--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি মিছাইলমেন তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ জন্মদিন। ১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত জন্মগ্ৰহণ কৰা ডাঃ কালামৰ সম্পূৰ্ণ নাম আছিল আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম। ড॰ এ পি জে আব্দুল কালাম, হৈছে এজন ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।  ২০০২ চনৰ পৰা ২০০৭ চনলৈ তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল। এই সময়ছোৱাত তেওঁ জনসাধাৰণৰ ৰাষ্ট্ৰপতি হিচাপে অতি জনপ্ৰিয় হৈ পৰিছিল। মাছমৰীয়াৰ ঘৰত জন্ম হৈছিল আব্দুল কালামৰ। বাতৰি কাকত বিক্ৰী কৰি অধ্যয়ন কৰা কালাম অধ্যৱসায়ৰ বলত বিশ্বৰ এজন বিখ্যাত বিজ্ঞানী হৈ পৰিল। 

ড° কালামৰ গোটেই জীৱন এটা নীতিত চলিছিল যে যদি নিৰ্ধাৰণ কৰা হয় তেন্তে কোনো পথ কঠিন নহয় আৰু কোনো লক্ষ্য অভেদ্য নহয়। তেওঁ তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাইৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা এৰ'স্পেছ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ উত্তীৰ্ণ হয়।কালামে ভাৰতৰ মহাকাশ ক্ষেত্ৰখনক নতুন উচ্চতালৈ লৈ গ’ল। প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো তেওঁ উৎকৃষ্ট অৱদান আগবঢ়াইছে, সেইবাবেই আজি সমগ্ৰ দেশে তেওঁক 'মিছাইল মেন' বুলি জানে।

ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগেয়ে তেখেত এজন এৰ'স্পেছ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন (ডি আৰ ডি অ') আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত (ইছৰো) কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতত বেলিষ্টিক ক্ষেপনাস্ত্ৰ (ballistic missile) আৰু উপগ্ৰহ উৎক্ষেপণ যান প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে আব্দুল কালামাক 'মিছাইল মেন' উপাধি তেখেতক প্ৰদান কৰা হৈছে।

১৯৭৪ চনৰ প্ৰথম নিউক্লীয় পৰীক্ষাৰ পাছত ১৯৯৮ চনত হোৱা ভাৰতৰ 'পোখৰান-২' পাৰমাণৱিক পৰীক্ষণত কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মুখ্য ভূমিকা পালন কৰিছিল। 

২০০২ চনত কালামে লক্ষ্মী চেহগলক নিৰ্বাচনত পৰাস্ত কৰি ভাৰতৰ ৰাষ্ট্ৰপতি হয়। তেখেতলৈ ভাৰতৰ দুই মুখ্য ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে সমৰ্থন আগবঢ়াইছিল। ইয়াৰ পাছত তেখেতে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আহমেদাবাদ আৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান ইণ্ডোৰৰ অতিথি প্ৰাধ্যাপক; থিৰুঅনন্তপুৰমৰ ভাৰতীয় মহাকাশ গৱেষণা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (Indian Institute of Space Science and Technology Thiruvananthapuram)-ৰ চেঞ্চেলৰ, চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ এৰ'স্পেচ ইঞ্জিনিয়াৰঙৰ প্ৰাধ্যাপকৰ উপৰিও মহীশূৰৰ JSS বিশ্ববিদ্যলয়ৰ লগতে আন কেইবাখনো শিক্ষা আৰু গৱে‍ষণা প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক বা অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০২০ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নয়নশীলৰ পৰা উন্নত দেশৰ মৰ্য্যাদালৈ লৈ যাবৰ বাবে কালামে তেখেতৰ ইণ্ডিয়া ২০২০ নামৰ পুথিখনৰ যোগেদি নিজৰ পৰিকল্পনাসমূহ জনগণৰ মাজলৈ আগবঢ়াইছিল। অনূদিত ৰূপত তেখেতৰ দ্বাৰা ৰচিত পুথিসমূহে দক্ষিণ কোৰিয়াকে ধৰি নানান দেশত অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছে। জীৱনকালত তেখেতে বিভিন্ন সন্মানীয় পুৰস্কাৰৰ লগতে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰেও বিভূষিত হৈছে। বি‍শেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি তেখেতৰ উৎসাহমূলক বক্তৃতা আৰু আলোচনা সমূহৰ বাবে তেখেত যুৱ প্ৰজন্মৰ মাজতো অতি জনপ্ৰিয় আছিল।যুৱ প্ৰজন্মৰ বাবে তেখেতে ২০১১ চনত What Can I Give Movement নামেৰে এক আন্দোলনৰ সূচনা কৰে, যাৰ মূল লক্ষ্য আছিল দুৰ্নীতি নিৰ্মূলকৰণ। 

২০১৫ চনৰ ২৭ জুলাই তাৰিখে শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আই আই এম)-ত Livable Planet earth বিষয়ত বক্তৃতা প্ৰদান কৰি থাকোঁতে সন্ধিয়া প্ৰায় ৬:৩০ বজাত অসুস্থ হৈ পৰা কালামক তৎকালীনভাৱে চিকিৎসালয়লৈ লৈ গৈ তেওঁক আই-চি-ইউত ভৰ্ত্তি কৰোৱা হ'ল। তেওঁক সুস্থ কৰি তুলিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰা পাছতো হৃদয়ন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ সন্ধিয়া ৭:৪৫ বজাত বেথানী চিকিৎসালয়ত চিৰদিনলৈ চকু মুদে এইগৰাকী মহান ভাৰতীয়ই। সেইদিনাই যেন এক যুগৰ অন্ত পৰিছিল। আব্দুল কালাম আজি আমাৰ মাজত নাই যদিও তেওঁ দেখুৱাই থৈ যোৱা কৰ্মৰাজি আৰু সৎ বিচাৰধাৰাৰ বাবে আজিও প্ৰতিজন ভাৰতীয়ৰ বুকুত তেওঁ জীয়াই আছে। এইগৰাকী যুগদ্ৰষ্টাৰ ওপজা দিনত প্ৰাগ নিউজৰ ফালৰ পৰাও যাচিলো সশ্ৰদ্ধ প্ৰণিপাত।









FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
ৰাজা হত্যাকাণ্ড, চোহৰাত 'ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন'
ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুওৱা ছায়িদা মাৰিয়া সুখ্যাতিৰে উত্তীৰ্ণ NEET পৰীক্ষাত
আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হʼবলৈ লাগিব এবছৰ
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?