--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আগন্তুক লোকসভা নিৰ্বাচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকল্প বিৰোধী নেতা কোন হ’ব? কোন হ’ব বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী? এই আলোচনাই শেহতীয়াকৈ উত্তাপ বৃদ্ধি কৰিছে দেশৰ ৰাজনীতিৰ৷ 

ইফালে মঙলবাৰে দিল্লীত অনুষ্ঠিত হয় বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ বৈঠক৷ এই বৈঠকত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ নাম প্ৰধানমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী হিচাপে উচ্চাৰিত হৈছিল যদিও তেওঁ ইয়াক অস্বীকাৰ কৰে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে খৰ্গেৰ নাম প্ৰস্তাৱ কৰিছিল। খৰ্গেই কৈছে যে নিৰ্বাচন প্ৰথমে জিকিব লাগিব, বাকীবোৰ পাছত সিদ্ধান্ত লোৱা হ'ব। 

এই বিষয়টোকে সমুখত লৈ ভোটাৰৰ কাষ চাপিছিল এবিপি নিউজ-চি ভোটাৰ৷ চি ভোটাৰৰ সমীক্ষাত পোহৰলৈ আহিছে কেতবোৰ আকৰ্ষণীয় তথ্য৷

‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰীৰ মুখ কোন হ’ব লাগে, এই প্ৰশ্নত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পছন্দ কৰিছে দেশৰ ৩৪% ভোটাৰে৷ ১৪ শতাংশই কৈছিল যে মল্লিকাৰ্জুন খৰ্গে প্ৰধানমন্ত্ৰীৰ মুখ হ’ব লাগে। ১৩ শতাংশ লোকে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু ১০ শতাংশ লোকে পছন্দ কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক।
এই প্ৰশ্নত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৯ শতাংশ আৰু এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰক বিচাৰিছে ৫ শতাংশ লোকে। একে সময়তে ৩৪ শতাংশ লোকে বিষয়টো সম্পৰ্কত অজ্ঞতা প্ৰকাশ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু