--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনত বহু চেষ্টা কৰিও তেওঁ কোনো মহিলাৰ সংগ সুখ  লাভ কৰা নাই। কোনেও তেওঁৰ সৈতে শাৰীৰিক অথবা মানসিক সম্পৰ্ক ৰাখিবলৈ সন্মত হোৱা নাই। বাৰে বাৰে মহিলাৰ মন জয় কৰাত বিফল হৈ মহিলাৰ প্ৰতি বিৰাগ জন্মিছে তেওঁৰ।এই বিৰাগ  ইমানেই তীব্ৰ হৈ পৰিছিল যে  যে শেষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওহাইঅ' বিশ্ববিদ্যালয়ৰ এইগৰাকী  ২২ বছৰীয়া ছাত্ৰই ৩,০০০ মহিলাক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। উদ্দেশ্য আছিল মহিলাৰ ওপৰত প্ৰতিশোধ লোৱা।

কিন্তু তিনিহাজাৰ মহিলাক হত্যাৰ পৰিকল্পনা কৰি  ট্ৰেচ জেঙ্কো নামৰ যুৱক জনশেষত আৰক্ষীৰ জালত পৰিবলগীয়া হৈছে। মাৰ্কিন আইন অনুসৰি  তেওঁ আজীৱন কাৰাবাসৰ সন্মুখীন হ'ব পাৰে।
 আৰক্ষীয়ে প্ৰকাশ কৰা মতে তেওঁ এজন স্বঘোষিত 'ইনচেল'। অৰ্থাৎ এক অনলাইন গ্ৰুপৰ সদস্য। এই গ্ৰুপৰ  সদস্যসকলে  অনলাইনৰ জৰিয়তে কম বয়সৰ ছোৱালীবোৰৰ সৈতে  সম্পৰ্ক স্থাপন কৰে।কিন্তু ট্ৰেচ জেঙ্কোই বহু চেষ্টা কৰিও এই কামত সফল হ’ব পৰা নাছিল।সেইবাবেই তেওঁ আন  পুৰুষ আৰু মহিলাক দেখি   ঈৰ্ষাত ভুগিছিল।

জুলাই ২০১৯ ৰ পৰা মাৰ্চ ২০২০ লৈ, জেঙ্কোৱে এটা অনলাইন গোট চলাইছিল। সেই সময়ত তেওঁ গোটটোৰ বাকী সকলৰ সৈতে মহিলাৰ বিৰুদ্ধে বিভিন্ন  আলোচনা কৰিছিল। মহিলাৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবেই  অভিযুক্ত যুৱকজনে সামৰিক প্ৰশিক্ষণো লৈছিল। তেওঁ জৰ্জিয়াৰ এটা সেনা প্ৰশিক্ষণ শিবিৰৰ সদস্য হৈছিল। তাৰ পিছত তেওঁ ওহাইঅ'ৰ এখন বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিছিল। এই সময়ৰ পৰাই জেঙ্কোৱে মহিলাসকলক হত্যা কৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰে। 

অনুসন্ধানৰ সময়ত, আৰক্ষীয়ে জানিব পাৰে  যে জেঙ্কোৱে ইণ্টাৰনেটৰ পৰা  একেলগে অসংখ্য মহিলাক কেনেদৰে হত্যা কৰিব লাগে সেয়া  জানিবলৈ চেষ্টা কৰিছিল। তাৰ পিছত তেওঁ নিজৰ  'নিয়ম' সৃষ্টি কৰিছিল। তাত তেওঁ কৈছিল যে তেওঁৰ সেই মহিলাসকলক ধৰ্ষণ কৰাৰ অধিকাৰ আছে যিসকলে তেওঁক  লগ পাবলৈ অনিচ্ছুক। 

জেঙ্কোৱে ২০১৪ চনত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত হোৱা গুলীচালনাৰ উদাহৰণ  দাঙি ধৰিছিল।  য'ত মহিলাসকলক শাস্তি দিবলৈ "গুলীচালনা" কৰি গণহত্যাৰ পৰিকল্পনা কৰা হৈছিল।
তেওঁ কেৱল পৰিকল্পনা কৰাই নহয়,  এটা অত্যাধুনিক আগ্নেয়াস্ত্ৰও কিনিছিল। ৯মিমি অৰ্ধ-স্বয়ংক্ৰিয় পিষ্টল, গুলী আদিৰে জেঙ্কোৱে নিজৰ পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ সাজু হৈছিল।
কিন্তু শেষত আৰক্ষীয়ে এই ষড়যন্ত্ৰ বিষয়ে জানিব পাৰে আৰু অলপো সময় নষ্ট নকৰাকৈ তেওঁক গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে প্ৰকাশ কৰা মতে ট্ৰেচ জেঙ্কো এজন মানসিক ৰোগীও হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক