--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনসংগী বিচাৰি আছে অভিনেত্ৰী ৰাইমা সেনে! অভিনেত্ৰীগৰাকীৰ অভিনয় কেৰিয়াৰ এটা যুগতকৈও অধিক যুগ পাৰ হৈ গৈছে। শেহতীয়াকৈ এখন বাংলা সংবাদপত্ৰৰ আগত অভিনেত্ৰীগৰাকীয়ে নিজৰ জীৱনসংগীগৰাকী কেনেকুৱাহ’ব লাগিব, সেই বিষয়ে মত ব্যক্ত কৰিছে৷

ৰাইমাই কয়, ‘মই বিয়া হ’ব বিচাৰো। সঠিক পাত্ৰ পালেই বিয়া হ'ম।" কিন্তু কেনেধৰণৰ পাত্ৰ বিচাৰে ৰাইমাই? তেওঁৰ স্পষ্ট উত্তৰ- "মই ভাল মানুহ বিচাৰো।"

ৰাইমাই লগতে কয়, ‘মই এনেকুৱা এজন মানুহ বিচাৰো যিয়ে মোৰ জীৱনশৈলীৰ লগত মিলিব পাৰে, অলপ ৰসবোধ থাকিব লাগিব। বেংকত টকা থকাটো গুৰুত্বপূৰ্ণ। সেইটো নাথাকিলে কাম নহ’ব।’’

জীৱনসংগীগৰাকী এজন ভাল বন্ধু হ’ব লাগিব বুলিও কয় অভিনেত্ৰীগৰাকীয়ে। হিন্দী আৰু বাংলা দুয়োটা উদ্যোগতে সমানে কাম কৰি আহিছে ৰাইমাই। কিন্তু তেওঁৰ লক্ষ্য আগতকৈও বেছি ভাল কাম কৰা। ৰাইমাৰ ভাষাত- "মই অলপ বাচি বাচি কাম কৰো৷  মই ভাল কামৰ পক্ষপাতী।”

বলিউডত ৰাইমাই  কেইবাখনো ছবিৰ কাম কৰি আছে। এখন বাংলা ধাৰাবাহিকখনৰ উপৰিও তেওঁৰ এখন তামিল ছবি মুক্তিৰ বাবে অপেক্ষা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ