--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুললিত কণ্ঠস্বৰেৰে তেওঁ আৰু বিশ্ববাসীক জনাব নোৱাৰে চন্দ্ৰযান-৩ৰ কোনো খবৰ। কাৰণ তেওঁ আৰু ইহ সংসাৰত নাই। চন্দ্ৰযান-৩ৰ সমস্ত খবৰ বিশ্ববাসীক জনাই যোৱা ইছৰ’ৰ বিজ্ঞানী এন ভালাৰমতীৰ মৃত্যু ঘটিছে। চেন্নাইত হূদৰোগত আক্ৰান্ত হৈ বিজ্ঞানীগৰাকীৰ মৃত্যু ঘটাৰ বাতৰি ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদমাধ্যমে নিশ্চিত কৰিছে। ২৩ আগষ্টত প্ৰয়াত  বিজ্ঞানীগৰাকীয়ে  লেণ্ডাৰ বিক্ৰমৰ গতি হ্ৰাস কৰাৰ পৰা  চন্দ্ৰত অৱতৰণ কৰালৈকে সকলো খবৰ  বিশ্বক অৱগত কৰিছিল।

বিশ্বই চন্দ্ৰযান-৩ চন্দ্ৰত অৱতৰণ কৰাৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে ফেচবুক লাইভক ভাঁহি আহিছিল বিজ্ঞানী ভালাৰমতীৰ কণ্ঠস্বৰ। বিশ্বই ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযানৰ সমস্ত খবৰ তেওঁৰ পৰাই শুনিছিল।সেইগৰাকী বিজ্ঞানী শনিবাৰে সন্ধিয়া চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰে। 

প্ৰয়াত বিজ্ঞানীগৰাকীৰ  ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা অনুসৰি হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰ’) প্ৰাক্তন সঞ্চালক পি ভি ভেংকটকৃষ্ণনে ভালাৰমতীৰ মৃত্যু সন্দৰ্ভত  টুইট কৰি কয়, "শ্ৰীহৰিকোটাত ইছৰ’ৰ পৰৱৰ্তী অভিযানৰ প্ৰস্তুতি অব্যাহত থকাৰসময়ত  ভালাৰমতী মেডামৰ মাত আৰু শুনা নাযাব। মই খুব দুঃখিত। "

১৯৫৯ চনৰ ৩১ জুলাইত তামিলনাডুৰ আৰিয়ালুৰ গাঁৱত ভালাৰমতীৰ জন্ম হৈছিল। তেওঁ ১৯৮৪ চনত ইছৰ’ত যোগদান কৰিছিল। ভাৰতৰ প্ৰথম স্বদেশী ভাৱে বিকশিত ৰাডাৰ উপগ্ৰহ (আৰআইএছ) ২০১২ চনত সফলতাৰে স্থাপন কৰা হৈছিল। অভিযানটো তত্বাৱধান কৰিছিল ভালাৰমতীয়ে ।  ইয়াৰ উপৰি তেওঁ  ইছৰ’ৰ কেইবাটাও  অভিযানৰ বিষয়ে বিশ্বক জনাই গৈছিল। বিজ্ঞান আৰু গৱেষণাৰ ক্ষেত্ৰত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে তামিলনাডু চৰকাৰে তেওঁক আব্দুল কালাম বঁটাৰে সন্মানিত কৰিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ