--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাৰাগাৰৰ পৰা মুক্ত হ’ল ‘জুম্বী এঞ্জেলিনা জলী’। নাম তেওঁৰ চাহাৰ তাবাৰ। ইৰাণৰ এই যুৱতীগৰাকীয়ে বোৰ্খা পৰিধান নকৰাকৈ ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰাৰ বাবে ২০১৯ চনত গ্ৰেপ্তাৰ কৰা হৈছিল।

২১ বৰ্ষীয় যুৱতীগৰাকীয়ে ইনষ্টাগ্ৰামত হলিউডৰ বিখ্যাত অভিনেত্ৰী এঞ্জেলিনা জলীৰ মুখৰ গঠনৰ আৰ্হিত কেইবাখনো বিকৃত তথা জুম্বীসদৃশ ফটো শ্বেয়াৰ কৰিছিল। তাৰ পাছতে তেওঁ বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰে। সকলোৱে তেওঁক ‘জু্ম্বী এঞ্জেলিনা জলী’ নাম দিয়ে।

কিন্তু ২০১৯ চনৰ ১৯ অক্টোবৰত ইৰাণৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। তেওঁৰ ওপৰত দুৰ্নীতি আৰু ধৰ্মবিৰোধিতাৰ অভিযোগ তোলা হয় আৰু ১০ বছৰৰ কাৰাদণ্ড বিহে।




কিন্তু ইৰাণত শেহতীয়াকৈ হোৱা হিজাব বিৰোধী আন্দোলনৰ ফলশ্ৰুতিত ১৪ মাহৰ অন্তত তেওঁক মুকলি কৰা হয়। এইক্ষেত্ৰত ইৰাণৰ হিজাব বিৰোধী আন্দোলনৰ কৰ্মী মাছিহ আলিনেজাদকে ধৰি কেইবাগৰাকীও নেত্ৰীয়ে চাহাৰৰ সমৰ্থনত থিয় হয়।

কাৰাগাৰৰ পৰা উলায়েই চাহাৰে কেমেৰাৰ আগত নিজৰ মুখখন প্ৰদৰ্শন কৰিছে। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ফটোসমূহৰ বিষয়ে কয় যে তেওঁ বিভিন্ন মেক আপ আৰু ফটোশ্বপৰ দ্বাৰা তেওঁ এই অদ্ভূত চেহেৰা লাভ কৰিছিল।

আনহাতে, চাহাৰ তাবাৰৰ প্ৰকৃত নাম ফাটিমেহ খিছৱান্দ। সাংবাদিকক তেওঁ কয় যে অদ্ভূত মেকঅভাৰৰ জড়িয়তে তেওঁ বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ লক্ষ্য বান্ধি গৈছিল। ফটোসমূহ তেওঁ ধেমালিৰ বাবেই প’ষ্ট কৰিছিল বুলি জনায়।






 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক