--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
জিতুমণি বৰা

হাইস্কুলীয়া জীৱনৰ দুটা ঘটনাই আজিও হৃদয়ত কঁপনি তোলে৷ এদিন হঠাতে আমাৰ গাঁৱৰ পথাৰখনত চৰি থকা এটা হৰিণ কোনো লোকৰ চকুত পৰিল৷ হৰিণটোৱে মুকলি পথাৰত ধান কটাৰ পাছত যিবোৰ বন গজি উঠে, সেইবোৰ খাই আছিল৷ জাকৰ পৰা বিচ্ছিন্ন হৈ কেনেকৈ হৰিণাটো আমাৰ গাঁওখনৰ পথাৰ পালেহি, সেয়া আমি জনা নাছিলোঁ৷ লগে লগে কথাটো গাঁৱত ৰাষ্ট্ৰ হৈ পৰিল৷ বহু মানুহ বিশেষকৈ কিশোৰ আৰু যুৱকসকল হৰিণটো ধৰিবলৈ পথাৰলৈ ঢাপলি মেলিলে৷ মানুহৰ জাক দেখি অকলশৰীয়া হৰিণটো নাৰ্ভাছ হ’ল৷ মানুহৰ চিঞৰ-বাখৰত পথাৰত কোৰ্ঢ়ালৰ সৃষ্টি হ’ল৷ 

হাই-উৰুমি, চিঞৰ-বাখৰত ক’লৈ যাব, ক’ত আশ্ৰয় ল’ব নজনাকৈয়ে পহুটোৱে পথাৰৰ মাজতে ভিৰাই লৰ মাৰিলে৷ লগে লগে যুৱ চামৰ ১৫-২০জন পহুটোক পাছে পাছে দা, যাঠি, জোং লৈ খেদি গ’ল৷ পহুটো যিমানে দৌৰিছে, মানুহো তাৰ পাছে পাছে সিমানে দৌৰিবলৈ ধৰিছে৷ এটা সময়ত মানুহে হাতত লৈ অহা দা, যাঠি, জোং যি আছে পহুটোলৈ দলিয়াবলৈ ধৰিলে৷ মানুহৰ খেদা, আক্ৰমণ আৰু দা, যাঠি আদিয়ে অসহায় পহুটোৰ শৰীৰত আঘাত কৰি গ’ল৷ এটা সময়ত সি অৱশ হৈ পথাৰতে পৰি গ’ল৷ ভাগৰত জুৰুলা হৈ পথাৰতে পৰি যোৱা পহুটোক মানুহবোৰে আগুৰি ধৰিলে৷ সি যাতে দুনাই উঠি দৌৰিব নোৱাৰে, তাৰ বাবে কোনোৱে ঠেঙত, কোনোৱে মূৰত দাৰ গেদিৰে প্ৰহাৰ কৰিলে৷ অসহায় পহুটোৱে মানুহবোৰলৈ দুই চকুৰে চাই থাকিল৷ অসহ্য যন্ত্ৰণাত ছটফটাই থকা পহুটোৰ শেষত এই যন্ত্ৰণাৰ বহিপ্ৰৰ্কাশ ঘটাবলৈ ঠেংকেইখন আচাৰিবলৈকো শক্তিহীন হৈ পৰিল৷ 

পহুটোৱে যন্ত্ৰণাৰ বহিপ্ৰৰ্কাশ ঘটালে তাৰ চকুৰে নিৰ্গত হোৱা লোটকৰে৷ দুই চকুৰে দুধাৰি চকুলো বাগৰি আহিল৷ অৰ্ধ্ব মৃত অৱস্থাতে এজন যুৱকে এখন চোকা ছুৰীৰে পহুটোৰ ছালখন এৰুৱাবলৈ ধৰিলে৷ জীয়াই জীয়াই এই কাণ্ড সংঘটিত কৰি পহুটোক আগুৰি থকা মানুহবোৰৰ আনন্দ-কিৰীলিৰ মাজতে আলোচিত হ’ল– মাংস কেইকেজি ওলাব! ভাগ কৰিলে গাইপতি কিমানকৈ পৰিব? যিসকল পহুটো মাৰিবলৈ অহা নাই, তেওঁলোকক মাংস দিব নালাগে বুলিও দুই-একে মন্তব্য কৰিলে৷ এক বিজয় উৎসৱৰ দৰে পহু কাটি মাংস ভাগ-বাটোৱাৰা কৰা হ’ল৷ 

এনেদৰে জাক হেৰুওৱা এটা অসহায় প্ৰাণী জীৱশ্ৰেষ্ঠ মানুহৰ আহাৰ হৈ পৰিল৷ একেখন গাঁৱতে তাৰ কেইবছৰমান পাছত হাবিত খৰি লুৰিবলৈ যোৱা লোকে পথাৰত দেখা পালে এটা প্ৰকাণ্ড গুই৷ সম্প্ৰতি ই দুষ্প্ৰাপ্য৷ দ্ৰুত গতিত অসমৰ হাবি-জংঘল তথা অৰণ্যৰ পৰা চোৰাং চিকাৰীৰ বাবেই ইয়াৰ সংখ্যা কমি আহিছে৷ যি নহওক পথাৰত গুই ওলোৱাৰ লগে লগে মুহূৰ্ততে গাঁৱৰ ইমূৰ-সিমূৰ পালেগৈ খবৰ৷ মাংসৰ প্ৰতি লুভীয়া এচাম কিশোৰ আৰু যুৱকে হাতে হাতে শানিত অস্ত্ৰ লৈ পথাৰখন আগুৰি ধৰিলে৷ মানুহৰ চিঞৰত আচৰিত হৈ গুই-এ পলাবলৈ চেষ্টা চলালে৷ কিন্তু বুদ্ধিমান মানুহৰ হাতৰ পৰা কেনেকৈ পলাব? কেউপিনৰ পৰা আগুৰি ধৰি গুইটোক হত্যা কৰা হ’ল৷ চৰিয়া, কলপাত আনি তাৰ মাংস ভাগে ভাগে মানুহে ঘৰলৈ নিলে৷

জীৱশ্ৰেষ্ঠ মানুহৰ দ্বাৰা অবোধ, নিৰীহ জীৱ হত্যাৰ এই দুটা ঘটনাই কৈশোৰতে জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছিল৷ যাৰ পৰা আজিও মুক্ত হ’ব পৰা নাই৷ কিছুদিন পূৰ্বে গুৱাহাটীত এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই অত্যন্ত গৌৰৱেৰে কৈছিল যে তেওঁ চাকৰি কালত পহু মাংস বহু খালে৷ পহু চিকাৰ তথা পহু বধৰ কাহিনীও তেওঁ কৈছিল৷ তেওঁৰ সতীৰ্থই পহুৰ জাক এপিনৰ পৰা খেদি আনে৷ ইটো মূৰত এখন দীঘল জাল পাতি দিয়া হয়৷ পহুৱে সেই জালত পৰাৰ লগে লগে সিহঁতৰ মূৰত কুঠাৰেৰে প্ৰচণ্ড কোব মাৰি দিয়ে৷ একোটা কোবত পহুৰ মৃত্যু হয় নতুবা আধামৰা হৈ পৰে৷ আধামৰা হোৱা পহুক সেই অৱস্থাতে আৰু দুই-তিনি কোব দি মাংসৰ বাবে লৈ আহে৷
সৌ সিদিনাৰ কথা৷ 

কাজিৰঙাৰ পৰা বাৰিষা বানত উটি অহা এটা বাঘ কলিয়াবৰৰ এখন হাবিত আশ্ৰয় লৈছিল৷ কোনোবাই খৰি লুৰিবলৈ যাওতে বাঘটোক দেখা পালে, কাৰোবাক আক্ৰমণো কৰিলে৷ বাঘ ওলোৱাৰ খবৰটো দি কেউপিনে হুলস্থূল লগোৱাৰ পাছত বাঘ ক’ত আছে, সেইটো জানিবলৈ কিছুমান মানুহে সকলো কাম বাদ দি কেৱল বাঘটোৰ পাছতে লাগি গ’ল৷ বন বিভাগকো খবৰ দিয়া হ’ল৷ বন বিভাগে পিঞ্জৰা পাতিলে৷ সপ্তাহ পাৰ হৈ যোৱাৰ পাছতো বন বিভাগ সফল নহ’ল৷ শেষত বাঘক খেদি আনি নৈত পেলাই দিয়া হ’ল৷ বাঘটো মানুহৰ পৰা আঁতৰি থাকিবলৈ যিমানে চেষ্টা কৰে, মানুহে বিচাৰি বিচাৰি নতুন নতুন স্থানত বাঘক আৱিষ্কাৰ কৰি হুলস্থূল লগায়৷
মানুহৰ খেদাত প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘটোৱে অৱশেষত নৈত জাপ দিছিল৷ উদ্দেশ্য নিজক বচোৱা৷ জীয়াই থাকিবলৈ মানুহৰে নহয়, জীৱ-জন্তু, পক্ষীৰো হেঁপাহ থাকে৷ এই হেঁপাহ বুকুত বান্ধি মানুহৰ পৰা বহু দূৰলৈ আঁতৰি যোৱাৰ লক্ষ্যৰে নৈত জাপ দিয়া বাঘটোৰ ওপৰত এচাম দানৱৰ আক্ৰমণ চলিল৷ অহৰহ বাঘটোলৈ প্ৰকাণ্ড প্ৰকাণ্ড শিল দলিওৱা হ’ল৷ আৰক্ষী আৰু বন বিভাগৰ লোকসকল এই জঘন্য কাণ্ডৰ নীৰৱ সাক্ষী হৈ মানুহৰ হিংস্ৰতাক প্ৰশ্ৰয় দিলে৷ মানুহৰ উপৰ্যুপৰি আক্ৰমণ আৰু খেদাত ভাগৰুৱা বাঘটোৱে ক’লৈ যাব, কি কৰিব একো ধৰিব পৰা নাছিল৷

মানুহে আক্ৰমণ কৰি ধৰাশায়ী কৰা বাঘটোক বন বিভাগে চেতনানাশক প্ৰয়োগ কৰি পিঞ্জৰাবদ্ধ কৰিলে৷ আচলতে ভাগৰুৱা আৰু মানুহৰ আক্ৰমণত অধিক আহত হোৱা জন্তুৰ শৰীৰত চেতনানাশক প্ৰয়োগ কৰাৰ ফল কেতিয়াবা বিষম হ’ব পাৰে! কথাটো মানুহৰ ক্ষেত্ৰত যদি চাওঁ, তেতিয়াহ’লে নিম্ন অথবা উচ্ছ ৰক্ত চাপত ভোগা কোনো লোকক অস্ত্ৰোপচাৰ কৰা নহয়৷ অস্ত্ৰোপচাৰ কৰিবলৈ মানুহৰ শৰীৰত চেতনানাশক প্ৰয়োগ কৰা হয়৷ দুৰ্বল মানুহক চেতনানাশক প্ৰয়োগ কৰিলে বহু সময়ত চেতনা ঘূৰি নহাৰ উদাহৰণ আছে৷ চেতনানাশকে এজন মানুহক কিছু সময়ৰ বাবে দুৰ্বল আৰু নিশকটীয়া কৰি পেলায়৷

কলিয়াবৰত যিটো বাঘক চেতনানাশক  প্ৰয়োগ কৰা হৈছিল, ইয়াৰ পৰিমাণ অকণমান বেছি হোৱা হ’লেই মৃত্যু নিশ্চিত আছিল৷ যিটো ধিঙৰ বাঘটোৰ ক্ষেত্ৰত হোৱা বুলি বন বিভাগৰ বিৰুদ্ধে অভিযোগ আছে৷ কলিয়াবৰৰ বাঘটো মানুহৰ ধাৰাবাহিক আক্ৰমণত ইমানেই বেছি দুৰ্বল হৈ পৰিছিল যে পিঞ্জৰাবদ্ধ হোৱাৰ পাছতো কেইবাদিনলৈ চিকিৎসকৰ চিকিৎসাৰ প্ৰতি কোনো সঁহাৰি দিয়া নাছিল৷ মানৱ সমাজৰ বাবে লজ্জাজনক কথাটো হ’ল– এই বাঘটোৰ দুয়োটা চকু মানুহে ফুটাই দিলে৷ ফলত সি একো দেখা নোপোৱা হ’ল৷ কাজিৰঙাত মুকলি মনেৰে বাস কৰা এটা বাঘক জনাৰণ্যত মানুহে কি পৰ্যায়ৰ শাস্তি দিব পাৰে, তাৰ উদাহৰণ কলিয়াবৰৰ এই ঘটনাটো৷
আধুনিক আৰু শিক্ষিত বুলি দাবী কৰা সমাজখনতে নিৰীহ জীৱৰ প্ৰতি মানুহৰ মনোভাব সলনি হোৱা নাই৷ বন্যজন্তু মানেই হিংস্ৰ আৰু হত্যা কৰিব লাগে ধৰণৰ এক মানসিকতা আজিও আমাৰ সমাজত অব্যাহত আছে৷ সেয়ে য’তেই বাঘ, ভালুক, ঘোং, মেঠোন আদি মানুহে দেখা পায়, তাতেই আক্ৰমণ কৰি হত্যা কৰাৰ এক প্ৰৱণতা লাহে লাহে বৃদ্ধি পাবলৈহে ধৰিছে৷ বাঘ, সিংহ, ভালুক আদিক হিংস্ৰ জন্তু বুলি হত্যা কৰা এই মানুহেই হৰিণ, নানা প্ৰজাতিৰ পক্ষীক নিৰীহ বুলি কৈয়ো মাংসৰ বাবে হত্যা কৰে৷ মানুহে নিজৰ স্বাৰ্থৰ অনুকুলে পৰিস্থিতিৰ এনেদৰেই ব্যাখ্যা কৰে৷

আপুনি কেতিয়াবা নিজকে সুধিবচোন! চিৰিয়াখানাবোৰ আচলতে কি? এই চিৰিয়াখানাবোৰ বাৰু এনেকুৱা এখন কাৰাগাৰ নহয়নে? য’ত কোনো অভিযোগ নথকাকৈয়ে পশু-পক্ষীক বন্দী কৰা হয়৷ কেৱল মানুহৰ মনোৰঞ্জনৰ বাবে চিৰিয়াখানা স্থাপন কৰে৷ বনত মুক্তমনে বিচৰণ কৰা জন্তু, পক্ষী আদিক ধৰি আনি ইয়াৰ চাৰি বেৰৰ মাজত বন্দী কৰি থোৱা হয়৷ চিৰিয়াখানাৰ লোৰ গড়ালত বন্দী জন্তু আৰু পক্ষীক চাই চাই মানুহে আনন্দ কৰে৷ কিন্তু সেই পশু-পক্ষীৰ মনৰ বেদনা অনুভৱ কৰাৰ শক্তিও মানুহে হেৰুৱাই পেলাইছে৷ পৃথিৱীখন কেৱল মানুহৰ! মানুহৰ বাহিৰে এই পৃথিৱীত আন কাৰোৰে অধিকাৰ নাই বুলি ভবাৰ বাবেই অৰণ্য ধবংস কৰি মানুহে গাঁও পাতিছে, ৰিজ’ৰ্ট সাজিছে৷ কাজিৰঙা আৰু মানাহত গঁড়ে পৰ্যটকলৈ চোঁচা লোৱাৰ বাতৰি আজিকালি সঘনাই ঘটে৷ ইয়াৰ কাৰণ নিজৰ জগতত নিজৰ ধৰণে আপোনভোলা হৈ থাকিব বিচৰা গঁড়, বাঘ আদিক দৰ্শনৰ অচিলাৰে গাড়ীত উঠি যোৱা পৰ্যটকৰ চিঞৰ, গাড়ীৰ বিকট শব্দই আঘাত কৰে৷ মানুহৰ মনোৰঞ্জনৰ বাবে নিৰপৰাধী পশু-পক্ষীক চিৰিয়াখানাত বন্দী কৰি থোৱাৰ পাছত অৰণ্যৰ বুকুতো মানুহৰ নীৰৱ আক্ৰমণ এনেদৰে চলি আছে৷

অৱশ্যে দুষ্প্ৰাপ্য আৰু পৃথিৱীৰ পৰা ক্ৰমাৎ লুপ্ত হ’বলৈ ধৰা কেতবোৰ পশু-পক্ষীৰ সংৰক্ষণ আৰু বংশবৃদ্ধিৰ বাবে চৰকাৰী আৰু বেচৰকাৰীভাৱেও কিছুমান কাম কৰি থকা হৈছে৷ অসমতো লুপ্তপ্ৰায় শগুনৰ বংশবৃদ্ধিৰ বাবে চেষ্টা চলিছে৷ বিলুপ্ত হ’বলৈ ধৰা হাড়গিলা তথা বৰটোকোলাৰ সংৰক্ষণৰ বাবে কেতবোৰ মানুহে নিজাববীয়াকৈ কিছুমান ব্যৱস্থা লৈছে৷ অৰণ্যত জাক হেৰুওৱা হাতী বা অন্য কোনো পশুক নিৰাপদ আশ্ৰয় দিয়াৰ বাবে চিকিৎসাকেন্দ্ৰৰহে প্ৰয়োজন৷ মানুহৰ মনোৰঞ্জনৰ বাবে অৰণ্যৰ পৰা পশু-পক্ষীক ধৰি আনি চিৰিয়াখানা নাম দি লোৰ গড়ালত বন্দী কৰি থোৱা কাৰ্য কিমান সমৰ্থনযোগ্য? কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যাতে প্ৰকাশ পাইছে যে অসমত দ্ৰুত গতিত সেউজভূমি তথা বনাঞ্চল ধবংস কৰা হৈছে৷ উন্নয়নৰ নামত একোখন অৰণ্যৰ বুকু ফালি চিৰাচিৰ কৰি পেলোৱা হৈছে৷ ইয়াৰ বিৰুদ্ধে জনমত গঠন জৰুৰী৷ বনৰ পৰা দুৰ্ভাগ্যবশতঃ জনঅৰণ্যত প্ৰৱেশ কৰা পশু-পক্ষীক চিৰিয়াখানালৈ স্থানান্তৰ কৰাৰ সলনি অৰণ্যতে থকাৰ ব্যৱস্থা কৰিব লাগে৷ যাদৱ পায়েঙে নিজা প্ৰচেষ্টাত এখন অৰণ্য গঢ় দিছে৷ কিন্তু চৰকাৰৰ বিয়াগোম বন বিভাগ, ইয়াৰ মন্ত্ৰী-বিষয়াসকলে আমাৰ থকা অৰণ্যকেইখনো সুৰক্ষা দিব পৰা নাই৷ সেয়ে ইতিহাসত যাদৱ পায়েং থাকিব, এই মন্ত্ৰী-বিষয়াসকল নাথাকে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
‘ফ্রন্টিয়াৰ্ছ ইন ক্লাইমেট’ জার্নেলত উদ্বেগজনক তথ্য; ২০৭০ চনলৈ সংকটত পৰিব অসমৰ চাহ শিল্প
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement