--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱাজুদ্দিন ছিদ্দিকী আৰু তেওঁৰ পত্নী আলিয়া ছিদ্দিকিৰ ভগ্ন সংসাৰ দীৰ্ঘদিন ধৰি চৰ্চিত হৈ আহিছে। আলিয়াই পুনৰ নৱাজুদ্দিন আৰু অভিনেতাজনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে। নিজৰ ঘৰতে গৃহবন্দী হোৱাৰ দৰে অনুভৱ হৈছে তেওঁৰ।

আলিয়াৰ অধিবক্তাগৰাকীয়েও অভিযোগ আনিছে অভিনেতাজনৰ বিৰুদ্ধে। অভিযোগ কৰা হৈছে যে অভিনেতাজনৰ পৰিয়ালে আলিয়াক এসপ্তাহধৰি খাদ্যৰ যোগান ধৰা নাই। শৌচাগাৰ ব্যৱহাৰৰো অনুমতি নাই।

এই সংঘাতৰ উৎপত্তি মূলতঃ অভিনেতাৰ মাতৃ মেহৰুন্নিছা ছিদ্দিকিক কেন্দ্ৰ কৰি। সম্পত্তিৰ সৈতে জড়িত জটিলতাৰ ফলতে সংঘাতৰ সৃষ্টি হয়। বোৱাৰী আৰু শাহুৱেকৰ মাজত হোৱা এই সংঘাতৰ ফলত অভিনেতাগৰাকীৰ মাতৃয়ে আৰক্ষীৰ দ্বাৰস্থ হয়। তেতিয়াৰ পৰাই পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত অভিনেতাগৰাকীৰ পত্নীৰ অধিবক্তাই বিস্ফোৰক দাবী উত্থাপন কৰিছে। তেওঁ আৰক্ষীৰ তদন্তক লৈও প্ৰশ্ন উত্থাপন কৰে।

আলিয়াৰ অধিবক্তাৰ ভাষাত "প্ৰায় প্ৰতিদিনে আলিয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়ে। আলিয়াক জেৰা কৰাৰ উপৰিও সৰু ল’ৰাটোকো ৰেহাই নিদিয়ে। আনকি নৱাজৰ সৈতে তেওঁৰ সম্পৰ্কক লৈও আৰক্ষীয়ে প্ৰশ্ন উত্থাপন কৰে।’’

আলিয়াই ইতিমধ্যে নৱাজৰ পৰিয়ালৰ বিৰুদ্ধে ৫০৯ ধাৰাত এজাহাৰ দাখিল কৰিছে। অভিনেতাগৰাকীৰ পত্নীৰ অধিবক্তাই পোনপটীয়াকৈ নৱাজুদ্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আলিয়া আৰু তাইৰ সন্তানক ২৪ ঘণ্টাই পুৰুষ দেহৰক্ষীৰ দ্বাৰা ঘেৰি ৰখা হৈছে৷

আলিয়াই ২০২০ চনত নৱাজ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ দাখিল কৰিছিল। আলিয়াই কৈছিল স্বামী নৱাজুদ্দিলে কেতিয়াও মাৰধৰ নকৰিলেও  ভাতৃ শ্বামাছ ছিদ্দিকীৰ হাতত তেওঁ প্ৰহৃত হৈছিল। তেতিয়াৰ পৰাই নৱাজুদ্দিন আৰু আলিয়া পৃথকে পৃথকে থাকে। বিবাহ বিচ্ছেদৰ কথা উলায়৷

কিন্তু ২০২১ চনত আলিয়াই নৱাজৰ স’তে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত বাতিল কৰে। কিন্তু শেহতীয়াকৈ পুনৰ তেওঁলোকৰ দাম্পত্য কলহৰ বাতৰি শিৰোনামালৈ আহিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধিঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লাভ কৰা ধন লৈ পলাল এগৰাকী মহিলা
দীপাৱলীৰ বতৰত জয়পুৰত দেশৰ সবাতোকৈ দামী মিঠাই
বালিত পোত গ'ল পঞ্জাবৰ ৩ লাখ হেক্টৰ কৃষিভূমি
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক