--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপ আৰম্ভ হোৱাৰ কেইসপ্তাহমান আগতে দলটোৰ প্ৰশিক্ষক হিচাপে অনা হৈছিল গেৰী কাৰ্ষ্টেন। সেই ধৰণে দলৰ লগত তেওঁৰ বুজাবুজি নাছিল। ইফালে চলিত টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰা আঁতৰি গৈছে পাকিস্তানে। দলটো যোৱাৰ লগে লগে মুখ্য প্ৰশিক্ষক গেৰী কাৰ্ষ্টেনে মুখ মেলিলে।

কাৰ্ষ্টেনৰ মতে, দল হিচাপে খেলা নাছিল বাবে পাকিস্তানে পৰাস্ত হৈছিল। ক্ৰিকেটাৰৰ মাজত নাই একতা।’’ সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে পাকিস্তানৰ দলত কোনো ঐক্য নাই। গ্ৰুপ বুলি ক’ব পাৰি। কিন্তু ই কোনো দল নহয়। কোনো ক্ৰিকেটাৰে কাকো সহায় নকৰে। সকলো বেলেগ বেলেগ। নিজৰ বাটত যায়।”

ইয়াৰ পূৰ্বে কাৰ্ষ্টেনে ভাৰতক প্ৰশিক্ষক হিচাপে ২০১১ চনৰ এদিনীয়া বিশ্বকাপত জয়লাভ কৰিছিল। আই পি এলতো কেইবাটাও দলৰ প্ৰশিক্ষকতাৰ অভিজ্ঞতা আছে। কাৰ্ষ্টেনে কেতিয়াও এনেকুৱা গোট ক’তো দেখা নাছিল। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ ভাষাত, ‘মই বহু দলত কাম কৰিছো। কিন্তু তেনে অভিজ্ঞতা ক’তো নাছিল। জীৱনত এনেকুৱা দল দেখা নাই।"

পাকিস্তানী ক্ৰিকেটাৰসকলৰ ফিটনেছ দেখি তেওঁ আচৰিত হৈছিল বুলি কয় কাৰ্ষ্টেনে। তেওঁ অনুভৱ কৰে যে ক্ৰিকেট খেলৰ দক্ষতাৰ ক্ষেত্ৰত বাবাৰসকল আন দলৰ পৰা পিছ পৰি আছে। এই সকলোবোৰ কাৰণতে প্ৰশিক্ষকে ভাবে যে তেওঁলোকে বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰা আঁতৰি আহিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement