--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আকস্মিকভাৱে তেওঁ লাভ কৰিলে কন্যাৰ বিয়োগ সংবাদ৷ কন্যাৰ মৃত্যুৰ খবৰ পাইয়ে শোকাহত পিতৃৰ মূৰত ভাগি পৰিল সৰগ৷ আৰু সকৰুণ সেই ঘটনাক সহিব নোৱাৰিলে পিতৃয়ে৷

চেন্নাইত সংঘটিত হৈছে এই শোকাৱহ ঘটনা৷ চেন্নাইত সতীশ নামৰ ২৩ বছৰীয়া এজন যুৱকে বুধবাৰে সত্যপ্ৰিয়া নামৰ এগৰাকী যুৱতীক এখন চলন্ত ৰে’লত আগলৈ ঠেলি দিছিল।

সত্যপ্ৰিয়া চেন্নাইৰ জৈন মহাবিদ্যালয়ৰ ছাত্ৰী আছিল৷ মহাবিদ্যালয়লৈ যাবৰ বাবে তেওঁ  ৰৈ আছিল ৰে’ল ষ্টেচনত৷ তেতিয়াই হঠাতে সতীশ ঘটনাস্থলীত উপস্থিত হয় আৰু দুয়ো তৰ্কাতৰ্কিত লিপ্ত হয়৷

তাৰ পাছত সতীশে সত্যপ্ৰিয়াক চলন্ত এখন ৰে’লৰ সন্মুখলৈ ঠেলি দিছিল। যাৰ ফলত ২০ বছৰীয়া সত্যপ্ৰিয়াৰ মৃত্যু হয়।

ৰে’ল আৰক্ষীয়ে সত্যপ্ৰিয়াৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাজীৱ গান্ধী চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আৰু জীয়ৰী সত্যপ্ৰিয়াৰ মৃত্যুৰ খবৰ শুনি পিতৃ মণিকাম হঠাতে ঢলি পৰে। লগে লগে তেওঁকো চেন্নাইৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়৷

আৰু অতি দুখজনকভাৱে চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।

চেন্নাইৰ আৰক্ষীয়ে এটা বিশেষ দল গঠন কৰি শুকুৰবাৰে পুৱতি নিশা গ্ৰেপ্তাৰ কৰিছে সতীশক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক