--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পিছত পাকিস্তানক চৌদিশৰ পৰা সমালোচনাৰ সন্মুখীন হৈছে। প্ৰাক্তন ক্ৰিকেটাৰসকলে কাৰ্যতঃ গোটেই দলটোক সমালোচনা কৰিছে। সেই তালিকাত শোয়াইব মালিকৰ নাম যোগ হ’ল। ছানিয়া মিৰ্জাৰ প্ৰাক্তন স্বামীয়ে কয় যে তেওঁ অধিনায়ক হোৱা হ’লে তৎক্ষণাত পদত্যাগ কৰিলেহেঁতেন। 

বাবৰে স্পষ্টকৈ কৈছে যে বিশ্বকাপৰ বিপৰ্যয়ৰ পাছতো তেওঁ অধিনায়কত্ব এৰি নিদিয়ে। এটা টিভি চেনেলৰ আগত মালিকে কয়, ‘বাবৰ আজমৰ ঠাইত মই থাকিলে লগে লগে অধিনায়কৰ পদৰ পৰা পদত্যাগ কৰি নিজৰ খেলত মনোনিৱেশ কৰিলোঁহেঁতেন। পাকিস্তানৰ কেপ্তেইন হৈ থাকোঁতে মোৰ লগত এনেকুৱা হৈছিল। পিছলৈ ২০০৯–১০ ছিজনত তেওঁক পুনৰ অধিনায়কৰ পদৰ প্ৰস্তাৱ দিয়া হয়। মই মান্তি হোৱা নাছিলো। মোৰ ক্ৰিকেটত মনোনিৱেশ কৰিব বিচাৰিছিলো।”

শ্বোয়াইবে লগতে কয়, ‘বাবৰ আজমৰ পৰিসংখ্যা চাই এই কথা কৈছোঁ। বাবৰে যদি নিজৰ উন্নতি সাধন কৰি দীৰ্ঘদিন দেশৰ হৈ খেলিব বিচাৰে তেন্তে এতিয়াই তেওঁৰ ক্ৰিকেটলৈ চোৱাৰ প্ৰয়োজন আছে। অধিনায়ক হ’ল এনে এজন ব্যক্তি যিয়ে দলৰ বাবে ক্ৰিকেটাৰ উৎপাদন কৰিব পাৰে।”

তথ্যৰ উল্লেখ কৰি শ্বোৱেইবে দেখুৱাইছে যে পাকিস্তানে বাবৰৰ অধীনত ৬খন আইচিচি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। এটাও জিকিব নোৱাৰিলে। কেতিয়াও অধিনায়ক হিচাপে জিৰণি লোৱা নাছিল। গতিকে এতিয়া তেওঁ নেতৃত্ব এৰি নিজৰ ক্ৰিকেটত মনোনিৱেশ কৰা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু