--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আগন্তুক লোকসভা নিৰ্বাচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকল্প বিৰোধী নেতা কোন হ’ব? কোন হ’ব বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী? এই আলোচনাই শেহতীয়াকৈ উত্তাপ বৃদ্ধি কৰিছে দেশৰ ৰাজনীতিৰ৷ 

ইফালে মঙলবাৰে দিল্লীত অনুষ্ঠিত হয় বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ বৈঠক৷ এই বৈঠকত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ নাম প্ৰধানমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী হিচাপে উচ্চাৰিত হৈছিল যদিও তেওঁ ইয়াক অস্বীকাৰ কৰে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে খৰ্গেৰ নাম প্ৰস্তাৱ কৰিছিল। খৰ্গেই কৈছে যে নিৰ্বাচন প্ৰথমে জিকিব লাগিব, বাকীবোৰ পাছত সিদ্ধান্ত লোৱা হ'ব। 

এই বিষয়টোকে সমুখত লৈ ভোটাৰৰ কাষ চাপিছিল এবিপি নিউজ-চি ভোটাৰ৷ চি ভোটাৰৰ সমীক্ষাত পোহৰলৈ আহিছে কেতবোৰ আকৰ্ষণীয় তথ্য৷

‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰীৰ মুখ কোন হ’ব লাগে, এই প্ৰশ্নত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পছন্দ কৰিছে দেশৰ ৩৪% ভোটাৰে৷ ১৪ শতাংশই কৈছিল যে মল্লিকাৰ্জুন খৰ্গে প্ৰধানমন্ত্ৰীৰ মুখ হ’ব লাগে। ১৩ শতাংশ লোকে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু ১০ শতাংশ লোকে পছন্দ কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক।
এই প্ৰশ্নত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৯ শতাংশ আৰু এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰক বিচাৰিছে ৫ শতাংশ লোকে। একে সময়তে ৩৪ শতাংশ লোকে বিষয়টো সম্পৰ্কত অজ্ঞতা প্ৰকাশ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক