--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘ তিনি তালাক’ এতিয়া শাস্তিযোগ্য অপৰাধ। এগৰাকী মুছলমান মহিলাই দাখিল কৰা গোচৰত উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। আনহাতে উচ্চ ন্যায়ালয়ে মহিলাগৰাকীৰ অভিযোগৰ বিচাৰ আৰক্ষীৰ অভিযোগনামা অনুসৰি কৰিবলৈ উচ্চ ন্যায়ালয়ক নিৰ্দেশ দিয়ে।

অভিযোগকাৰীয়ে তেওঁৰ স্বামীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।অভিযোগ অনুসৰি আন এগৰাকী মহিলাৰ সৈতে তেওঁৰ সম্পৰ্ক আছে। পত্নীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ পিছত তিনিবাৰকৈ ‘তালাক’ শব্দটো উচ্চাৰণ কৰি বিবাহ বাতিল কৰাৰ চেষ্টা কৰে। যিটো মুছলমান মহিলা আইন, ২০১৯ৰ অধীনত শাস্তিযোগ্য অপৰাধ। মহিলাগৰাকীয়ে দাখিল কৰা এফআইআৰ খাৰিজ কৰে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে। মহিলাগৰাকীয়ে এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে৷

ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰৰ দ্বাৰা গঠিত উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে লক্ষ্য কৰিছে যে, ঘটনাটোত দাখিল কৰা এফআইআৰৰ পৰা তিনিটা কথা স্পষ্ট হৈ পৰিছে। এটা, মহিলাগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱা হয়। দুই, তেওঁৰ স্বামী মনছুৰ আলীয়ে ‘তিনি তালাক’ উচ্চাৰণ কৰে। তিনি, মহিলাগৰাকীৰ অভিযোগৰ তদন্ত কৰি আৰক্ষীয়ে এখন চাৰ্জশ্বীট গঠন কৰিছে।ইয়াৰ পাছত উচ্চতম ন্যায়ালয়ে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ক আৰক্ষীৰ অভিযোগনামা অনুসৰি মনছুৰৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা