--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান সময়ত কম বয়সৰ লোকসকল হাৰ্ট এটেকৰ বলি হোৱা দেখা গৈছে। এনে পৰিস্থিতিত বহুতে শাৰীৰিক ক্ৰিয়া-কলাপ কৰা বন্ধ কৰি দিছে যদিও নতুন গৱেষণাৰ মতে যদি আপুনি নিয়মিতভাৱে ব্যায়াম কৰে তেন্তে হাৰ্ট এটেক বহু পৰিমাণে হ্ৰাস পাব পাৰে। কাৰণ নিয়মিত ব্যায়ামে আমাক ষ্ট্ৰোক আৰু হৃদযন্ত্ৰৰ লগত জড়িত বহুতো ৰোগৰ পৰা ৰক্ষা কৰে।

 গৱেষণাই কি কয়?

অনলি মাই হেল্থৰ বিজ্ঞানীসকলে ব্যায়াম আৰু হৃদৰোগৰ ওপৰত চলোৱা এক গৱেষণাত প্ৰথম ষ্ট্ৰোকৰ পাছত ব্যায়াম কৰিলে দ্বিতীয় ষ্ট্ৰোকৰ আশংকা হ্ৰাস কৰিব পৰা যায় নেকি সেই বিষয়ে জানিবলৈ প্ৰয়াস কৰা হৈছে। ইয়াৰ বাবে বিজ্ঞানীসকলে প্ৰায় ১১০০ প্ৰাপ্তবয়স্কৰ তথ্য সংগ্ৰহ কৰে। এই আটাইকেইজন লোকৰ ১৯৯০ চনৰ পৰা ২০১৮ চনৰ শেষৰ ফালে এবাৰল হ’লেও হাৰ্ট এটেক বা ষ্ট্ৰোক হৈছিল আৰু তেওঁলোকৰ গড় বয়স আছিল ৭৩ বছৰ। বিজ্ঞানীসকলে তেওঁলোকৰ প্ৰতিবেদন অনুসৰি যিসকল লোকে শাৰীৰিকভাৱে সুস্থ আৰু ফিট হৈ থাকে আৰু নিয়মিতভাৱে কিছু ব্যায়াম কৰে, তেওঁলোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা ৩৪% কম হয়।

 উল্লেখ্য যে গৱেষকসকলৰ মতে হৃদৰোগৰ পৰা হাত সাৰিবলৈ ব্যায়াম অতি প্ৰয়োজনীয়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি জিমত হাৰ্ডকোৰ ৱৰ্কআউট কৰি থাকিব লাগে। আমি স্বাভাৱিক খোজকঢ়া, সাঁতোৰ, চাইকেল চলোৱা, দৌৰা, জগিং আৰু হৃদযন্ত্ৰৰ ব্যায়াম আমাৰ ৰুটিনত অন্তৰ্ভুক্ত কৰা উচিত। এইবোৰ কৰিলে হাৰ্ট এটেকৰ আশংকা হ্ৰাস পাব পাৰি আৰু আনকি যিসকলৰ আগতে হাৰ্ট এটেকৰ বলি হৈছিল, তেওঁলোকৰ দ্বিতীয়টো এটেক হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।

 হাৰ্ট এটেকৰ পৰা হাত সাৰিবলৈ এইকেইটা অভ্যাস মানি চলক-

* ধূমপান নকৰিব

* ওজন নিয়ন্ত্ৰণ কৰক

* নিয়মিত ব্যায়াম কৰক

* বেয়া কলেষ্টেৰল হ্ৰাস কৰে

* স্বাস্থ্যসন্মত খাদ্যাভ্যাস মানি চলক

* টোপনিৰ স্বাস্থ্য উন্নত কৰা

* মানসিক চাপৰ পৰা আঁতৰি থাকক

* তেজত ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰক


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু