--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে  এইবাৰ ৰাজ্য খনত বিজেপিক প্ৰতিহত কৰিবলৈ নতুন ৰাজনৈতিক ৰণনীতি প্ৰস্তুত কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় সংস্থাৰ তদন্তক লৈ সোৰেণ নৰেন্দ্ৰ মোদী  চৰকাৰৰ সৈতে প্ৰত্যক্ষ বিবাদত বিবাদত লিপ্ত হৈছে। ইডি অবৈধ খননৰ গোচৰত তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে শুক্ৰবাৰে ৰাজ্যিক বিধানসভাত দুখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰিবলৈ সাজু হৈছে। 

জেএমএম -কংগ্ৰেছ-আৰজেডি মহাজোট চৰকাৰে দাবী কৰিছিল যে এই পদক্ষেপৰ উদ্দেশ্য হৈছে  ২০১৯ ৰ বিধানসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা।

প্ৰথম বিধেয়কখনে চৰকাৰী চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত অনুসূচীত জাতি আৰু পিছপৰা শ্ৰেণীৰ (অ'বিচি) বাবে সংৰক্ষণ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে। চৰকাৰে অনুসূচীত জনজাতিৰ  বাবে কোটা ২৬ শতাংশৰ পৰা ২৮ শতাংশলৈ, অনুসূচীত জাতিৰ বাবে পূৰ্বৰ কোটা  ১০ শতাংশৰ পৰা ১২ শতাংশলৈ আৰু অ'বিচিৰ কোটা ১৪ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰিব বিচাৰে।

শেহতীয়াকৈ, উচ্চতম ন্যায়ালয়ে সাধাৰণ শ্ৰেণীৰ (সাধাৰণ) দৰিদ্ৰ লোকসকলৰ বাবে ১০  শতাংশ কোটা প্ৰৱৰ্তনত অনুমোদন জনাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ঝাৰখণ্ড চৰকাৰৰ এই পদক্ষেপ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই ক্ষেত্ৰত ৰাজনৈতিক পৰ্যবেক্ষকসকলে  মন্তব্য কৰিছে  যে মহাজোট চৰকাৰৰ উদ্দেশ্য হৈছে বিজেপিৰ ' বতাহ' ৰাজ্য খনত দুৰ্বল কৰি তোলা। দ্বিতীয় বিধেয়কখনে ঝাৰখণ্ডৰ জনজাতীয় গোষ্ঠীসমূহৰ দীৰ্ঘদিনীয়া দাবী অনুসৰি মূল অধিবাসীসকলক চিনাক্ত কৰাৰ ক্ষেত্ৰত ১৯৩২ চনৰ ভূমি কৰ্মক 'প্ৰামাণিক' তথ্য  হিচাপে গণ্য কৰিব বিচাৰিছে। যিবোৰ পৰিয়ালৰ ওচৰত নথিখন আছে তেওঁলোকক জনজাতীয় অধ্যুষিত ঝাৰখণ্ডৰ মূল অধিবাসী হিচাপে স্বীকৃতি দিয়া হ'ব।

 এনে  পৰিস্থিতিত বিজেপিৰ ওপৰত চাপ বৃদ্ধি হোৱাটো নিশ্চিত। উল্লেখ্য  ঝাৰখণ্ডলৈ বাহিৰৰ পৰা  অহা 'বহিৰাগত' পৰিয়ালৰ (স্থানীয়ভাৱে যাক  'দিকু' নামেৰে জনা যায়) এক বৃহৎ অংশই বিজেপিক  সমৰ্থন কৰি আহিছে। স্থানীয় অধিবাসীসকলৰ আধিপত্য বৃদ্ধি পালে নিশ্চিতভাবে বাহিৰৰ পৰা যোৱা লোকসকলৰ প্ৰভাৱ তথা সা-সুবিধা হ্ৰাস পাব।  হেমন্ত সোৰেণৰ চৰকাৰে সেয়া বুদ্ধিৰে সন্ধিৰ বাঁহ কাটিব বিচাৰিছে বুলি বহুতে মন্তব্য কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক