--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অভাৰহাইড্ৰেচন মানে অধিক পানী খোৱাটোও অতি বিপজ্জনক। আনকি ই মৃত্যুৰ কাৰণো হ’ব পাৰে। বৰ্তমান সময়ত বহুতে ফিট হৈ থাকিবলৈ দীৰ্ঘদিন ধৰি কেৱল তৰল পদাৰ্থহে খায়, শৰীৰৰ বাবে ই অতি বিপদজনক। অভাৰহাইড্ৰেচন কি আৰু ইয়াৰ বাবে আপুনি কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে সেই বিষয়ে জানি লওক।

ব্ৰুচ লী বিশ্বজুৰি এজন মহান যুদ্ধ শিল্পী হিচাপে পৰিচিত আছিল। শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে যে অত্যধিক পানী খোৱাৰ বাবেই ব্ৰুচ লীৰ মৃত্যু হৈছিল। এই গৱেষণাত কোৱা হৈছে যে অত্যধিক পানী খোৱাৰ বাবে তেওঁৰ মগজু ফুলি উঠিছিল আৰু বৃক্ক পানীৰে ভৰি পৰিছিল। যাৰ বাবে তেওঁৰ হঠাতে মৃত্যু হয়। গৱেষণাৰ পৰা এইটোও কোৱা হৈছে যে ব্ৰুচ লীয়ে খাদ্য নাখাইছিল আৰু কেৱল নিজকে ফিট কৰি ৰাখিবলৈ তৰল পদাৰ্থ খাইছিল। অৰ্থাৎ তেওঁৰ মৃত্যুৰ আঁৰৰ কাৰণ আছিল অভাৰহাইড্ৰেচন।

বৃক্কৰ ক্ষমতাতকৈ অধিক পানী খোৱাটো বিপদজনক
ব্ৰুচ লীৰ মৃত্যু সন্দৰ্ভত গৱেষণাত প্ৰকাশ পোৱা তথ্যৰ পিছত এতিয়া এই কথা পোহৰলৈ আহিছে যে অত্যধিক পানী খোৱাটো আমাৰ শৰীৰৰ বাবে বিপজ্জনক। বিপদ ইমানেই বেছি যে অত্যধিক পানী খোৱাটোও মৃত্যুৰ কাৰণ হৈ উঠিব পাৰে। বিশেষজ্ঞসকলে কয় যে অতিমাত্ৰা পানী খালে ইন্ট্ৰাক্ৰেনিয়েল চাপ বৃদ্ধি পায়। অভাৰহাইড্ৰেচন সৃষ্টি হয় যেতিয়া এজন ব্যক্তিয়ে তেওঁৰ বৃক্কে চম্ভালিব পৰাতকৈ অধিক পানী খাবলৈ আৰম্ভ কৰে। এইদৰে আমাৰ শৰীৰত পানীৰ পৰিমাণ ইমানেই হৈ পৰে যে শৌচাগাৰৰ মাজেৰে পাৰ হৈও কমি নাযায়।

শেহতীয়াকৈ স্পেইনৰ এগৰাকী কিডনী বিশেষজ্ঞৰ ‘ক্লিনিকেল কিডনী জাৰ্নেল’ৰ ডিচেম্বৰ সংস্কৰণ প্ৰকাশ পাইছে। এই জাৰ্নেলত কোৱা হৈছিল যে ব্ৰুচ লীৰ বৃক্কত পানী ভৰি আছিল, যিটো সঠিক সময়ত আঁতৰোৱা হোৱা নাছিল।

দৈনিক কিমান পানী খোৱাটো নিৰাপদ
শৰীৰ অনুসৰি পানীৰ প্ৰয়োজনীয়তাৰ কথা ক’লে, সেইটো নিৰ্ণয় কৰিবলৈ প্ৰথমে আপোনাৰ ওজন জুখিব। ওজন জোখাৰ পিছত ৩০ ৰে ভাগ কৰক। এতিয়া যি সংখ্যা আহিব সেয়া হ’ল আপোনাৰ খোৱা পানীৰ হিচাপ। উদাহৰণ স্বৰূপে -

যদি আপোনাৰ ওজন ৬০ কিলোগ্ৰাম হয়।

৬০ক ৩০ ৰে ভাগ কৰিলে ২ আহিব।

অৰ্থাৎ সুস্থ হৈ থাকিবলৈ প্ৰতিদিনে ২ লিটাৰ পানী খাব লাগে।

বিশেষজ্ঞসকলেও কয় যে আপোনাৰ শৰীৰ অনুযায়ী পানী খাব লাগে। কাৰণ অতিৰিক্ত বা কম পানীৰ দুয়োটা পৰিস্থিতিয়ে শৰীৰৰ বাবে বিপদজনক হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক