--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সঁচাকৈয়ে সঞ্জীৱ গোৱেংকাই লোকেশ ৰাহুলক ভৎসনা কৰিছিল নেকি? অন্ততঃ বাহিৰৰ পৰা তেনেকুৱা যেনেই লাগিছিল। গোৱেংকাক যথেষ্ট উত্তেজিত যেন লাগিছিল। সন্মুখত থিয় হৈ ৰাহুল নিমাত হৈ আছিল। দলৰ মালিকে দলৰ অধিনায়কক কি কৈছিল? লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ প্ৰশিক্ষক জাষ্টিন লেংগাৰে এই ঘটনাৰ ছয় দিনৰ পাছত উদঙাই দিয়ে।

এটা সাক্ষাৎকাৰত লেংগাৰে কয় যে যিটো হ’ল ক্ৰিকেটৰ প্ৰতি থকা আকৰ্ষণৰ বাবে। আই পি এলত দলৰ মালিকৰ উৎসাহ দেখি তেওঁ স্তম্ভিত হৈ পৰিছে। লেংগাৰে কয়- ''এই কাণ্ডক লৈ এক বৃহৎ হুলস্থুলৰ সৃষ্টি হৈছে। ভাৰতত ক্ৰিকেটৰ প্ৰতি থকা আকৰ্ষণে মোক আচৰিত কৰি তোলে। সকলোৰে এই আৱেগ আছে। গোৱেংকাৰো আছে, মোৰো আছে। ৰাহুলৰো আছে।”

হায়দৰাবাদৰ হাতত ১০ উইকেটত পৰাস্ত হোৱাৰ পাছত দলৰ সকলোৱে হতাশ হোৱা বুলি কয় প্ৰশিক্ষকগৰাকীয়ে। তেওঁলোকে যি পৰিকল্পনা কৰিলে সেয়া কামত নাহিল। গতিকে তেওঁ অধিনায়কৰ পৰা পৰৱৰ্তী মেচৰ পৰিকল্পনা জানিব বিচাৰিছিল। 

লেংগাৰে কয়- ''সেই মেচখনত আমাৰ পৰিকল্পনাই কাম কৰা নাছিল। খেলৰ অন্তত গোৱেংকাই খেলপথাৰলৈ আহি ৰাহুলক সুধিলে, ‘কি হৈছে? আমাৰ পৰিকল্পনাই কামত নাহিল। গতিকে পৰৱৰ্তী মেচৰ পৰিকল্পনাত আমি কি সলনি কৰিব লাগিব?’”

সমগ্ৰ ঘটনাৰ ভিডিঅ' মুকলি কৰা হ'ল যদিও কোনো কথা নাই। ফলত তেওঁলোকে কি কথা পাতিছে কোনেও জানিব পৰা নাছিল। লেংগাৰৰ মতে এইটোৱেই মূল সমস্যা। তেওঁ কয়, ‘আমি ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰি আছিলো। কিন্তু সমগ্ৰ আলোচনাৰ এটা শব্দও কোনেও শুনা নাছিল। গোৱেংকাক উত্তেজিত হোৱা দেখি সকলোৱে ভাবিলে যে তেওঁ বেয়াকৈ কথা কৈছে। কিন্তু নহ’ল। আমি ভালকৈ কথা পাতি আছিলো। ক্ৰিকেটৰ বিষয়ে আলোচনা চলি আছিল।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু