--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আকস্মিকভাৱে তেওঁ লাভ কৰিলে কন্যাৰ বিয়োগ সংবাদ৷ কন্যাৰ মৃত্যুৰ খবৰ পাইয়ে শোকাহত পিতৃৰ মূৰত ভাগি পৰিল সৰগ৷ আৰু সকৰুণ সেই ঘটনাক সহিব নোৱাৰিলে পিতৃয়ে৷

চেন্নাইত সংঘটিত হৈছে এই শোকাৱহ ঘটনা৷ চেন্নাইত সতীশ নামৰ ২৩ বছৰীয়া এজন যুৱকে বুধবাৰে সত্যপ্ৰিয়া নামৰ এগৰাকী যুৱতীক এখন চলন্ত ৰে’লত আগলৈ ঠেলি দিছিল।

সত্যপ্ৰিয়া চেন্নাইৰ জৈন মহাবিদ্যালয়ৰ ছাত্ৰী আছিল৷ মহাবিদ্যালয়লৈ যাবৰ বাবে তেওঁ  ৰৈ আছিল ৰে’ল ষ্টেচনত৷ তেতিয়াই হঠাতে সতীশ ঘটনাস্থলীত উপস্থিত হয় আৰু দুয়ো তৰ্কাতৰ্কিত লিপ্ত হয়৷

তাৰ পাছত সতীশে সত্যপ্ৰিয়াক চলন্ত এখন ৰে’লৰ সন্মুখলৈ ঠেলি দিছিল। যাৰ ফলত ২০ বছৰীয়া সত্যপ্ৰিয়াৰ মৃত্যু হয়।

ৰে’ল আৰক্ষীয়ে সত্যপ্ৰিয়াৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাজীৱ গান্ধী চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আৰু জীয়ৰী সত্যপ্ৰিয়াৰ মৃত্যুৰ খবৰ শুনি পিতৃ মণিকাম হঠাতে ঢলি পৰে। লগে লগে তেওঁকো চেন্নাইৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়৷

আৰু অতি দুখজনকভাৱে চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।

চেন্নাইৰ আৰক্ষীয়ে এটা বিশেষ দল গঠন কৰি শুকুৰবাৰে পুৱতি নিশা গ্ৰেপ্তাৰ কৰিছে সতীশক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু