--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনৰ ইচ্ছা যদি প্ৰবল হয়, তেন্তে বয়সে কোনো কথাতে বাধা দিব নোৱাৰে। এই কথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে হায়দৰাবাদৰ এগৰাকী ৭৪ বছৰীয়া অৱসৰপ্ৰাপ্ত  কৰ্মচাৰীয়ে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছতো  ৭৪  বছৰ বয়সত, অন্দ্ৰপ্ৰদেশৰ   এগৰাকী প্ৰাক্তন কৰ্মচাৰী কে. চিন্না য়েৰুকুলুয়ে  কম্পিউটাৰ বিজ্ঞানৰ  বি.এছ.চি.পাঠ্যক্ৰমত নামভৰ্তি কৰিছে। 

তেওঁ চৰকাৰী ডিগ্ৰী মহাবিদ্যালয় খাইৰাটাবাদত আসন লাভ কৰিছে। "মই সদায় পঢ়িব বিচাৰিছিলো আৰু সীমাহীন উচ্চতাত উপনীত হ'ব বিচাৰো। কিন্তু সেই সময়ত পাৰিবাৰিক পৰিস্থিতিয়ে মোক বেছি পঢ়িবলৈ অনুমতি দিয়া নাছিল আৰু মই কম বয়সতে চাকৰিত সোমাইছিলো," য়েৰুকুলাই কয়। 
৭৪ বছৰীয়া বৃদ্ধগৰাকীয়ে এ.পি. ট্ৰেন্সকো বিভাগত  লাইনমেনৰ চাকৰি কৰিছিল।

কলেজত নামভৰ্তি কৰাৰ বাবে তেওঁ বয়সৰ উৰ্ধসীমাৰ পৰা আধাৰৰ বিৱৰণলৈকে কেইবাটাও বাধা অতিক্ৰম কৰিবলগীয়া  হৈছিল।অনলাইনত  নামভৰ্তি কৰিব বিচৰা প্ৰাৰ্থীসকলৰ বাবে বয়সৰ যি উৰ্ধসীমা নিৰ্ধাৰণ কৰা আছিল সেয়া  সলনি কৰিবলৈ লোকজনে তেলেংগানা ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ আৰু কলেজিয়েট শিক্ষা আয়ুক্তৰ কাষ চাপিছিল। 

নেচনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ২০২১ চনত বৃত্তিমূলক শাখাত ইণ্টাৰমিডিয়েট সম্পূৰ্ণ কৰে আৰু  বৈদ্যুতিক অভিযান্ত্ৰিকৰ বাবে নামভৰ্তি কৰে। 

"মই এখন চৰকাৰী ডিগ্ৰী মহাবিদ্যালয়ত বিএছচি পাঠ্যক্ৰমত নামভৰ্তি  কৰাৰ সিদ্ধান্ত লৈছিলো। মোৰ সহপাঠী, শিক্ষক আৰু উচ্চ শিক্ষা বিভাগৰ বিষয়াসকলে মোক উৎসাহিত কৰিছিল," য়েৰুকুলাই কয়।

উল্লেখ্য চলিত বৰ্ষতে  ৭৫  বছৰীয়া   কে নাগ চেট্টীয়েও দিলসুখনগৰৰ নবেল ডিগ্ৰী মহাবিদ্যালয়ত বি.এ. পাঠ্যক্ৰমত  নাম ভৰ্তি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ