--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানে ‘টাইগাৰ ৩’ ছবিত বিশেষ চৰিত্ৰত অভিনয় কৰিছে। ছলমানৰ সৈতে তেওঁৰ বিশেষ একচন দৃশ্যৰ কাম মুম্বাইৰ যশ ৰাজ ষ্টুডিঅ’ত পূৰ্ণগতিত চলি আছে। শুনা গৈছে যে অহা মাহত দুয়ো খানে ছবিখনৰ বিশেষ দৃশ্যৰ শ্বুটিং কৰিব। প্ৰায় দুসপ্তাহ ধৰি এই শ্বুটিং চলি থাকিব।

‘টাইগাৰ ৩’ ছবিখনত ছলমান আৰু শ্বাহৰুখক কেনেদৰে দেখা যাব তাৰ তথ্যও ফাদিল হৈছে। সূত্ৰ অনুসৰি, ছবিখনত নিৰ্মাতাসকলে দুয়োজন তাৰকাই কাৰাগাৰৰ পৰা পলায়নৰ দৃশ্য এটা ৰাখিছে।

কাহিনীটোত টাইগাৰে জেলৰ পৰা পলায়ন কৰিব লাগিব। বন্ধুক সহায় কৰিবলৈ 'পাঠান’ তাত উপস্থিত হ’ব। কেৱল সেয়াই নহয়, এই বিশেষ দৃশ্যত থাকিব ভাৰতীয় জনপ্ৰিয় জিমনাষ্ট ভৰিন্দৰ সিং। জেলত তেওঁৰ চৰিত্ৰটো হ’ব খলনায়ক। ভৰিন্দৰৰ লগত যুঁজি জেলৰ পৰা পলায়ন কৰিব শ্বাহৰুখ আৰু ছলমান।

বুজা যায় যে ‘পাঠান’ৰ দৰেই ‘টাইগাৰ ৩’ত কেমিঅ’ চৰিত্ৰক গুৰুত্ব দিয়া হৈছে। 'পাঠান’ত ছবিখনৰ এটা গুৰুত্বপূৰ্ণ দৃশ্যত অভিনয় কৰিছিল ছলমানে। ফলত ছবিখন দৰ্শকৰ বাবে অধিক উপভোগ্য হৈ পৰিছিল। একে নীতিৰেই নিৰ্মাতাসকলে ছলমানৰ ছবিখনত শ্বাহৰুখৰ উপস্থিতি ডাঙৰ ৰূপত গঢ়ি তুলিব বিচাৰে।

চলিত বৰ্ষৰ দীপাৱলীত মুক্তি পাব বুলি জনা গৈছে ‘টাইগাৰ ৩’। ছবিখনত টাইগাৰ হিচাপে ঘূৰি আহিছে ছলমান খান। কেটৰিনা কাইফক জোয়াৰ চৰিত্ৰত দেখা যাব। আনহাতে ইমৰাণ হাছমীয়ে এই ছবিখনত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক