--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে  এইবাৰ ৰাজ্য খনত বিজেপিক প্ৰতিহত কৰিবলৈ নতুন ৰাজনৈতিক ৰণনীতি প্ৰস্তুত কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় সংস্থাৰ তদন্তক লৈ সোৰেণ নৰেন্দ্ৰ মোদী  চৰকাৰৰ সৈতে প্ৰত্যক্ষ বিবাদত বিবাদত লিপ্ত হৈছে। ইডি অবৈধ খননৰ গোচৰত তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে শুক্ৰবাৰে ৰাজ্যিক বিধানসভাত দুখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰিবলৈ সাজু হৈছে। 

জেএমএম -কংগ্ৰেছ-আৰজেডি মহাজোট চৰকাৰে দাবী কৰিছিল যে এই পদক্ষেপৰ উদ্দেশ্য হৈছে  ২০১৯ ৰ বিধানসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা।

প্ৰথম বিধেয়কখনে চৰকাৰী চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত অনুসূচীত জাতি আৰু পিছপৰা শ্ৰেণীৰ (অ'বিচি) বাবে সংৰক্ষণ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে। চৰকাৰে অনুসূচীত জনজাতিৰ  বাবে কোটা ২৬ শতাংশৰ পৰা ২৮ শতাংশলৈ, অনুসূচীত জাতিৰ বাবে পূৰ্বৰ কোটা  ১০ শতাংশৰ পৰা ১২ শতাংশলৈ আৰু অ'বিচিৰ কোটা ১৪ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰিব বিচাৰে।

শেহতীয়াকৈ, উচ্চতম ন্যায়ালয়ে সাধাৰণ শ্ৰেণীৰ (সাধাৰণ) দৰিদ্ৰ লোকসকলৰ বাবে ১০  শতাংশ কোটা প্ৰৱৰ্তনত অনুমোদন জনাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ঝাৰখণ্ড চৰকাৰৰ এই পদক্ষেপ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই ক্ষেত্ৰত ৰাজনৈতিক পৰ্যবেক্ষকসকলে  মন্তব্য কৰিছে  যে মহাজোট চৰকাৰৰ উদ্দেশ্য হৈছে বিজেপিৰ ' বতাহ' ৰাজ্য খনত দুৰ্বল কৰি তোলা। দ্বিতীয় বিধেয়কখনে ঝাৰখণ্ডৰ জনজাতীয় গোষ্ঠীসমূহৰ দীৰ্ঘদিনীয়া দাবী অনুসৰি মূল অধিবাসীসকলক চিনাক্ত কৰাৰ ক্ষেত্ৰত ১৯৩২ চনৰ ভূমি কৰ্মক 'প্ৰামাণিক' তথ্য  হিচাপে গণ্য কৰিব বিচাৰিছে। যিবোৰ পৰিয়ালৰ ওচৰত নথিখন আছে তেওঁলোকক জনজাতীয় অধ্যুষিত ঝাৰখণ্ডৰ মূল অধিবাসী হিচাপে স্বীকৃতি দিয়া হ'ব।

 এনে  পৰিস্থিতিত বিজেপিৰ ওপৰত চাপ বৃদ্ধি হোৱাটো নিশ্চিত। উল্লেখ্য  ঝাৰখণ্ডলৈ বাহিৰৰ পৰা  অহা 'বহিৰাগত' পৰিয়ালৰ (স্থানীয়ভাৱে যাক  'দিকু' নামেৰে জনা যায়) এক বৃহৎ অংশই বিজেপিক  সমৰ্থন কৰি আহিছে। স্থানীয় অধিবাসীসকলৰ আধিপত্য বৃদ্ধি পালে নিশ্চিতভাবে বাহিৰৰ পৰা যোৱা লোকসকলৰ প্ৰভাৱ তথা সা-সুবিধা হ্ৰাস পাব।  হেমন্ত সোৰেণৰ চৰকাৰে সেয়া বুদ্ধিৰে সন্ধিৰ বাঁহ কাটিব বিচাৰিছে বুলি বহুতে মন্তব্য কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু