--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভগৱৎ গীতা বা গীতা মানৱ জাতিৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ ধৰ্মীয় গ্ৰন্থ। গীতা হৈছে এক কালজয়ী নিৰ্দেশনা, যাৰ প্ৰতিটো শব্দত জ্ঞান আৰু যুক্তি আছে। কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে ভগৱান কৃষ্ণ আৰু অৰ্জুনৰ মাজত মাজৰ কথোপকথনে সলনি কৰিছিল জীৱনৰ সংজ্ঞা। শিক্ষাসমূহে অৰ্জুনক জীৱনৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী সলনি কৰাত সহায় কৰিছিল।

ভাগৱত গীতাৰ বাণীয়ে সকলোকে জীৱনৰ অন্তৰ্দৃষ্টি লাভ কৰাত সহায় কৰিব পাৰে। ধৰ্মগ্ৰন্থখনে আমাক জীৱনৰ জটিলতাৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে শিকায়৷ ভাগৱত গীতাৰ ৭ টা শ্লোকৰ বিষয়ে এই লিখনিটোৰ জৰিয়তে প্ৰকাশ কৰিবলৈ ওলাইছো-

১) আমি খালী হাতে এই পৃথিৱীলৈ আহিছিলো। সম্পৰ্ক, ধন, প্ৰেম বা সন্মান হওঁক, আমি ইয়াত সকলো বোৰ ইয়াতেই গঢ়িছো। যেতিয়া আমাৰ মৃত্য ঘটিব আমি খালী হাতেৰেই ইয়াৰ পৰা যাৱ লাগিব৷

২) পৃথিৱীখন ধ্বংসশীল আৰু যি এই পৃথিৱীলৈ আহে তেওঁ নিশ্চিতভাৱে এদিন যাব লাগিব। আত্মাক কেতিয়াও ধ্বংস কৰিব নোৱাৰি। সদায় মনত ৰাখিব যে আপুনি আত্মা, শৰীৰ নহয়। মৃত্যু হৈছে কেৱল ভৌতিক পৃথিৱীৰ পৰা আত্মাৰ ক্ষেত্ৰলৈ যোৱা এটি পথ।

৩) এটা সত্য কেতিয়াও ধ্বংস কৰিব নোৱাৰি। ভাল কৰিবলৈ ভয় কৰিব নালাগে।

৪) যি ঘটিছিল সেয়া ভাল আছিল, যি ঘটিছে সেয়া ভাল আৰু ভৱিষ্যতে কি হ'ব সেয়া ভাল হ'ব।

৫) কৰ্ম হৈছে জীৱনৰ অতি গুৰুত্বপূৰ্ণ অংশ, আৰু সদায় ফলাফলৰ বিষয়ে চিন্তা নকৰাকৈ নিষ্ঠাৰে কাম কৰিব লাগিব।

৬) গীতাই সদায় ধ্যানৰ বিষয়ে বহুকথা কয়। ধ্যানক আভ্যন্তৰীণ শান্তি আৰু 'সাধনা'ৰ বাবে অত্যন্ত সহায়ক বুলি গণ্য কৰা হয়।

৭) বস্তুবোৰ আগৰ দৰে একে নহ'বও পাৰে। বস্তু আৰু পৰিস্থিতি সলনি হয়। আমি মানুহ, বা চাৰিওফালৰ লোকসকলক আনকি সমাজো একে হ'ব বুলি আশা কৰা উচিত নহয়। সময়ৰ লগে লগে সেই সকলোবোৰ সলনি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা