--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  লোকসভা নিৰ্বাচনৰ বাবে  বিজেপিয়ে জোৰদাৰ প্ৰচাৰ আৰম্ভ কৰিছে। সেইমৰ্মে বিজেপিয়ে  এটা প্ৰচাৰ গীত মুকলি কৰিছে। বুধবাৰে ১২ টা ভাষাত এই গীতটো  মুকলি কৰা হয় । গীতটোৰ শীৰ্ষক হৈছে 'তভি তো চাভি মোডী কো চুন্তে হে'।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ প্ৰচাৰ গীতটোত কেন্দ্ৰীয় চৰিত্ৰ হৈ পৰিছে।  গীতটোত জি-২০ৰ পৰা ৰাম মন্দিৰ, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী  ষ্টেডিয়ামৰ পৰা  চৰ্দাৰ পেটেলৰ প্ৰতিমূৰ্তি লৈকে সকলো বিষয় সামৰি লোৱা হৈছে।  গীতটোৰ জড়িয়তে  বৈচিত্ৰ্যৰে ভৰা এখন দেশত, ভাষা আৰু ধৰ্মৰ পাৰ্থক্য থকা স্বত্বেও, সকলোৱে মোদীৰ  বাবে একত্ৰিত হৈছে বুলি বুজাব বিচৰা হৈছে ।

 


বিজেপিয়ে  প্ৰকাশ কৰা মতে গীতটোৱে সমগ্ৰ দেশৰ অনুভূতিক প্ৰতিফলিত কৰিছে। দেশৰ প্ৰতিটো কোণৰ পৰা, সমাজৰ সকলো শ্ৰেণীৰ মানুহে, বিভিন্ন ভাষাত এক কণ্ঠত কৈছে: "তেওঁ সপোন নেদেখে , তেওঁ বাস্তৱতা ৰূপদান কৰে, সেয়েহে সকলোৱে মোদীক বাছনি কৰে।" ভিডিঅ'টোৱে মহিলা সবলীকৰণৰ বিষয়তো গুৰুত্ব আৰোপ কৰিছে। উজ্জ্বলাৰ পৰা স্বচ্ছ ভাৰতলৈকে মোদী চৰকাৰৰ সকলো আঁচনিৰ বিষয়তো  আলোকপাত কৰা হৈছে। ভিডিঅ'টোৰ শেষত, হাজাৰ হাজাৰ লোকক এটা ঠাইত মোদীৰ প্ৰতিকৃতি তৈয়াৰ কৰিবলৈ প্লেকাৰ্ড ধৰি থকা দেখা গৈছে।এই লোকসভা নিৰ্বাচনত, মোদীয়ে এন ডি এৰ বাবে ৪০০  খন আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, বিজেপিৰ বাবে ই হৈছে ৩৭০ খন। মোদী হৈছে বিজেপিৰ বাবে  লক্ষ্যত উপনীত হোৱাৰ  আটাইতকৈ ডাঙৰ আশা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী