--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী কাজলক লৈ চলিছে সৰৱ চৰ্চা। কাজলে দিয়া এক পোষ্টক লৈ অনুৰাগীসকলৰ মাজত উৎকণ্ঠাই বিৰাজ কৰিছে। কিছু সময় পূৰ্বে কাজলে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত তেওঁ কেপচনত লিখিছিল, ‘মই ছ’চিয়েল মিডিয়াৰ পৰা বিৰতি লৈছো।’ এই পোষ্টটোৰ সৈতে এখন ছবি শ্বেয়াৰ কৰা হৈছে। তাত লিখা আছে, "মই মোৰ জীৱনৰ আটাইতকৈ কঠিন পৰীক্ষাৰ সন্মুখীন হ'বলৈ ওলাইছো।" উল্লেখ্য যে এই পোষ্টটো দিয়াৰ পাছত অভিনেত্ৰীগৰাকীয়ে আন সকলো ইনষ্টাগ্ৰাম পোষ্ট ডিলিট কৰি পেলাইছে।

কাজলৰ ইনষ্টাগ্ৰামত এতিয়া অকল সেইটো পোষ্টেই জিলিকি আছে। টুইটাৰতো তেওঁ সকলো পোষ্ট ডিলিট কৰিছে।ছ’চিয়েল মিডিয়াত বিপুল অনুৰাগী আছে কাজলৰ। তেওঁৰ ১ কোটি ৪৪ লাখ ফ’ল’ৱাৰ আছে। তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ  আগ্ৰহী এইসকল লোক। 

কাজলে কিয় এই পোষ্ট দিলে তাকে লৈ চিন্তিত হৈ পৰিছে অনুৰাগীসকল। কাজলে জীৱনৰ কি কঠিন পৰীক্ষাৰ সন্মুখীন হোৱাৰ কথা কৈছে তাৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে তেওঁলোক। এজনে লিখিছে, "আপোনাক ভাল পাওঁ, সুৰক্ষিত আৰু সুস্থ হৈ থাকক।" আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, কি হৈছে নাজানো যাৰ বাবে আপুনি এনে সিদ্ধান্ত লৈছে, কিন্তু জানি থওক যে আমি আপোনাক ভাল পাওঁ আৰু আমি আপোনাৰ কেপচন আৰু ধুনীয়া পোষ্টবোৰ মনত ৰাখি থাকিম। আমি আপোনাক আন্তৰিক শুভেচ্ছা জনাইছো।"








FOLLOW US F
POPULAR
FEATURE
TRENDY
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ