--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্ক: পাকিস্তানৰ এগৰাকী দুবছৰীয়া কণমানিৰ বাংগালোৰৰ এখন চিকিৎসালয়ত সফলতাৰে ব’ন মেৰ’ ট্ৰান্সপ্লাণ্ট (BMT Transplant) কৰা হৈছে। এই ছোৱালীজনীৰ নাম আমিৰা, তেওঁ পাকিস্তানী ক্ৰিকেট কমেণ্টেটৰ চিকন্দৰ বখতৰ কন্যা। এই পৰিয়ালটো কৰাচীৰ, কিন্তু কন্যাগৰাকীৰ চিকিৎসা কৰিবলৈ তেওঁলোক আহিছিল বাংগালোৰ স্থিত নাৰায়ণ হেল্থকেয়াৰ হস্পিতাললৈ। বুধবাৰে ছোৱালীজনীৰ কেছ ষ্টডি শ্বেয়াৰ কৰি চিকিৎসকে কয় যে বৰ্তমান আমিৰাৰ অৱস্থা ঠিকেই আছে।

হাড়ৰ মজ্জা প্ৰতিস্থাপন অৰ্থাৎ ম্যুকোপলিচেকাৰিডিঅ’ছিছ টাইপ-১ (এম পি এছ আই)ৰ চিকিৎসাৰ বাবে অমিৰাক নাৰায়ণ হেল্থকেয়াৰ হাস্পতাললৈ অনা হৈছিল। নাৰায়ণ হেল্থৰ প্ৰতিষ্ঠাপক দেৱী শ্বেট্টীয়ে সাংবাদিকৰ আগত কয় যে, “ম্যুকোপলিচেকাৰিডিঅ’ছিছ হৈছে এক বিৰল ৰোগ যিয়ে চকু আৰু মগজুকে ধৰি শৰীৰৰ বহু অংগৰ কাৰ্য্যকলাপত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়।”

চিকিৎসকে জনোৱা মতে, দানকাৰী পিতৃ চিকন্দৰ বখতৰ হাড়ৰ মজ্জাৰ পৰা অমিৰাৰ জীৱন ৰক্ষা পৰিছিল। ছোৱালীজনীৰ চিকিৎসা কৰা ডাঃ সুনীল ভটে কয় যে "Mucopolysaccharideosis হৈছে এনে এক ৰোগ, য'ত শৰীৰত এটা এনজাইম নোহোৱা হয়। সেই এনজাইমৰ অভাৱৰ বাবে ৰোগীৰ শৰীৰত বহু পৰিৱৰ্তন ঘটে। যাৰ ফলত শৰীৰৰ যকৃত আৰু প্লীহা ডাঙৰ হৈ হাড়ৰ আকাৰ সলনি হয়।"ডাঃ সুনীল ভাটে কয়, 'ছোৱালীজনীৰ কোনো ভাই-ভনী নাই, এনে অৱস্থাত আমি অভিভাৱকৰ মাজৰ এজনক দাতা হিচাপে বাছি লৈছিলো।'

"এনে বিৰল ৰোগৰ সৈতে ১৯ বছৰ বয়সত বেছিভাগ শিশুৱেই অক্ষম হৈ পৰে। ইয়াৰ লগে লগে দ্বিতীয় দশকত (২০ দশকত) বহু শিশুৰ মৃত্যু হয়। সেয়েহে হাড়ৰ মজ্জা প্ৰতিস্থাপন কৰাটোৱেই এই ৰোগৰ আটাইতকৈ ফলপ্ৰসূ চিকিৎসা। ইয়াৰ উপযুক্ত চিকিৎসা আছে।"

কণমানিজনীৰ মাতৃ সদাফে কৈছিল যে, 'ছোৱালীজনীৰ এই ৰোগৰ বিষয়ে আমাৰ কোনো জ্ঞান নাছিল, বহুত বিচাৰি ডাঃ ভটৰ লগত যোগাযোগ কৰিলোঁ। চিকিৎসক আৰু পেৰা-মেডিকেলৰ দলটোৱে আমাক বহুত সহায় কৰিছিল।'









FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ