--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনত উন্নতি কৰিবলৈ চাণক্যই প্ৰায় ২৫০০ বছৰ আগতেই বহু কথা কৈ গৈছ। চাণক্যৰ মতে যি গছত কোনো ফল নাথাকে সেই গছ চৰায়ে ত্যাগ কৰে। কাৰণ চৰায়ে ক্ষুধা নিবাৰণৰ বাবে তেনে গছত কোনো ফল বিচাৰি নাপায়। একেদৰে আলহীয়ে গৃহস্থৰ ঘৰত ভোজন কৰাৰ পিছতেই সেই ঘৰ ত্যাগ কৰিব লাগে।

 আলহীয়ে যদি ভোজন কৰাৰ পিছতো সেই ঘৰত শয়ন কৰিব বিচাৰে অথবা আৰু কিছুদিন থাকি যাব বিচাৰে তেন্তে সেয়া গৃহস্থৰ বাবে আমনিদায়ক আৰু এক বোজা স্বৰূপ হৈ পৰে। সেইবাবে আলহীয়ে ভোজন কৰাৰ পিছতেই গৃহস্থৰ ঘৰ ত্যাগ কৰিব লাগে।চাণক্যই কোৱা মূল কথাটো হ’ল গণিকাই ধনহীন কৰে পুৰুষক, প্রজাই ক্ষমতাচ্যুত কৰে শক্তিহীন ৰজাক, চৰায়ে ফলহীন বৃক্ষক ত্যাগ কৰে। 

তেনেদৰে অতিথিসকলেও আহাৰ গ্ৰহণৰ পিছতেই গৃহস্থৰ ঘৰ ত্যাগ কৰা উচিত।একেদৰে ব্ৰাহ্মণে দক্ষিণা গ্রহণৰ পিছতেই যজমানক ত্যাগ কৰে। শিষ্যই বিদ্যা লাভৰ পিছতেই গুৰুক ত্যাগ কৰে আৰু হৰিণাই অগ্নিদগ্ধ অৰণ্য ত্যাগ কৰে। অর্থাৎ কার্য সিদ্ধি অথবা বিপদৰ আগজাননী অনুসৰি কেতবোৰ স্থান আৰু পাত্র ত্যাগ কৰিব লাগে। 

চাণক্যই তেওঁৰ শ্লোকৰ মাধ্যমেৰে মানুহে নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ পিছত কেতবোৰ নিৰ্দিষ্ট কাম কৰাৰ পৰামর্শ দিছে। ব্রাহ্মণে পূজা-পাঠ কৰিবলৈ যজমানৰ ঘৰলৈ যায়। যজমানৰ ঘৰত পূজা-পাঠ সম্পূৰ্ণ হোৱাৰ পিছতেই ব্রাহ্মণে যজমানৰ ঘৰ ত্যাগ কৰিব লাগে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান