--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনত উন্নতি কৰিবলৈ চাণক্যই প্ৰায় ২৫০০ বছৰ আগতেই বহু কথা কৈ গৈছ। চাণক্যৰ মতে যি গছত কোনো ফল নাথাকে সেই গছ চৰায়ে ত্যাগ কৰে। কাৰণ চৰায়ে ক্ষুধা নিবাৰণৰ বাবে তেনে গছত কোনো ফল বিচাৰি নাপায়। একেদৰে আলহীয়ে গৃহস্থৰ ঘৰত ভোজন কৰাৰ পিছতেই সেই ঘৰ ত্যাগ কৰিব লাগে।

 আলহীয়ে যদি ভোজন কৰাৰ পিছতো সেই ঘৰত শয়ন কৰিব বিচাৰে অথবা আৰু কিছুদিন থাকি যাব বিচাৰে তেন্তে সেয়া গৃহস্থৰ বাবে আমনিদায়ক আৰু এক বোজা স্বৰূপ হৈ পৰে। সেইবাবে আলহীয়ে ভোজন কৰাৰ পিছতেই গৃহস্থৰ ঘৰ ত্যাগ কৰিব লাগে।চাণক্যই কোৱা মূল কথাটো হ’ল গণিকাই ধনহীন কৰে পুৰুষক, প্রজাই ক্ষমতাচ্যুত কৰে শক্তিহীন ৰজাক, চৰায়ে ফলহীন বৃক্ষক ত্যাগ কৰে। 

তেনেদৰে অতিথিসকলেও আহাৰ গ্ৰহণৰ পিছতেই গৃহস্থৰ ঘৰ ত্যাগ কৰা উচিত।একেদৰে ব্ৰাহ্মণে দক্ষিণা গ্রহণৰ পিছতেই যজমানক ত্যাগ কৰে। শিষ্যই বিদ্যা লাভৰ পিছতেই গুৰুক ত্যাগ কৰে আৰু হৰিণাই অগ্নিদগ্ধ অৰণ্য ত্যাগ কৰে। অর্থাৎ কার্য সিদ্ধি অথবা বিপদৰ আগজাননী অনুসৰি কেতবোৰ স্থান আৰু পাত্র ত্যাগ কৰিব লাগে। 

চাণক্যই তেওঁৰ শ্লোকৰ মাধ্যমেৰে মানুহে নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ পিছত কেতবোৰ নিৰ্দিষ্ট কাম কৰাৰ পৰামর্শ দিছে। ব্রাহ্মণে পূজা-পাঠ কৰিবলৈ যজমানৰ ঘৰলৈ যায়। যজমানৰ ঘৰত পূজা-পাঠ সম্পূৰ্ণ হোৱাৰ পিছতেই ব্রাহ্মণে যজমানৰ ঘৰ ত্যাগ কৰিব লাগে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক