--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চহৰৰ জীৱন ভাল নলগা হ’ল এহাল পতি-পত্নীৰ। সেইবাবেই তেওঁলোকে চহৰৰ পৰা বহু আঁতৰত এটা ঘৰ সাজি বাস কৰাৰ সিদ্ধান্ত ল’লে। শেষত দুয়োজনে এক অসম্ভৱ কাম সম্ভৱ কৰিলে। তেওঁলোকে এতিয়া আমেৰিকাৰ মৰুভূমিৰ মাজত বাস কৰি আছে। এই পতি-পত্নীহালৰ নাম ট্ৰেণ্ড আৰু হুইটনী নিউকাৰ্ক। ৩৪ বছৰীয়া হুইটনী আৰু ২৬ বছৰীয়া ট্ৰেণ্ড আমেৰিকাৰ উইচকনচিনত বাস কৰিছিল। 

দুবছৰ পূৰ্বেই তেওঁলোকে চহৰ এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। ২০২০ চনত এই দম্পতীয়ে উইচকনচিনৰ পৰা ৩২১৮ কিলোমিটাৰ দূৰত্বত থকা মৰুভূমিত থাকিবলৈ সিদ্ধান্ত লয়। সেই অনুসৰি তেওঁলোকে মৰুভূমিৰ মাজত ২.৩ একৰ মাটি কিনিছিল। ২০২০ চনত যাৰ মূল্য মাত্ৰ সাত হাজাৰ পাউণ্ডলৈ নামি আহিছিল। ভাৰতীয় মুদ্ৰাত সেইটো প্ৰায় ছাৰে ছয় লাখ টকা। চহৰৰ পৰা যিমান পাৰি কম বস্তু কিনিবলৈ দুই পতি-পত্নীয়ে সিদ্ধান্ত ল’লে। যিমানেই প্ৰয়োজনীয় নহওক কিয়, নিজৰ প্ৰয়োজন নিজে পূৰণ কৰিবলৈ চেষ্টা কৰিলে হুইটনী আৰু ট্ৰেণ্ডে। 

মাটিখিনি ক্ৰয় কৰাৰ পিছত হুইটনী পৰিয়ালে আৰু ২০ হাজাৰ পাউণ্ড খৰচ কৰি সেই স্থান বাসযোগ্য কৰি তুলিবলগীয়া হৈছিল। ভাৰতীয় মুদ্ৰাত তাৰ মূল্য প্ৰায় ১৯ লাখ টকা।

হুইটনী আৰু ট্ৰেণ্ডে মৰুভূমিৰ মাজত এটা বিশাল তম্বু স্থাপন কৰিছে। মধ্য এছিয়াত যিদৰে যাযাবৰীসকলে তম্বু নিৰ্মাণ কৰে, ঠিক সেইদৰে তেওঁলোকে নিজে থাকিব পৰাকৈ তম্বুটো নিৰ্মাণ কৰি লৈছে। তীব্ৰ তাপৰ পৰা ৰক্ষা কৰিবলৈ এই তম্বুটোত ডাঠ কাপোৰৰ আৱৰণ দিয়া আছে। ইয়াক ইউৰ্ট বোলা হয়।

হুইটনীয়ে কয় যে তেওঁ মানুহক ভাল পায়। কিন্তু ভিৰ ভাল নাপায়। গতিকে এই সিদ্ধান্ত লোৱা হ’ল। কিন্তু ইয়াক কাৰ্যকৰী কৰাটো সহজ নাছিল। কাৰণ দিনৰ ভাগত সেই অঞ্চলৰ উষ্ণতা প্ৰায় ৪৬ ডিগ্ৰী চেলছিয়াছ হয়।
 হুইটনি জানিয়েছেন, তিনি মানুষজন ভালবাসেন। কিন্তু ভিড় পছন্দ করেন না। তাই সিদ্ধান্তটা নিয়েছিলেন। তবে তা কার্যকর করার বিষয়টা সহজ ছিল না। কারণ দিনের বেলা ওই এলাকার তাপমাত্রা থাকে ৪৬ ডিগ্রি সেলসিয়াসের আশপাশে।
হুইটনীয়ে কয় যে "আমি এভাৰেষ্ট জয় কৰা যেন লাগে। ইমান আনন্দ মই জীৱনত কেতিয়াও অনুভৱ কৰা নাই।"

গৰমৰ পৰা ৰক্ষা পাবলৈ তাত এ চি চলি থাকে। বিদ্যুৎ ক’ৰ পৰা আহে? তেওঁলোকে সৌৰশক্তি ব্যৱহাৰ কৰে বুলি জানিবলৈ দিয়ে। মৰুভূমিত সৌৰশক্তিৰ অভাৱ কেতিয়াও নহয়।

এই আমেৰিকান দম্পতীয়ে গেছ লৈ ৰন্ধা-বঢ়া কৰে। কিন্তু চহৰৰ পৰা আনিব নালাগে। তেওঁলোকে নিজেই জৈৱিক গেছ উৎপন্ন কৰে। শাক-পাচলিৰ বাকলি, পেলোৱা খাদ্য, আনকি নিজৰ মল-মূত্ৰও প্ৰক্ৰিয়াকৰণ কৰি জৈৱ গেছ উৎপাদন কৰে। এই জৈৱ গেছেৰে তেওঁলোকে ৰন্ধা বঢ়া কৰে। 
মরুভূমির মাঝে বিরাট এক তাঁবু বেঁধেছেন হুইটনিরা। মধ্য এশিয়ায় যাযাবররা যেমন করে তাঁবু বাঁধেন, সেই রীতিতে বাঁশ, কাঠ দিয়ে তৈরি করেছেন আস্তানা। তীব্র গরম থেকে বাঁচতে কাঠামোর উপর রয়েছে মোটা কাপড়ের আচ্ছাদন। একে বলে ইয়ার্ট।
হুইটনীয়ে কয় যে ঘৰখন সম্পূৰ্ণকৈ বনোৱাৰ কাম এতিয়াও সম্পূৰ্ণৰূপে শেষ হোৱা নাই। আৰু বহু কাম বাকী আছে। তেওঁলোকে কয় যে মৰুভূমিৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে পানী। ক্ৰমান্বয়ে এই পানীৰ সংৰক্ষণ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে হুইটনী আৰু ট্ৰেণ্ডে।

তেওঁলোকে আন এটা লক্ষ্য বান্ধি লৈছে। সেয়া হ’ল তেওঁলোকে চহৰৰ বজাৰৰ পৰা শাক-পাচলি ক্ৰয় নকৰে। নিজৰ মাটিত নিৰ্মাণ কৰা হ’ব গ্ৰীণহাউচ। তাত শাক-পাচলিৰ খেতি কৰা হ’ব। 

ইমান কঠিন পৰিস্থিতিত থকাৰ পাছতো জীৱনৰ আনন্দ লোৱা হুইটনী আৰু ট্ৰেণ্ডৰ জীৱনশৈলীয়ে সকলোৰে মাজত লভিছে চৰ্চা। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক