--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী কাজলক লৈ চলিছে সৰৱ চৰ্চা। কাজলে দিয়া এক পোষ্টক লৈ অনুৰাগীসকলৰ মাজত উৎকণ্ঠাই বিৰাজ কৰিছে। কিছু সময় পূৰ্বে কাজলে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত তেওঁ কেপচনত লিখিছিল, ‘মই ছ’চিয়েল মিডিয়াৰ পৰা বিৰতি লৈছো।’ এই পোষ্টটোৰ সৈতে এখন ছবি শ্বেয়াৰ কৰা হৈছে। তাত লিখা আছে, "মই মোৰ জীৱনৰ আটাইতকৈ কঠিন পৰীক্ষাৰ সন্মুখীন হ'বলৈ ওলাইছো।" উল্লেখ্য যে এই পোষ্টটো দিয়াৰ পাছত অভিনেত্ৰীগৰাকীয়ে আন সকলো ইনষ্টাগ্ৰাম পোষ্ট ডিলিট কৰি পেলাইছে।

কাজলৰ ইনষ্টাগ্ৰামত এতিয়া অকল সেইটো পোষ্টেই জিলিকি আছে। টুইটাৰতো তেওঁ সকলো পোষ্ট ডিলিট কৰিছে।ছ’চিয়েল মিডিয়াত বিপুল অনুৰাগী আছে কাজলৰ। তেওঁৰ ১ কোটি ৪৪ লাখ ফ’ল’ৱাৰ আছে। তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ  আগ্ৰহী এইসকল লোক। 

কাজলে কিয় এই পোষ্ট দিলে তাকে লৈ চিন্তিত হৈ পৰিছে অনুৰাগীসকল। কাজলে জীৱনৰ কি কঠিন পৰীক্ষাৰ সন্মুখীন হোৱাৰ কথা কৈছে তাৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে তেওঁলোক। এজনে লিখিছে, "আপোনাক ভাল পাওঁ, সুৰক্ষিত আৰু সুস্থ হৈ থাকক।" আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, কি হৈছে নাজানো যাৰ বাবে আপুনি এনে সিদ্ধান্ত লৈছে, কিন্তু জানি থওক যে আমি আপোনাক ভাল পাওঁ আৰু আমি আপোনাৰ কেপচন আৰু ধুনীয়া পোষ্টবোৰ মনত ৰাখি থাকিম। আমি আপোনাক আন্তৰিক শুভেচ্ছা জনাইছো।"








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু