--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; সলনি হৈছে সময়৷ সলনি হৈছে বদ্ধমূল ধাৰণা৷ বৃদ্ধতৰ ছবি মচি অফুৰন্ত যৌৱনেৰে উদ্দীপ্ত হৈ আছে বহুজন৷ প্ৰগতিশীল সময়ৰ আঙুলিত ধৰি জীৱনে খোজ দিছে নতুন বাটেৰে৷ লাইফ ষ্টাৰ্টচ এট ফ’ৰটী- সেয়াও এতিয়া প্ৰায় অপ্ৰাসংগিক আখ্যান৷ লাইফ ষ্টাৰ্টচ এট এনিটাইম, জীৱনে আপোনাক হাতবাউলি দিব পাৰে যিকোনো সময়ত, যিকোনো বয়সত৷ 

বয়সক মাথোঁ সংখ্যা বুলি প্ৰমাণ কৰি আজিৰ সময়ত বহুতেই দেখুৱাইছে জীৱনৰ নতুন নতুন সম্ভাৱনা৷ জীৱনটোক উদযাপন কৰিবলৈ অথবা জীৱনটোক লৈ সম্পৰীক্ষা কৰিবলৈ বহুজনে বয়সৰ হিচাপ পাহৰি যৌৱন ধৰি ৰাখিবলৈ যত্নপৰ হৈছে, বহুলাংশে সফলো হৈছে৷ 

আপোনাৰ বাৰু জীৱনৰ প্ৰতি ধাৰণা কি? জীৱনটোক ভাল পাইনে আপুনি? আপুনি আপোনাৰ বয়সক লৈ উদ্বিগ্ন নেকি? নহ’ব, মুঠেই উদ্বিগ্ন নহ’ব বয়সক লৈ৷ বয়সেও হাৰ মানিব আপোনাৰ তাৰুণ্যৰ ওচৰত৷ অৱশ্যে, চিৰউজ্জীৱিত হৈ থাকিব পৰাকৈ আপুনি কৰিব লাগিব কেতবোৰ মানসিক কচৰৎ৷ জীৱনটোক মনৰ খিৰিকীৰে নতুনকৈ জুমি চাবলৈ শিকিব আপুনি, ভাল পাব পাৰিব নতুনধৰণে৷ জীৱনটোৰ প্ৰতি আপোনাৰ বাঢ়ি যাব আদৰ-আবদাৰ৷ আপুনি হৈ উঠিব মহাজীৱনৰ গৰাকী৷ 

ভাৰতৰ এগৰাকী প্ৰখ্যাত অধিবক্তা আৰু প্ৰাক্তন ছলিচিটৰ জেনেৰেল হৰিশ চালভেই জীৱনটোক খুব ভাল পায়৷ জীৱনটোক লৈ আশাবাদী তেওঁ৷ বয়সক লৈ তেওঁ কেতিয়াও চিন্তিত নহয়৷ চিন্তিত নহয় প্ৰৌঢ়ত্বক লৈ৷ তেওঁ আজিও প্ৰচুৰ সম্ভাৱনাৰে জীৱনক তুলি দিয়ে সময়ৰ তুলাচনীত৷ 

শেহতীয়া খবৰ অনুসৰি ৬৮ বছৰীয়া ছালভেই লণ্ডনত সম্পন্ন কৰিলে তেওঁৰ বিবাহ অনুষ্ঠান৷ এয়া তেওঁৰ তৃতীয় বিবাহ৷ তৃতীয় পত্নী ত্ৰিনাৰ সৈতে জীৱনৰ নতুন দুৱাৰেৰে প্ৰৱেশ কৰিলে হৰিশ চালভেই৷ লণ্ডনত অনুষ্ঠিত হৰিশ চালভেৰ বিবাহ অনুষ্ঠানত উপস্থিত থাকে নীতা আম্বানী, ললিত মোদী, উজ্জ্বলা ৰাউতকে ধৰি দেশৰ কেইবাগৰাকীও প্ৰসিদ্ধ ব্যক্তি৷ 

ইয়াৰ পূৰ্বে তেওঁ ২০২০ত মীনাক্ষী (তেওঁৰ প্ৰথম পত্নী) আৰু কেৰোলিন ব্ৰোচাৰ্ডৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ছালভে আৰু মীনাক্ষীয়ে ২০২০ চনৰ জুন মাহত বিবাহৰ তিনি দশকতকৈও অধিক সময়ত বিবাহ বিচ্ছেদ কৰিছিল৷ সাক্ষী আৰু চানিয়া নামৰ দুগৰাকী কন্যাও আছে তেওঁলোকৰ৷ চালভেৰ তৃতীয় বিবাহৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

উচ্চতম ন্যায়ালয়ৰ অধিবক্তাগৰাকী কেইবাটাও হাই-প্ৰফাইল গোচৰৰ অংশ আছিল, যাৰ ভিতৰত আছে কুলভূষণ যাদৱ, যাক গুপ্তচৰবৃত্তিৰ অভিযোগত পাকিস্তানৰ সামৰিক আদালতে মৃত্যুদণ্ড প্ৰদান কৰিছিল। তেওঁ অনিল আম্বানীৰ ৰিলায়েন্স নেচাৰেল ৰিচৰ্চেছ লিমিটেডৰ বিৰুদ্ধে কৃষ্ণা গোদাৱৰী বেচিন গেছ বিবাদৰ গোচৰতো জড়িত আছিল৷ ২০১৫ত চালভেক ভাৰতৰ সৰ্বোচ্চ বঁটাসমূহৰ ভিতৰৰ অন্যতম পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল। 

একে বছৰতে, চালভেয়ে চলমান খানৰ ২০০২ চনৰ হিট এণ্ড ৰান গোচৰটো গ্ৰহণ কৰে যাক পূৰ্বে পাঁচ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল। ২০১৫ৰ ডিচেম্বৰত বোম্বাই উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ পাছত খানক ২০০২ৰ হিট এণ্ড ৰান আৰু ড্ৰাইভ গোচৰৰ সকলো অভিযোগৰ পৰা মুক্তি দিয়া হৈছিল। ২০১৮ত তেওঁ কাৱেৰী পানী বিবাদৰ বাবে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ হাজিৰ হৈছিল৷

২০১৯ৰ নৱেম্বৰৰ পৰা ২০০২ৰ নৱেম্বৰলৈকে ভাৰতৰ ছলিচিটৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰা চালভেক জানুৱাৰীত ৱেলছ আৰু ইংলেণ্ডৰ আদালতৰ বাবে ৰাণীৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়া হয়।

চালভে নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা এলএলবি অধ্যয়ন কৰিছিল। ভাৰতৰ ছলিচিটৰ জেনেৰেল হিচাপে নিযুক্ত হোৱাৰ পূৰ্বে তেওঁক ১৯৯২ত দিল্লী উচ্চ ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্ত কৰা হৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement