--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ষাঁড় বা গৰুবোৰে ৰঙা দেখি খং কৰে! কিন্তু কিয়? ইয়াৰ আঁৰৰ বৈজ্ঞানিক কাৰণ জানিলে,  আপুনি আচৰিত হ'ব! সকলোৱে বুলফাইটিং বা 'বুলফাইটিং'ৰ বিষয়ে জানে। ষাঁড়টোৰ চকুৰ সন্মুখত, এজন সাহসী মানুহ বা মেটাডৰে ৰঙা কাপোৰৰ টুকুৰা এটা জোকাৰি দেখিলে, ষাঁড়টোয়ে  লগে-লগে দৌৰিবলৈ ধৰে! এতিয়া প্ৰশ্ন হৈছে, ষাঁড়টোৱে ৰঙা কাপোৰখন দেখিলে কিয় খেদি আহে? 

যিহেতু ষাঁড়ৰ যুঁজ বা বুলফাইটিংত ৰঙা কাপোৰ ব্যৱহাৰ কৰা হয়, সকলোৱে ধৰি লয় যে ষাঁড়টোৱে ৰঙা ৰং দেখি খং কৰে। কিন্তু বিজ্ঞানে আন এক কাৰণহে  কয়। তৃণভোজী প্ৰাণীবোৰে ৰঙা ৰং দেখা নাপায়। অৰ্থাৎ, সিহঁত ৰং অন্ধ। ষাঁড়টোও  তেনেদৰেই। 

গৰু বা ষাঁড়ে  কেৱল হালধীয়া, সেউজীয়া, নীলা আৰু বেঙুনীয়া ৰং হে বুজিব  পাৰে। যিহেতু ৰঙা ৰং চিনাক্ত কৰিবলৈ সিহঁতৰ কোনো 'কোষ' নাই, সেয়ে সিহঁতে  ৰঙা ৰং দেখা নাপায়। এই অৱস্থাটোক প্ৰোটানোপিয়া বুলি কোৱা হয়। ফলস্বৰূপে,সিহঁতে  ৰঙা ৰঙক  যথেষ্ট হালধীয়া ধূসৰ ৰং দেখা পায়।

যদি আপুনি ষাঁড় বা গৰুৰ সন্মুখত ৰঙা কাপোৰ এখন লৰচৰ কৰে, তেন্তে ষাঁড়টোৰ  চকুৰ সন্মুখত ই  হালধীয়া ধূসৰ কাপোৰ এখন হৈ ধৰা দিয়ে৷ ই ষাঁড়টোৰ মনত এক প্ৰকাৰৰ ভ্ৰম সৃষ্টি কৰে। কাপোৰৰ চলাচলে সিহঁতক ক্ৰোধিত কৰি তোলে ,আৰু সেইবাবেই আক্ৰমণৰ বাবে দৌৰি আহে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক