--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ কেইবা খনো ৰাজ্যত এতিয়া ৰিব ৰিবকৈ নিৰ্বাচনৰ বতাহ বলিছে।নিৰ্বাচনৰ আগে আগে পৰম্পৰা ৰক্ষা কৰি মোদীয়েও আহি হাজিৰ হৈছেহি গুৱাহাটীত। আজি পুৱাই বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰে প্ৰাধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানে। গুৱাহাটীৰ পৰাই তেওঁ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যলৈ যাত্ৰা কৰিব।  প্ৰধানমন্ত্ৰীয়ে  নাগালেণ্ডে  ত্ৰিপুৰা, মেঘালয়ৰ ওপৰত বিশেষ গুৰুত্ব দি এই ভ্ৰমণ কৰিছে। 

জানিব পৰা মতে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে দেওবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ দুখন ৰাজ্যলৈ যাব। তেওঁ মেঘালয় আৰু ত্ৰিপুৰাত ৬৮০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা উদ্বোধন তথা  স্থাপন কৰিবলৈ সাজু হৈছে । উক্ত দুয়োখন ৰাজ্যতে  ২০২৩ চনৰ মাৰ্চৰ ভিতৰত  বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। নাগালেণ্ডো ২০২৩ চনৰ আৰম্ভণিতে নিৰ্বাচন অনুষ্ঠিত হ’ব।  কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰৰ ভ্ৰমণত নাগালেণ্ডলৈ যোৱাৰ সম্ভাৱনা তেনেই কম। 

উত্তৰ-পূব পৰিষদে  সোণালী জয়ন্তী উদযাপন কৰাৰ সময়তে  প্ৰধানমন্ত্ৰী মোদীৰ উত্তৰ-পূব অঞ্চল ভ্ৰমণ অতি তাৎপৰ্যপূণ বিবেচিত হৈছে। উল্লেখ্য উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ বাবে উত্তৰ-পূব পৰিষদ স্থাপন কৰা হৈছিল। শ্বিলঙত, প্ৰধানমন্ত্ৰী মোডীয়ে ২৪৫০ কোটি টকাৰ অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ  আধাৰশিলা স্থাপন কৰিব। তেওঁ অসম, মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ছয়টা পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিব পৰা গৈছে। 
ত্ৰিপুৰাৰ আগৰতলাত তেওঁ ৪৩৫০ কোটি টকাৰ অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণে এই ৰাজ্যসমূহৰ নিৰ্বাচনত  বিজেপিৰ বাবে ইতিবাচক  প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে। 

উল্লেখ্য মেঘালয়ত বিজেপিৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বত গঠিত দল নেচনেল পিপলছ পাৰ্টিৰ (এনপিপি) সৈতে মিত্ৰতা  আছে। অৱশ্যে যোৱা মাহত  চাংমাই ঘোষণা কৰিছিল যে এনপিপিয়ে বিধানসভাৰ  ৬০  খন আসনতে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা।  এই কথাই বিজেপিক কিছু বিমোৰত পেলাইছে। 

বিজেপিয়ে শেহতীয়াকৈ মেঘালয়ত ভেটি কিছু শক্তিশালী কৰিবলৈ সক্ষম হৈছে।  কিয়নো দুজন বিধায়কে এনপিপিৰ পৰা  গেৰুৱা দলত যোগদান কৰিছে।বৰ্তমান মেঘালয় ডেম'ক্ৰেটিক এলায়েন্স (এমডিএ)ত এনপিপিৰ ২১ জন বিধায়ক আৰু বিজেপিৰ দুজন বিধায়ক অন্তৰ্ভুক্ত হৈ আছে। ১১ জন বিধায়কৰ সৈতে মেঘালয়ত তৃণমূল কংগ্ৰেছ (টিএমচি) বিৰোধী দলত আছে।  কংগ্ৰেছৰ বিধানসভাত আসনৰ সংখ্যা   শূন্য। ত্ৰিপুৰাত বিজেপিয়ে চলিত বৰ্ষৰ মে’ মাহত বিপ্লব দেৱক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰ কৰিছিল।  

সেই দায়িত্ব দিয়া হৈছিল  মানিক সাহাক । ৰাজনৈতিক পৰ্যবেক্ষকসকলে কয় যে বিজেপিয়ে ২০১৮ চনৰ চমৎকাৰ বিজয়ৰ পিছত ত্ৰিপুৰাত অধিক জনপ্ৰিয় হৈ পৰিছে। দলটোৱে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) ৰ পাঁচটা কাৰ্যকালৰ শাসনক ক্ষমতাচ্যুত কৰিবলৈ সক্ষম হৈছিল। নাগালেণ্ডত বিজেপিৰ স্থিতি সিমান সুবিধাজনক  নহয় । বিজেপিয়ে এনএছচিএন (আইএম)ৰ সৈতেও আলোচনা কৰি আছে ।কেন্দ্ৰ আৰু নাগা বিদ্ৰোহীসকলে ২০১৫ চনত শান্তি চুক্তি স্বাক্ষৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement