--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ  ঝাৰখণ্ডত চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বহু অনিয়মৰ সন্ধান পোৱা গৈছে। ঝাৰখণ্ডৰ বিধানসভাৰ অধিৱেশনৰ অন্তিম দিন বৃহস্পতিবাৰে ২০২১-২০২২ বিত্তীয় বৰ্ষৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক (CAG)ৰ প্ৰতিবেদন দাখিল কৰাৰ সময়তে এই অনিয়মৰ কথা প্ৰকাশ পাইছে বুলি দ্য হিন্দুৱে নিজৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে।

ৰাজ্য চৰকাৰে পুৰুষক বিধৱা পেঞ্চন দিয়াৰ কথাও প্ৰকাশ কৰিছে প্ৰতিবেদনে।প্ৰতিবেদনত প্ৰকাশ পাইছে যে বহু ছাত্ৰ-ছাত্ৰীয়ে মাত্ৰ এটা বৃত্তিৰ অধিকাৰী হোৱাৰ পাছতো এটাতকৈ অধিক বৃত্তি লাভ কৰিছিল। কেগৰ প্ৰতিবেদনত প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ (ডি বি টি) আঁচনিসমূহত সামাজিক নিৰীক্ষণৰ অভাৱ পোৱা গৈছে, যাৰ ফলত ভুৱা হিতাধিকাৰীক বৃত্তি প্ৰদান কৰা হৈছিল।

নিৰীক্ষণৰ সময়ত দেখা গৈছে যে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি আৰু ৰাজ্যিক বিধৱা সন্মান যোজনাৰ অধীনত পূব সিংভুম, গোড্ডা পোটকা, ঘাটশিলা, পোদৈয়াহাট আৰু গোড্ডা সদৰৰ ১৬ জন লোকক বিধৱা পেঞ্চন হিচাপে ৯.৫৪ লাখ টকা প্ৰদান কৰা হৈছে।এই অডিটত মেট্ৰিক পূৰ্ব আৰু প’ষ্ট বৃত্তিতো বিসংগতি পোৱা গৈছে, য’ত চতৰা, পূব সিংভূম, গোড্ডা আৰু ৰাঁচীৰ ভুৱা ছাত্ৰ-ছাত্ৰীক ১.১৭ কোটি টকা প্ৰদান কৰা হৈছিল। ইয়াৰ উপৰিও সংখ্যালঘুসকলক দিয়া বৃত্তিৰ অধীনত ভুৱা ছাত্ৰ-ছাত্ৰীক ৯.৯৯ কোটি টকা প্ৰদান কৰা হৈছিল।

অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST) আৰু পিছপৰা শ্ৰেণী (OBC)ক দিয়া বৃত্তিতো অনিয়ম পোৱা গৈছে। প্ৰতিবেদনত কোৱা হৈছে যে চতৰা, গোড্ডা, পালামু, ৰাঁছী আৰু পূব সিংভূম জিলাকে ধৰি পাঁচখন জিলাৰ ৮১ গৰাকী ভুৱা ছাত্ৰ-ছাত্ৰীক ৫.২১ লাখ টকা প্ৰদান কৰা হৈছে।পেঞ্চন পলমকৈ দিয়াৰ গোচৰো অডিটৰ সময়ত পোহৰলৈ আহে। প্ৰায় ৩৯ শতাংশ আবেদনকাৰীয়ে পেঞ্চন লাভ কৰাত দুবছৰতকৈ অধিক সময়ৰ বাবে অপেক্ষা কৰিবলগীয়া হয়৷

একে সময়তে ঝাৰখণ্ড চৰকাৰে ২০২২ চনৰ ৩১ মাৰ্চলৈকে ১,০৩,৪৫৯.১৪ কোটি টকা ব্যয়ৰ ব্যৱহাৰৰ প্ৰমাণ পত্ৰও দিয়া নাই। ২০২১-২০২২ বিত্তীয় বৰ্ষৰ সৈতে জড়িত কেগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে চৰকাৰে বাজেটৰ হিচাপ ৯১,২৭৭ কোটি টকা কৰিছিল যদিও ৰাজহ লাভৰ পৰিমাণ ১৭,৬৫৯ কোটি টকা, যিটো নিৰ্ধাৰিত পৰিমাণতকৈ বহু কম।

প্ৰতিবেদনত দেখা গৈছে যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় সাহায্য হিচাপে ৬৯,৭২২ কোটি টকা লাভ কৰিছিল, অৱশ্যে এই ৰাজহৰ ৪০ শতাংশ দৰমহা, ভাট্টা, পেঞ্চন আৰু উন্নয়ন আঁচনিৰ বাবে লোৱা ঋণৰ সুত দিয়াত ব্যয় হোৱা বুলি জানিব পৰা গৈছে৷

২০২১-২২ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে দৰমহা ভাট্টাত ১৩,৯৭৯ কোটি, পেঞ্চন পৰিশোধৰ বাবে ৭,৬১৪ কোটি আৰু সুত প্ৰদানৰ বাবে ৬,২৮৬ কোটি টকা ব্যয় কৰিছিল। ২০২০-২০২১ বিত্তীয় বৰ্ষৰ তুলনাত ২০২১-২০২২ চনত চৰকাৰৰ ৰাজহ ঘাটি বৃদ্ধি পাইছে।

২০২০-২০২১ চনত চৰকাৰৰ ৰাজহ ঘাটি ৩,১১৪ কোটি আৰু ২০২১-২০২২ চনত ৬,৯৪৪ কোটি টকালৈ বৃদ্ধি পায়। ২০২১-২০২২ বিত্তীয় বৰ্ষৰ শেষত চৰকাৰৰ ওপৰত মুঠ ঋণ আৰু দায়বদ্ধতাৰ বোজা ১,০৯,১৮৪.৯৮ কোটি টকালৈ বৃদ্ধি পায়। ৰাজ্য চৰকাৰে খৰচ পূৰণৰ বাবে ৬.৮৭ শতাংশ আৰু ৭.৩৫ শতাংশ সুতৰ হাৰত ৫ হাজাৰ কোটি টকাৰ ঋণ লৈছিল।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ৰাজ্য চৰকাৰে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ১০ হাজাৰ কোটিতকৈ অধিক ব্যয়ৰ আন্তঃগাঁথনি প্ৰকল্প সম্পূৰ্ণ কৰা নাই। ইয়াৰ ভিতৰত ৩,৩৪৪.৭৫ কোটি টকা ব্যয় সাপেক্ষে পথ নিৰ্মাণৰ কামো অন্তৰ্ভুক্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক