--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘ তিনি তালাক’ এতিয়া শাস্তিযোগ্য অপৰাধ। এগৰাকী মুছলমান মহিলাই দাখিল কৰা গোচৰত উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। আনহাতে উচ্চ ন্যায়ালয়ে মহিলাগৰাকীৰ অভিযোগৰ বিচাৰ আৰক্ষীৰ অভিযোগনামা অনুসৰি কৰিবলৈ উচ্চ ন্যায়ালয়ক নিৰ্দেশ দিয়ে।

অভিযোগকাৰীয়ে তেওঁৰ স্বামীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।অভিযোগ অনুসৰি আন এগৰাকী মহিলাৰ সৈতে তেওঁৰ সম্পৰ্ক আছে। পত্নীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ পিছত তিনিবাৰকৈ ‘তালাক’ শব্দটো উচ্চাৰণ কৰি বিবাহ বাতিল কৰাৰ চেষ্টা কৰে। যিটো মুছলমান মহিলা আইন, ২০১৯ৰ অধীনত শাস্তিযোগ্য অপৰাধ। মহিলাগৰাকীয়ে দাখিল কৰা এফআইআৰ খাৰিজ কৰে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে। মহিলাগৰাকীয়ে এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে৷

ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰৰ দ্বাৰা গঠিত উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে লক্ষ্য কৰিছে যে, ঘটনাটোত দাখিল কৰা এফআইআৰৰ পৰা তিনিটা কথা স্পষ্ট হৈ পৰিছে। এটা, মহিলাগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱা হয়। দুই, তেওঁৰ স্বামী মনছুৰ আলীয়ে ‘তিনি তালাক’ উচ্চাৰণ কৰে। তিনি, মহিলাগৰাকীৰ অভিযোগৰ তদন্ত কৰি আৰক্ষীয়ে এখন চাৰ্জশ্বীট গঠন কৰিছে।ইয়াৰ পাছত উচ্চতম ন্যায়ালয়ে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ক আৰক্ষীৰ অভিযোগনামা অনুসৰি মনছুৰৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ