--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সঁচাকৈয়ে সঞ্জীৱ গোৱেংকাই লোকেশ ৰাহুলক ভৎসনা কৰিছিল নেকি? অন্ততঃ বাহিৰৰ পৰা তেনেকুৱা যেনেই লাগিছিল। গোৱেংকাক যথেষ্ট উত্তেজিত যেন লাগিছিল। সন্মুখত থিয় হৈ ৰাহুল নিমাত হৈ আছিল। দলৰ মালিকে দলৰ অধিনায়কক কি কৈছিল? লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ প্ৰশিক্ষক জাষ্টিন লেংগাৰে এই ঘটনাৰ ছয় দিনৰ পাছত উদঙাই দিয়ে।

এটা সাক্ষাৎকাৰত লেংগাৰে কয় যে যিটো হ’ল ক্ৰিকেটৰ প্ৰতি থকা আকৰ্ষণৰ বাবে। আই পি এলত দলৰ মালিকৰ উৎসাহ দেখি তেওঁ স্তম্ভিত হৈ পৰিছে। লেংগাৰে কয়- ''এই কাণ্ডক লৈ এক বৃহৎ হুলস্থুলৰ সৃষ্টি হৈছে। ভাৰতত ক্ৰিকেটৰ প্ৰতি থকা আকৰ্ষণে মোক আচৰিত কৰি তোলে। সকলোৰে এই আৱেগ আছে। গোৱেংকাৰো আছে, মোৰো আছে। ৰাহুলৰো আছে।”

হায়দৰাবাদৰ হাতত ১০ উইকেটত পৰাস্ত হোৱাৰ পাছত দলৰ সকলোৱে হতাশ হোৱা বুলি কয় প্ৰশিক্ষকগৰাকীয়ে। তেওঁলোকে যি পৰিকল্পনা কৰিলে সেয়া কামত নাহিল। গতিকে তেওঁ অধিনায়কৰ পৰা পৰৱৰ্তী মেচৰ পৰিকল্পনা জানিব বিচাৰিছিল। 

লেংগাৰে কয়- ''সেই মেচখনত আমাৰ পৰিকল্পনাই কাম কৰা নাছিল। খেলৰ অন্তত গোৱেংকাই খেলপথাৰলৈ আহি ৰাহুলক সুধিলে, ‘কি হৈছে? আমাৰ পৰিকল্পনাই কামত নাহিল। গতিকে পৰৱৰ্তী মেচৰ পৰিকল্পনাত আমি কি সলনি কৰিব লাগিব?’”

সমগ্ৰ ঘটনাৰ ভিডিঅ' মুকলি কৰা হ'ল যদিও কোনো কথা নাই। ফলত তেওঁলোকে কি কথা পাতিছে কোনেও জানিব পৰা নাছিল। লেংগাৰৰ মতে এইটোৱেই মূল সমস্যা। তেওঁ কয়, ‘আমি ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰি আছিলো। কিন্তু সমগ্ৰ আলোচনাৰ এটা শব্দও কোনেও শুনা নাছিল। গোৱেংকাক উত্তেজিত হোৱা দেখি সকলোৱে ভাবিলে যে তেওঁ বেয়াকৈ কথা কৈছে। কিন্তু নহ’ল। আমি ভালকৈ কথা পাতি আছিলো। ক্ৰিকেটৰ বিষয়ে আলোচনা চলি আছিল।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ