--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰীক্ষাত প্ৰশ্নৰ উত্তৰ দেখাবলৈ অস্বীকাৰ কৰা বাবেই এজন ছাত্ৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে সহপাঠীয়ে।

জানিব পৰামতে এখন বিদ্যালয়ত অনুষ্ঠিত এছ এছ চি পৰীক্ষাৰ সময়চোৱাত উক্ত ঘটনা সংঘটিত হয়। পৰীক্ষাৰ অন্তত ছাত্ৰজন বিদ্যালয়ৰ পৰা ওলাই অহাত চৌহদৰ ওচৰতে ৩গৰাকী ছাত্ৰই মিলি মেধাৱী ছাত্ৰগৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় ছাত্ৰজন। তেজেৰ লুতুৰি-পুতুৰি হৈ পৰে তেওঁৰ দেহ। 

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কিশোৰ ছাত্ৰজনক বিদ্যালয় চৌহদৰ ওচৰতে পেলাই অপৰাধী ছাত্ৰকেইজন পলাই যায়। আঘাতপ্ৰাপ্ত ছাত্ৰজনক প্ৰত্যক্ষ কৰি বিদ্যালয়খনৰ শিক্ষকে ততালিকে স্থানীয় হাস্পতালত ভৰ্তি কৰায়। ইতিমধ্যে স্থানীয় আৰক্ষীয়ে আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি (আইপিচি) ধাৰা ৩২৪ত এক গোচৰ ৰুজু কৰিছে।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ এখন বিদ্যালয়ত। আৰক্ষীৰ তদন্ত আৰম্ভ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু