--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পিছত পাকিস্তানক চৌদিশৰ পৰা সমালোচনাৰ সন্মুখীন হৈছে। প্ৰাক্তন ক্ৰিকেটাৰসকলে কাৰ্যতঃ গোটেই দলটোক সমালোচনা কৰিছে। সেই তালিকাত শোয়াইব মালিকৰ নাম যোগ হ’ল। ছানিয়া মিৰ্জাৰ প্ৰাক্তন স্বামীয়ে কয় যে তেওঁ অধিনায়ক হোৱা হ’লে তৎক্ষণাত পদত্যাগ কৰিলেহেঁতেন। 

বাবৰে স্পষ্টকৈ কৈছে যে বিশ্বকাপৰ বিপৰ্যয়ৰ পাছতো তেওঁ অধিনায়কত্ব এৰি নিদিয়ে। এটা টিভি চেনেলৰ আগত মালিকে কয়, ‘বাবৰ আজমৰ ঠাইত মই থাকিলে লগে লগে অধিনায়কৰ পদৰ পৰা পদত্যাগ কৰি নিজৰ খেলত মনোনিৱেশ কৰিলোঁহেঁতেন। পাকিস্তানৰ কেপ্তেইন হৈ থাকোঁতে মোৰ লগত এনেকুৱা হৈছিল। পিছলৈ ২০০৯–১০ ছিজনত তেওঁক পুনৰ অধিনায়কৰ পদৰ প্ৰস্তাৱ দিয়া হয়। মই মান্তি হোৱা নাছিলো। মোৰ ক্ৰিকেটত মনোনিৱেশ কৰিব বিচাৰিছিলো।”

শ্বোয়াইবে লগতে কয়, ‘বাবৰ আজমৰ পৰিসংখ্যা চাই এই কথা কৈছোঁ। বাবৰে যদি নিজৰ উন্নতি সাধন কৰি দীৰ্ঘদিন দেশৰ হৈ খেলিব বিচাৰে তেন্তে এতিয়াই তেওঁৰ ক্ৰিকেটলৈ চোৱাৰ প্ৰয়োজন আছে। অধিনায়ক হ’ল এনে এজন ব্যক্তি যিয়ে দলৰ বাবে ক্ৰিকেটাৰ উৎপাদন কৰিব পাৰে।”

তথ্যৰ উল্লেখ কৰি শ্বোৱেইবে দেখুৱাইছে যে পাকিস্তানে বাবৰৰ অধীনত ৬খন আইচিচি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। এটাও জিকিব নোৱাৰিলে। কেতিয়াও অধিনায়ক হিচাপে জিৰণি লোৱা নাছিল। গতিকে এতিয়া তেওঁ নেতৃত্ব এৰি নিজৰ ক্ৰিকেটত মনোনিৱেশ কৰা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement