--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুললিত কণ্ঠস্বৰেৰে তেওঁ আৰু বিশ্ববাসীক জনাব নোৱাৰে চন্দ্ৰযান-৩ৰ কোনো খবৰ। কাৰণ তেওঁ আৰু ইহ সংসাৰত নাই। চন্দ্ৰযান-৩ৰ সমস্ত খবৰ বিশ্ববাসীক জনাই যোৱা ইছৰ’ৰ বিজ্ঞানী এন ভালাৰমতীৰ মৃত্যু ঘটিছে। চেন্নাইত হূদৰোগত আক্ৰান্ত হৈ বিজ্ঞানীগৰাকীৰ মৃত্যু ঘটাৰ বাতৰি ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদমাধ্যমে নিশ্চিত কৰিছে। ২৩ আগষ্টত প্ৰয়াত  বিজ্ঞানীগৰাকীয়ে  লেণ্ডাৰ বিক্ৰমৰ গতি হ্ৰাস কৰাৰ পৰা  চন্দ্ৰত অৱতৰণ কৰালৈকে সকলো খবৰ  বিশ্বক অৱগত কৰিছিল।

বিশ্বই চন্দ্ৰযান-৩ চন্দ্ৰত অৱতৰণ কৰাৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে ফেচবুক লাইভক ভাঁহি আহিছিল বিজ্ঞানী ভালাৰমতীৰ কণ্ঠস্বৰ। বিশ্বই ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযানৰ সমস্ত খবৰ তেওঁৰ পৰাই শুনিছিল।সেইগৰাকী বিজ্ঞানী শনিবাৰে সন্ধিয়া চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰে। 

প্ৰয়াত বিজ্ঞানীগৰাকীৰ  ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা অনুসৰি হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰ’) প্ৰাক্তন সঞ্চালক পি ভি ভেংকটকৃষ্ণনে ভালাৰমতীৰ মৃত্যু সন্দৰ্ভত  টুইট কৰি কয়, "শ্ৰীহৰিকোটাত ইছৰ’ৰ পৰৱৰ্তী অভিযানৰ প্ৰস্তুতি অব্যাহত থকাৰসময়ত  ভালাৰমতী মেডামৰ মাত আৰু শুনা নাযাব। মই খুব দুঃখিত। "

১৯৫৯ চনৰ ৩১ জুলাইত তামিলনাডুৰ আৰিয়ালুৰ গাঁৱত ভালাৰমতীৰ জন্ম হৈছিল। তেওঁ ১৯৮৪ চনত ইছৰ’ত যোগদান কৰিছিল। ভাৰতৰ প্ৰথম স্বদেশী ভাৱে বিকশিত ৰাডাৰ উপগ্ৰহ (আৰআইএছ) ২০১২ চনত সফলতাৰে স্থাপন কৰা হৈছিল। অভিযানটো তত্বাৱধান কৰিছিল ভালাৰমতীয়ে ।  ইয়াৰ উপৰি তেওঁ  ইছৰ’ৰ কেইবাটাও  অভিযানৰ বিষয়ে বিশ্বক জনাই গৈছিল। বিজ্ঞান আৰু গৱেষণাৰ ক্ষেত্ৰত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে তামিলনাডু চৰকাৰে তেওঁক আব্দুল কালাম বঁটাৰে সন্মানিত কৰিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস