি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু