--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানে ‘টাইগাৰ ৩’ ছবিত বিশেষ চৰিত্ৰত অভিনয় কৰিছে। ছলমানৰ সৈতে তেওঁৰ বিশেষ একচন দৃশ্যৰ কাম মুম্বাইৰ যশ ৰাজ ষ্টুডিঅ’ত পূৰ্ণগতিত চলি আছে। শুনা গৈছে যে অহা মাহত দুয়ো খানে ছবিখনৰ বিশেষ দৃশ্যৰ শ্বুটিং কৰিব। প্ৰায় দুসপ্তাহ ধৰি এই শ্বুটিং চলি থাকিব।

‘টাইগাৰ ৩’ ছবিখনত ছলমান আৰু শ্বাহৰুখক কেনেদৰে দেখা যাব তাৰ তথ্যও ফাদিল হৈছে। সূত্ৰ অনুসৰি, ছবিখনত নিৰ্মাতাসকলে দুয়োজন তাৰকাই কাৰাগাৰৰ পৰা পলায়নৰ দৃশ্য এটা ৰাখিছে।

কাহিনীটোত টাইগাৰে জেলৰ পৰা পলায়ন কৰিব লাগিব। বন্ধুক সহায় কৰিবলৈ 'পাঠান’ তাত উপস্থিত হ’ব। কেৱল সেয়াই নহয়, এই বিশেষ দৃশ্যত থাকিব ভাৰতীয় জনপ্ৰিয় জিমনাষ্ট ভৰিন্দৰ সিং। জেলত তেওঁৰ চৰিত্ৰটো হ’ব খলনায়ক। ভৰিন্দৰৰ লগত যুঁজি জেলৰ পৰা পলায়ন কৰিব শ্বাহৰুখ আৰু ছলমান।

বুজা যায় যে ‘পাঠান’ৰ দৰেই ‘টাইগাৰ ৩’ত কেমিঅ’ চৰিত্ৰক গুৰুত্ব দিয়া হৈছে। 'পাঠান’ত ছবিখনৰ এটা গুৰুত্বপূৰ্ণ দৃশ্যত অভিনয় কৰিছিল ছলমানে। ফলত ছবিখন দৰ্শকৰ বাবে অধিক উপভোগ্য হৈ পৰিছিল। একে নীতিৰেই নিৰ্মাতাসকলে ছলমানৰ ছবিখনত শ্বাহৰুখৰ উপস্থিতি ডাঙৰ ৰূপত গঢ়ি তুলিব বিচাৰে।

চলিত বৰ্ষৰ দীপাৱলীত মুক্তি পাব বুলি জনা গৈছে ‘টাইগাৰ ৩’। ছবিখনত টাইগাৰ হিচাপে ঘূৰি আহিছে ছলমান খান। কেটৰিনা কাইফক জোয়াৰ চৰিত্ৰত দেখা যাব। আনহাতে ইমৰাণ হাছমীয়ে এই ছবিখনত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়