--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ ছিৰিজ খেলি আছে পাকিস্তানে। দ্বিতীয়খন খেলৰ সময়ত মহম্মদ ৰিজৱানৰ এক ঘটনাক লৈ বিতৰ্কৰ সৃষ্টি হয়। পাক ক্ৰিকেটাৰে অনুৰাগীৰ বাবে অটোগ্ৰাফত চহী কৰি আছিল। কিন্তু সেইবাৰ তেওঁ পোষ্টাৰ এখনত চহী কৰিলে। সেই পোষ্টাৰত ইমৰাণ খানৰ ছবি আছিল। লগতে লিখা আছিল "ফ্ৰী ইমৰাণ খান।"

বিশ্বকাপ বিজয়ী পাকিস্তানৰ অধিনায়কগৰাকীও দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী। কিন্তু ইমৰাণক ১০ বছৰৰ শাস্তি প্ৰদান কৰা হৈছে। দেশৰ গোপন তথ্য সৰবৰাহৰ অভিযোগত পাকিস্তানৰ বিশেষ আদালতে তেওঁক ১০ বছৰৰ কাৰাদণ্ড বিহে।

ইয়াৰ পূৰ্বে ইমৰাণ খানক টোছাখানা গোচৰত পাকিস্তানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰ পৰাই পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী কাৰাগাৰত আছে। গ্ৰেপ্তাৰ হোৱাৰ লগে লগে সমগ্ৰ পাকিস্তানত প্ৰতিবাদৰ সূত্ৰপাত হয়। ইমৰাণৰ ৰাজনৈতিক দল তেহৰিক-ই-ইনছাফৰ সমৰ্থকসকলে বিক্ষোভ প্ৰদৰ্শন কৰে। ইমৰাণৰ মুক্তিৰ দাবীত পোষ্টাৰখনত স্বাক্ষৰ কৰে ৰিজৱানে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ