--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাৰাগাৰৰ পৰা মুক্ত হ’ল ‘জুম্বী এঞ্জেলিনা জলী’। নাম তেওঁৰ চাহাৰ তাবাৰ। ইৰাণৰ এই যুৱতীগৰাকীয়ে বোৰ্খা পৰিধান নকৰাকৈ ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰাৰ বাবে ২০১৯ চনত গ্ৰেপ্তাৰ কৰা হৈছিল।

২১ বৰ্ষীয় যুৱতীগৰাকীয়ে ইনষ্টাগ্ৰামত হলিউডৰ বিখ্যাত অভিনেত্ৰী এঞ্জেলিনা জলীৰ মুখৰ গঠনৰ আৰ্হিত কেইবাখনো বিকৃত তথা জুম্বীসদৃশ ফটো শ্বেয়াৰ কৰিছিল। তাৰ পাছতে তেওঁ বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰে। সকলোৱে তেওঁক ‘জু্ম্বী এঞ্জেলিনা জলী’ নাম দিয়ে।

কিন্তু ২০১৯ চনৰ ১৯ অক্টোবৰত ইৰাণৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। তেওঁৰ ওপৰত দুৰ্নীতি আৰু ধৰ্মবিৰোধিতাৰ অভিযোগ তোলা হয় আৰু ১০ বছৰৰ কাৰাদণ্ড বিহে।




কিন্তু ইৰাণত শেহতীয়াকৈ হোৱা হিজাব বিৰোধী আন্দোলনৰ ফলশ্ৰুতিত ১৪ মাহৰ অন্তত তেওঁক মুকলি কৰা হয়। এইক্ষেত্ৰত ইৰাণৰ হিজাব বিৰোধী আন্দোলনৰ কৰ্মী মাছিহ আলিনেজাদকে ধৰি কেইবাগৰাকীও নেত্ৰীয়ে চাহাৰৰ সমৰ্থনত থিয় হয়।

কাৰাগাৰৰ পৰা উলায়েই চাহাৰে কেমেৰাৰ আগত নিজৰ মুখখন প্ৰদৰ্শন কৰিছে। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ফটোসমূহৰ বিষয়ে কয় যে তেওঁ বিভিন্ন মেক আপ আৰু ফটোশ্বপৰ দ্বাৰা তেওঁ এই অদ্ভূত চেহেৰা লাভ কৰিছিল।

আনহাতে, চাহাৰ তাবাৰৰ প্ৰকৃত নাম ফাটিমেহ খিছৱান্দ। সাংবাদিকক তেওঁ কয় যে অদ্ভূত মেকঅভাৰৰ জড়িয়তে তেওঁ বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ লক্ষ্য বান্ধি গৈছিল। ফটোসমূহ তেওঁ ধেমালিৰ বাবেই প’ষ্ট কৰিছিল বুলি জনায়।






 


FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ