--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খ্যাতি, প্ৰাচুৰ্য, সৌন্দৰ্যৰে ভৰি আছিল জীৱন,তাৰপাছতো জীৱনৰ প্ৰতি ঘটিল মোহভংগ। মানুহে আচলতে বিচাৰে কি... এক আত্মহত্যাই সকলোৰে মনত প্ৰশ্ন জগাইছে। সাধাৰণতে কোৱা হয় মানুহে যেতিয়া সকলো ফালে কেৱল বিফলতা আৰু হতাশা দেখে তেতিয়া জীৱনৰ প্ৰতি আস্থা হেৰুৱাই আত্মহত্যা কৰে কিন্তু সকলো ফালৰ পৰা জীৱন ভৰি থকাৰ পাছতো যেতিয়া মানুহে জীৱনৰ পৰা পলায়ন কৰি আত্মহত্যাৰ পথ বাচি লয় তাক আপুনি কি বুলি ক'ব। এনে এক আত্মহত্যাৰ ঘটনাই জোকাৰিছে ইউএছএক। দেওবাৰে পুৱা ৭বজাত বৃহৎ অট্টালিকাৰ ৬০মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিলে প্ৰাক্তন মিছ ইউএছএ ছেসলি ক্রাইষ্টে। কিয় এনেকৈ আত্মহননৰ পথ বাচি ল’লে সুন্দৰীগৰাকীয়ে! সেই ৰহস্য এতিয়াও খোল খোৱা নাই। মৃত্যুৰ সময়ত ছেসলিৰ বয়স আছিল মাত্ৰ ৩০ বছৰ। ছেসলিৰ জন্ম হৈছিল ১৯৯১চনত মিছিগানত। ২০১৭চনত আইনৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰা ছেসলিয়ে ২০১৯চনত মিছ ইউএছএ খিতাপ জিকিছিল।এটা টেলিভিছন নিউজ চেনেলত মনোৰঞ্জন সংবাদদাতা হিচাপেও কাম কৰি আছিল ছেসলি ক্রাইষ্টে। ছেসলি ক্রাইষ্টে মিছ ইউএছএৰ প্ৰতিযোগিতাত প্ৰৱেশ কৰাৰ আগতে তেওঁ এগৰাকী উকীল হিচাপে কাম কৰিছিল। তেওঁ পাঁচগৰাকী কৃষ্ণাঙ্গ মহিলাৰ এটা গোটৰ অংশ আছিল যিয়ে সেই বছৰ প্ৰথমবাৰৰ বাবে পাঁচটা মুখ্য গোলকীয় সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হৈছিল। আত্মহত্যাৰ কেইঘন্টামান পূৰ্বে ছেসলিয়ে ছচিয়েল মিডিয়া একাউন্টত এটা প’ষ্ট দিছিল। তাত তেওঁ লিখিছিল যে ''এই দিনটোৱে তোমাৰ জীৱনত শান্তি ঘুৰাই দিয়ক।'' তদন্তকাৰী আৰক্ষীয়ে এই প’ষ্টটো বিশ্লেষণ কৰাৰ চেষ্টা কৰিছে। দৰাচলতে ‘তুমি’ বুলি ছেসলিয়ে কাক বুজাইছে তাৰো অনুসন্ধান চলাইছে আৰক্ষীয়ে। ছেসলিৰ মৃত্যুৰ আঁৰত কোনো সম্পৰ্ক জড়িত আছে নেকি বিষয়ে তদন্ত আৰম্ভ হৈছে। ছেসলি ক্রাইষ্টৰ মৃত্যুত দুখত ভাগি পৰিছে তেওঁৰ পৰিয়াল। ছেসলিৰ পৰিয়ালে কয়, "আমাৰ সকলো শেষ হৈ গ’ল। তাই এক মহান পোহৰ আছিল যিয়ে তাইৰ সৌন্দৰ্য আৰু শক্তিৰে সমগ্ৰ পৃথিৱীৰ আন মানুহক অনুপ্ৰাণিত কৰিছিল।" উল্লেখ্য যে এইবাৰৰ মিছ ইউনিভাৰ্ছ ভাৰতীয় সুন্দৰী হৰনাজ সান্ধুৰ সৈতেও সুন্দৰ বন্ধুত্ব আছিল প্ৰাক্তন মিছ ইউএছএ ছেসলি ক্রাইষ্টৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু