--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমুখত জি-২০ৰ শীৰ্ষ সন্মিলন৷ ৯-১০ ছেপ্টেম্বৰত নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হ’বলগীয়া আগন্তুক জি-২০ শীৰ্ষ সন্মিলনত ভাৰতৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ প্ৰয়াসত বিশ্বৰ নেতাসকলক ৰূপ আৰু সোণেৰে  আবৃত বাচন-বৰ্তনত খাদ্য পৰিবেশন কৰা হ’ব।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই মহান অনুষ্ঠানৰ বাবে ২০০০ৰো অধিক শিল্পীয়ে প্ৰায় ১৫ হাজাৰ  ৰূপৰ বাচন তৈয়াৰ কৰিছে। এইবোৰ যোগান ধৰিছিল জয়পুৰস্থিত মেটালৱেৰ ফাৰ্ম আইৰিছ জয়পুৰে, যিয়ে মঙলবাৰে পৰম্পৰাগত কাটলাৰীৰ প্ৰিভিউ অনুষ্ঠিত কৰিছিল।

ফাৰ্মখনে প্ৰকাশ কৰা অনুসৰি বেছিভাগ বাচন-বৰ্তনতে ৰূপালী আৱৰণযুক্ত ষ্টীল বা পিতল থাকিব, আনহাতে কিছুমান বাচনত আদৰণি পানীয় পৰিবেশনৰ বাবে সোণৰ প্লেটিং থাকিব। ইয়াৰ বৈশিষ্ট্য হৈছে নিখুঁত বিৱৰণ,আৰু আধুনিক কাষ্টিং কৌশলৰ সৈতে অৰ্ধ-মেচিনযুক্ত হাতৰ কাৰুকাৰ্যৰ মিশ্ৰণ, যিয়ে অনুষ্ঠানটোত এক নিপুণ শিল্পৰ স্পৰ্শ যোগ কৰিব।

ৰাষ্ট্ৰীয় ৰাজধানীখন দিল্লীৰ বিলাসী হোটেলসমূহক আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনককে ধৰি জি-২০ প্ৰতিনিধিসকলক সেৱা আগবঢ়োৱাৰ বাবে এই ৰূপ আৰু সোণৰে তৰপ দিয়া কাটলেৰী প্ৰদান কৰিবলৈ কোৱা হৈছে। কনভেনচন চেণ্টাৰৰ কেটাৰিং আইটিচিয়ে পৰিচালনা কৰিছে, য’ত আঞ্চলিক খাদ্য, ষ্ট্ৰীট ফুড, আৰু মিলেটৰ স্বাদ প্ৰদান কৰা হ’ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক