--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমুখত জি-২০ৰ শীৰ্ষ সন্মিলন৷ ৯-১০ ছেপ্টেম্বৰত নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হ’বলগীয়া আগন্তুক জি-২০ শীৰ্ষ সন্মিলনত ভাৰতৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ প্ৰয়াসত বিশ্বৰ নেতাসকলক ৰূপ আৰু সোণেৰে  আবৃত বাচন-বৰ্তনত খাদ্য পৰিবেশন কৰা হ’ব।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই মহান অনুষ্ঠানৰ বাবে ২০০০ৰো অধিক শিল্পীয়ে প্ৰায় ১৫ হাজাৰ  ৰূপৰ বাচন তৈয়াৰ কৰিছে। এইবোৰ যোগান ধৰিছিল জয়পুৰস্থিত মেটালৱেৰ ফাৰ্ম আইৰিছ জয়পুৰে, যিয়ে মঙলবাৰে পৰম্পৰাগত কাটলাৰীৰ প্ৰিভিউ অনুষ্ঠিত কৰিছিল।

ফাৰ্মখনে প্ৰকাশ কৰা অনুসৰি বেছিভাগ বাচন-বৰ্তনতে ৰূপালী আৱৰণযুক্ত ষ্টীল বা পিতল থাকিব, আনহাতে কিছুমান বাচনত আদৰণি পানীয় পৰিবেশনৰ বাবে সোণৰ প্লেটিং থাকিব। ইয়াৰ বৈশিষ্ট্য হৈছে নিখুঁত বিৱৰণ,আৰু আধুনিক কাষ্টিং কৌশলৰ সৈতে অৰ্ধ-মেচিনযুক্ত হাতৰ কাৰুকাৰ্যৰ মিশ্ৰণ, যিয়ে অনুষ্ঠানটোত এক নিপুণ শিল্পৰ স্পৰ্শ যোগ কৰিব।

ৰাষ্ট্ৰীয় ৰাজধানীখন দিল্লীৰ বিলাসী হোটেলসমূহক আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনককে ধৰি জি-২০ প্ৰতিনিধিসকলক সেৱা আগবঢ়োৱাৰ বাবে এই ৰূপ আৰু সোণৰে তৰপ দিয়া কাটলেৰী প্ৰদান কৰিবলৈ কোৱা হৈছে। কনভেনচন চেণ্টাৰৰ কেটাৰিং আইটিচিয়ে পৰিচালনা কৰিছে, য’ত আঞ্চলিক খাদ্য, ষ্ট্ৰীট ফুড, আৰু মিলেটৰ স্বাদ প্ৰদান কৰা হ’ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা