--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী, দুগৰাকী, তিনিগৰাকী নহয় ৮ পত্নীৰে এজন লোকে ৰচনা কৰিছে সুখৰ সংসাৰ। কোনো ৰাগ নাই কোনো জঞ্জাল নাই আটাইকেইজনে মিলি-জুলি একেখন ঘৰতে হাঁহি হাঁহি কটাইছে জীৱন। বৰ্তমান সময়ত বিবাহ বিচ্ছেদৰ সংখ্যা দিনকদিনে বাঢ়িছে। এগৰাকী পত্নীৰ সৈতেই কোনো কোনো লোকৰ সংসাৰ চলোৱাত ইমান সমস্যা আহি পৰে যে বিবাহ বিচ্ছেদ কৰিবলৈ বাধ্য হৈ পৰে, তেনেস্থলত ৮গৰাকী পত্নীক লগত লৈ একেখন ঘৰতে সোণৰ সংসাৰ পতা লোকজনক লৈ সকলোতে চৰ্চা আৰম্ভ হৈছে। তেওঁৰ নাম অং ডাম চৰট। তেওঁ থাইলেণ্ডৰ এগৰাকী যুৱ টেটু শিল্পী। অং ডাম চৰটে কয় যে তেওঁৰ প্ৰতিগৰাকী পত্নীৰ নিজা গুণ আছে। তেওঁ কেতিয়া আৰু কেনেকৈ কোনজনী ছোৱালীক লগ পাইছিল আৰু তাৰপাছত তেওঁৰ ৮খনকৈ বিয়া কেনেকৈ হৈছিল সেয়াও প্ৰকাশ কৰিছে।প্ৰথম পত্নীৰ নাম নং স্প্ৰাইট। অং ডামে নং স্প্ৰাইটক এজন বন্ধুৰ বিয়াত লগ পাইছিল। দ্বিতীয় পত্নীৰ নাম নং এল। অং ডামে তেওঁক বজাৰত লগ পাইছিল। তৃতীয় পত্নীৰ নাম নং নেন। এখন চিকিৎসালয়ত তেওঁক লগ পাইছিল। চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ পত্নীৰ সৈতে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত চিনাকি হৈছিল। মন্দিৰত দৰ্শনৰ সময়ত সপ্তম পত্নীক লগ পাইছিল। চাৰিগৰাকী পত্নীৰ সৈতে পাট্টায়াত বন্ধৰ দিন উপভোগ কৰিবলৈ যাওঁতে অষ্টম পত্নীক লগ পাইছিল অং ডাম চৰটে। ঘৰখনত ৮গৰাকী পত্নীৰ উপৰিও চৰটৰ এটা সন্তানো আছে। সন্তানটিৰ মাতৃ হৈছে চৰটৰ প্ৰথম পত্নী। তেওঁৰ দুগৰাকী পত্নী বৰ্তমান গৰ্ভৱতী। ঘৰটোত চাৰিটা শোৱনি কোঠা আছে আৰু প্ৰতিটো শোৱনি কোঠাত দুগৰাকী পত্নী বাস কৰে। সকলোৱে কয় যে তেওঁলোকৰ একেলগে থকাত কোনো সমস্যা নাই আৰু তেওঁলোকৰ মাজত কেতিয়াও কোনো বিষয়ত বিবাদ নহয়। চৰটৰ প্ৰথম পত্নীয়ে কৈছিল যে তেওঁহে স্বামীক দ্বিতীয় বিবাহৰ অনুমতি দিছিল। আন সাতগৰাকী মহিলাই কয় যে "আমি জানিছিলো যে চৰট ইতিমধ্যে বিবাহিত কিন্তু তথাপিও তেওঁৰ প্ৰেমত পৰিছিলো। আমি আনন্দেৰে এই জীৱন গ্ৰহণ কৰিছো। আমাৰ স্বামীয়ে সকলোৰে বৰ যত্ন লয় আৰু সকলোকে মৰম কৰে।" অং ডাম চৰটে কয় যে "মই মোৰ আটাইকেইগৰাকী পত্নীক কৈছো যে যদি তেওঁলোকে ভৱিষ্যতে আন কাৰোবাৰ প্ৰেমত পৰে, তেন্তে তেওঁলোকে মোক কোনো সংকোচ নোহোৱাকৈ ক'ব পাৰিব। মই তেওঁলোকক তিনিবাৰ সুধিম যে তেওঁলোকে মোক এৰি যাব বিচাৰে নেকি। যদি তেওঁৰ উত্তৰ 'হয়' হয়, মই আনন্দেৰে তেওঁক যাবলৈ অনুমতি দিম। 'অং ডেম চৰটে লগতে কয়, "মোক লৈ মানুহে ভুল ধাৰণা কৰে যে, মই এজন অতি ধনী ব্যক্তি আৰু সেয়েহে মই ৮ গৰাকী পত্নীৰ খৰচ বহন কৰিবলৈ সক্ষম। বিশ্বাস কৰক, এই সকলোবোৰ ভুল ধাৰণা। মই ধনী নহয়। আমি সকলোৱে আমাৰ প্ৰয়োজন অনুসৰি কাম কৰোঁ আৰু টকা উপাৰ্জন কৰোঁ।'' উল্লেখ্য যে ৮ গৰাকী পত্নীৰ দৃষ্টিত অং ডাম চৰট হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ পুৰুষ। তেওঁলোকে ভাগ্যৰ বলত হে এইজন লোকক স্বামী হিচাপে পোৱা বুলি বিশ্বাস কৰে। আৰু পঢ়কঃ অসমলৈ শান্তি ঘূৰি আহিছে! মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই বিধায়ক কুৰ্মীয়ে এৰিলে দেহৰক্ষী

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ