--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱাজুদ্দিন ছিদ্দিকী আৰু তেওঁৰ পত্নী আলিয়া ছিদ্দিকিৰ ভগ্ন সংসাৰ দীৰ্ঘদিন ধৰি চৰ্চিত হৈ আহিছে। আলিয়াই পুনৰ নৱাজুদ্দিন আৰু অভিনেতাজনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে। নিজৰ ঘৰতে গৃহবন্দী হোৱাৰ দৰে অনুভৱ হৈছে তেওঁৰ।

আলিয়াৰ অধিবক্তাগৰাকীয়েও অভিযোগ আনিছে অভিনেতাজনৰ বিৰুদ্ধে। অভিযোগ কৰা হৈছে যে অভিনেতাজনৰ পৰিয়ালে আলিয়াক এসপ্তাহধৰি খাদ্যৰ যোগান ধৰা নাই। শৌচাগাৰ ব্যৱহাৰৰো অনুমতি নাই।

এই সংঘাতৰ উৎপত্তি মূলতঃ অভিনেতাৰ মাতৃ মেহৰুন্নিছা ছিদ্দিকিক কেন্দ্ৰ কৰি। সম্পত্তিৰ সৈতে জড়িত জটিলতাৰ ফলতে সংঘাতৰ সৃষ্টি হয়। বোৱাৰী আৰু শাহুৱেকৰ মাজত হোৱা এই সংঘাতৰ ফলত অভিনেতাগৰাকীৰ মাতৃয়ে আৰক্ষীৰ দ্বাৰস্থ হয়। তেতিয়াৰ পৰাই পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত অভিনেতাগৰাকীৰ পত্নীৰ অধিবক্তাই বিস্ফোৰক দাবী উত্থাপন কৰিছে। তেওঁ আৰক্ষীৰ তদন্তক লৈও প্ৰশ্ন উত্থাপন কৰে।

আলিয়াৰ অধিবক্তাৰ ভাষাত "প্ৰায় প্ৰতিদিনে আলিয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়ে। আলিয়াক জেৰা কৰাৰ উপৰিও সৰু ল’ৰাটোকো ৰেহাই নিদিয়ে। আনকি নৱাজৰ সৈতে তেওঁৰ সম্পৰ্কক লৈও আৰক্ষীয়ে প্ৰশ্ন উত্থাপন কৰে।’’

আলিয়াই ইতিমধ্যে নৱাজৰ পৰিয়ালৰ বিৰুদ্ধে ৫০৯ ধাৰাত এজাহাৰ দাখিল কৰিছে। অভিনেতাগৰাকীৰ পত্নীৰ অধিবক্তাই পোনপটীয়াকৈ নৱাজুদ্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আলিয়া আৰু তাইৰ সন্তানক ২৪ ঘণ্টাই পুৰুষ দেহৰক্ষীৰ দ্বাৰা ঘেৰি ৰখা হৈছে৷

আলিয়াই ২০২০ চনত নৱাজ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ দাখিল কৰিছিল। আলিয়াই কৈছিল স্বামী নৱাজুদ্দিলে কেতিয়াও মাৰধৰ নকৰিলেও  ভাতৃ শ্বামাছ ছিদ্দিকীৰ হাতত তেওঁ প্ৰহৃত হৈছিল। তেতিয়াৰ পৰাই নৱাজুদ্দিন আৰু আলিয়া পৃথকে পৃথকে থাকে। বিবাহ বিচ্ছেদৰ কথা উলায়৷

কিন্তু ২০২১ চনত আলিয়াই নৱাজৰ স’তে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত বাতিল কৰে। কিন্তু শেহতীয়াকৈ পুনৰ তেওঁলোকৰ দাম্পত্য কলহৰ বাতৰি শিৰোনামালৈ আহিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ