--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্ক: পাকিস্তানৰ এগৰাকী দুবছৰীয়া কণমানিৰ বাংগালোৰৰ এখন চিকিৎসালয়ত সফলতাৰে ব’ন মেৰ’ ট্ৰান্সপ্লাণ্ট (BMT Transplant) কৰা হৈছে। এই ছোৱালীজনীৰ নাম আমিৰা, তেওঁ পাকিস্তানী ক্ৰিকেট কমেণ্টেটৰ চিকন্দৰ বখতৰ কন্যা। এই পৰিয়ালটো কৰাচীৰ, কিন্তু কন্যাগৰাকীৰ চিকিৎসা কৰিবলৈ তেওঁলোক আহিছিল বাংগালোৰ স্থিত নাৰায়ণ হেল্থকেয়াৰ হস্পিতাললৈ। বুধবাৰে ছোৱালীজনীৰ কেছ ষ্টডি শ্বেয়াৰ কৰি চিকিৎসকে কয় যে বৰ্তমান আমিৰাৰ অৱস্থা ঠিকেই আছে।

হাড়ৰ মজ্জা প্ৰতিস্থাপন অৰ্থাৎ ম্যুকোপলিচেকাৰিডিঅ’ছিছ টাইপ-১ (এম পি এছ আই)ৰ চিকিৎসাৰ বাবে অমিৰাক নাৰায়ণ হেল্থকেয়াৰ হাস্পতাললৈ অনা হৈছিল। নাৰায়ণ হেল্থৰ প্ৰতিষ্ঠাপক দেৱী শ্বেট্টীয়ে সাংবাদিকৰ আগত কয় যে, “ম্যুকোপলিচেকাৰিডিঅ’ছিছ হৈছে এক বিৰল ৰোগ যিয়ে চকু আৰু মগজুকে ধৰি শৰীৰৰ বহু অংগৰ কাৰ্য্যকলাপত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়।”

চিকিৎসকে জনোৱা মতে, দানকাৰী পিতৃ চিকন্দৰ বখতৰ হাড়ৰ মজ্জাৰ পৰা অমিৰাৰ জীৱন ৰক্ষা পৰিছিল। ছোৱালীজনীৰ চিকিৎসা কৰা ডাঃ সুনীল ভটে কয় যে "Mucopolysaccharideosis হৈছে এনে এক ৰোগ, য'ত শৰীৰত এটা এনজাইম নোহোৱা হয়। সেই এনজাইমৰ অভাৱৰ বাবে ৰোগীৰ শৰীৰত বহু পৰিৱৰ্তন ঘটে। যাৰ ফলত শৰীৰৰ যকৃত আৰু প্লীহা ডাঙৰ হৈ হাড়ৰ আকাৰ সলনি হয়।"ডাঃ সুনীল ভাটে কয়, 'ছোৱালীজনীৰ কোনো ভাই-ভনী নাই, এনে অৱস্থাত আমি অভিভাৱকৰ মাজৰ এজনক দাতা হিচাপে বাছি লৈছিলো।'

"এনে বিৰল ৰোগৰ সৈতে ১৯ বছৰ বয়সত বেছিভাগ শিশুৱেই অক্ষম হৈ পৰে। ইয়াৰ লগে লগে দ্বিতীয় দশকত (২০ দশকত) বহু শিশুৰ মৃত্যু হয়। সেয়েহে হাড়ৰ মজ্জা প্ৰতিস্থাপন কৰাটোৱেই এই ৰোগৰ আটাইতকৈ ফলপ্ৰসূ চিকিৎসা। ইয়াৰ উপযুক্ত চিকিৎসা আছে।"

কণমানিজনীৰ মাতৃ সদাফে কৈছিল যে, 'ছোৱালীজনীৰ এই ৰোগৰ বিষয়ে আমাৰ কোনো জ্ঞান নাছিল, বহুত বিচাৰি ডাঃ ভটৰ লগত যোগাযোগ কৰিলোঁ। চিকিৎসক আৰু পেৰা-মেডিকেলৰ দলটোৱে আমাক বহুত সহায় কৰিছিল।'









FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক