--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খ্যাতি, প্ৰাচুৰ্য, সৌন্দৰ্যৰে ভৰি আছিল জীৱন,তাৰপাছতো জীৱনৰ প্ৰতি ঘটিল মোহভংগ। মানুহে আচলতে বিচাৰে কি... এক আত্মহত্যাই সকলোৰে মনত প্ৰশ্ন জগাইছে। সাধাৰণতে কোৱা হয় মানুহে যেতিয়া সকলো ফালে কেৱল বিফলতা আৰু হতাশা দেখে তেতিয়া জীৱনৰ প্ৰতি আস্থা হেৰুৱাই আত্মহত্যা কৰে কিন্তু সকলো ফালৰ পৰা জীৱন ভৰি থকাৰ পাছতো যেতিয়া মানুহে জীৱনৰ পৰা পলায়ন কৰি আত্মহত্যাৰ পথ বাচি লয় তাক আপুনি কি বুলি ক'ব। এনে এক আত্মহত্যাৰ ঘটনাই জোকাৰিছে ইউএছএক। দেওবাৰে পুৱা ৭বজাত বৃহৎ অট্টালিকাৰ ৬০মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিলে প্ৰাক্তন মিছ ইউএছএ ছেসলি ক্রাইষ্টে। কিয় এনেকৈ আত্মহননৰ পথ বাচি ল’লে সুন্দৰীগৰাকীয়ে! সেই ৰহস্য এতিয়াও খোল খোৱা নাই। মৃত্যুৰ সময়ত ছেসলিৰ বয়স আছিল মাত্ৰ ৩০ বছৰ। ছেসলিৰ জন্ম হৈছিল ১৯৯১চনত মিছিগানত। ২০১৭চনত আইনৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰা ছেসলিয়ে ২০১৯চনত মিছ ইউএছএ খিতাপ জিকিছিল।এটা টেলিভিছন নিউজ চেনেলত মনোৰঞ্জন সংবাদদাতা হিচাপেও কাম কৰি আছিল ছেসলি ক্রাইষ্টে। ছেসলি ক্রাইষ্টে মিছ ইউএছএৰ প্ৰতিযোগিতাত প্ৰৱেশ কৰাৰ আগতে তেওঁ এগৰাকী উকীল হিচাপে কাম কৰিছিল। তেওঁ পাঁচগৰাকী কৃষ্ণাঙ্গ মহিলাৰ এটা গোটৰ অংশ আছিল যিয়ে সেই বছৰ প্ৰথমবাৰৰ বাবে পাঁচটা মুখ্য গোলকীয় সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হৈছিল। আত্মহত্যাৰ কেইঘন্টামান পূৰ্বে ছেসলিয়ে ছচিয়েল মিডিয়া একাউন্টত এটা প’ষ্ট দিছিল। তাত তেওঁ লিখিছিল যে ''এই দিনটোৱে তোমাৰ জীৱনত শান্তি ঘুৰাই দিয়ক।'' তদন্তকাৰী আৰক্ষীয়ে এই প’ষ্টটো বিশ্লেষণ কৰাৰ চেষ্টা কৰিছে। দৰাচলতে ‘তুমি’ বুলি ছেসলিয়ে কাক বুজাইছে তাৰো অনুসন্ধান চলাইছে আৰক্ষীয়ে। ছেসলিৰ মৃত্যুৰ আঁৰত কোনো সম্পৰ্ক জড়িত আছে নেকি বিষয়ে তদন্ত আৰম্ভ হৈছে। ছেসলি ক্রাইষ্টৰ মৃত্যুত দুখত ভাগি পৰিছে তেওঁৰ পৰিয়াল। ছেসলিৰ পৰিয়ালে কয়, "আমাৰ সকলো শেষ হৈ গ’ল। তাই এক মহান পোহৰ আছিল যিয়ে তাইৰ সৌন্দৰ্য আৰু শক্তিৰে সমগ্ৰ পৃথিৱীৰ আন মানুহক অনুপ্ৰাণিত কৰিছিল।" উল্লেখ্য যে এইবাৰৰ মিছ ইউনিভাৰ্ছ ভাৰতীয় সুন্দৰী হৰনাজ সান্ধুৰ সৈতেও সুন্দৰ বন্ধুত্ব আছিল প্ৰাক্তন মিছ ইউএছএ ছেসলি ক্রাইষ্টৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি