--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনৰ সমান্তৰালকৈ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত ৮ৰ পৰা ১০ ছেপ্টেম্বৰ ২০২৩ তাৰিখলৈ এখন 'কাৰুশিল্প বজাৰ' (প্ৰদৰ্শনী-তথা-বিক্ৰী) স্থাপনৰ ব্যৱস্থা কৰা হৈছে। এই কাৰুশিল্প বজাৰত ‘এক জিলা এক সামগ্ৰী’ (অ'ডিঅ'পি), জিআই টেগ কৰা সামগ্ৰী আৰু মহিলা আৰু জনজাতীয় শিল্পীসকলে প্ৰস্তুত কৰা সামগ্ৰীৰ ওপৰত বিশেষ গুৰুত্ব দি ভাৰতৰ বিভিন্ন প্ৰান্তৰ হস্তশিল্প সামগ্ৰী প্ৰদৰ্শন কৰা হ'ব। সন্মিলনত অংশগ্ৰহণ কৰা প্ৰতিনিধি, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে এই কাৰুশিল্প বজাৰ পৰিদৰ্শন কৰাৰ লগতে স্থানীয় উৎসৰ সামগ্ৰী ক্ৰয় কৰাৰ সুযোগ পাব।

 বস্ত্ৰ মন্ত্ৰালয় আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ সহযোগিতাৰে ‘জি-২০ সচিবালয়ে’ প্ৰদৰ্শনীখনৰ আয়োজন কৰিছে। প্ৰায় ৩০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত সংস্থাৰ লগতে ‘খাদী গ্ৰামোদ্যোগ আয়োগ’, ‘ট্ৰাইফেড’, ‘সৰস অজীৱিকা’ৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহে কাৰুশিল্প বজাৰত অংশগ্ৰহণ কৰিব। উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ব্যতিক্ৰমী হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰাৰ বাবে  ‘উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম’ (এনইএইচএইচডিচি)ৰ সমন্বয়ৰে এখন 'ফোকাচ নৰ্থ ইষ্ট'  শীৰ্ষক বিপনী স্থাপন কৰা হৈছে।ইয়াত অসম, মণিপুৰ, মেঘালয় আৰু নাগালেণ্ডৰ সামগ্ৰী প্ৰদৰ্শন কৰা হ'ব।


অসমৰ পৰা হস্ততাঁত বয়ন: হস্ততাঁত শিল্পৰ বাবে, বিশেষকৈ স্থানীয় শিপিনীসকলে প্ৰাকৃতিক আঁহৰে প্ৰস্তুত কৰা সুতাৰে বোৱা বস্ত্ৰৰ বাবে প্ৰসিদ্ধ ৰাজ্য হৈছে অসম। সূতা কটাৰ পৰা আৰম্ভ কৰি কাপোৰ বোৱালৈকে  সমগ্ৰ প্ৰক্ৰিয়াটোৱেই পৰম্পৰাগত কাঠৰ তাঁতশাল ব্যৱহাৰ কৰি হাতেৰে কৰা হয়। মুগা, এড়ি, পাট আৰু কপাহী সুতাৰে বোৱা বস্ত্ৰই এই অঞ্চলক জনপ্ৰিয়তা প্ৰদান কৰি আহিছে। অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদানসমূহৰ ভিতৰত অন্যতম হৈছে মুগাৰ বস্ত্ৰশিল্প। ই এক অনন্য আৰু সোণালী ৰঙৰ ৰেচম, যি হৈছে অসমৰ এক আপুৰুগীয়া সম্পদ। অসমৰ হস্ততাঁত বয়নশিল্পৰ পৰম্পৰা ব্যৱহাৰ কৰি মেখেলা চাদৰ, শাৰী, শ্বল, ষ্টল, ঘৰুৱা লিনেন আৰু একচেটিয়া আনুষঙ্গিক বস্ত্ৰৰ দৰে বিভিন্ন উৎকৃষ্ট সামগ্ৰী প্ৰস্তুত কৰা হয়।

নাগালেণ্ডৰ ‘লইন লুম উইভিং’: পৃথিৱীৰ আটাইতকৈ পুৰণি বয়ন পদ্ধতিসমূহৰ অন্যতম এই বিধ বয়ন পদ্ধতিক ‘বেকষ্ট্ৰেপ তাঁত’ বা নাগালেণ্ডৰ ‘লইন তাঁত’ বুলিও জনা যায়। বয়ন হৈছে নাগালেণ্ডৰ মহিলাসকলৰ বিশেষজ্ঞক্ষেত্ৰ। ৰাজ্যখনৰ প্ৰতিটো জনজাতিয়ে তেওঁলোকৰ শ্বল, জেকেট আৰু ‘চাৰোঙ’সমূহৰ ওপৰত কৰা নিৰ্দিষ্ট আৰ্হিক লৈ গৌৰৱ কৰে। নাটকীয় ৰঙৰ সংমিশ্ৰণ, সুস্পষ্ট চিত্ৰ, আৰু সাধাৰণ অথচ আকৰ্ষণীয় জ্যামিতিক নক্সাই ‘লইন লুম’ বয়নশিল্পক বিশেষ পৰিচিতি প্ৰদান কৰে। ‘লইন তাঁত’ৰ কাপোৰৰ এক বিশেষ দঁহিযুক্ত গাঁথনি আছে আৰু ই দীৰ্ঘম্যাদী। ‘ল'ইন তাঁত বয়ন’ৰ বেছিভাগ আৰ্হি জ্যামিতিক। অৱশ্যে এইক্ষেত্ৰত ব্যতিক্ৰম হয় আও জনজাতিৰ যোদ্ধাসকলৰ শ্বলসমূহ। এই শ্বলত বাঘ, বাইচন, পূৰণ চিনৰ আৰ্হিত ৰখা যুৰীয়া বৰ্শা আৰু কুকুৰাৰ হাতেৰে অংকিত ছবি সন্নিৱিষ্ট হয়।

মণিপুৰৰ কৌনা কাৰুশিল্প: ‘কৌনা’ হৈছে মণিপুৰত উপলব্ধ এবিধ কোমল, দলিচাসদৃশ অনন্য ঘাঁহ। এইবিধ ঘাঁহৰ বিশেষত্ব হৈছে যে একাধিক সামগ্ৰীত ইয়াক ব’ব পাৰি। ‘কৌনা’ পানী-প্ৰতিৰোধী। মণিপুৰৰ লোকসকলে ইয়াক শতিকা ধৰি মজিয়াৰ ‘মেট’ আৰু ‘কুশ্বন’ আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰি আহিছে। ইয়াৰে ‘বাস্কেট’ আদিও প্ৰস্তুত কৰি আহিছে মণিপুৰীসকলে। ‘কৌনা’ৰে তৈয়াৰ কৰা সামগ্ৰীবোৰৰ আৰ্হি সৰল আৰু সাধাৰণ যদিও ই স্থানীয় সমাজৰ ঐতিহ্যৰ অংশ হৈ আহিছে।

মেঘালয়ৰ বেত আৰু বাঁহৰ কাৰুশিল্প: ভাৰতৰ মেঘালয় ৰাজ্য বাঁহ আৰু বেতৰ সম্পদেৰে সমৃদ্ধ আৰু নিৰ্মাণ আৰু দৈনন্দিন সামগ্ৰীৰ বাবে এই সামগ্ৰীবোৰ ব্যৱহাৰ কৰাৰ ইতিহাসৰে গৌৰৱান্বিত। মেঘালয়ত তিনিটা মুখ্য জনজাতীয় সম্প্ৰদায় আছে, সেয়া হৈছে- খাচী, গাৰো আৰু জয়ন্তীয়া। সম্প্ৰদায়কেইটাৰ এইসমূহ প্ৰাকৃতিক সামগ্ৰীসমূহৰে নিখুতকৈ কাম কৰাৰ বিশেষ দক্ষতা আছে। এওঁলোকে কিছুমান জটিল বয়ন আৰু কুণ্ডলী কৌশল বিকশিত কৰিছে। ৰাজ্যখনৰ স্থানীয় অৰ্থনীতিত বেত আৰু বাঁহৰ কাৰুশিল্পই এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। শিল্পীসকলে দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী প্ৰস্তুত কৰাৰ লগতে ধুনীয়া ধুনীয়া আলংকাৰিক সামগ্ৰীও তৈয়াৰ কৰে।উল্লিখিত ৰাজ্যকেইখনৰ উপৰি সমগ্ৰ দেশৰ আন ৩০ টা প্ৰকাৰৰ কাৰুশিল্প সামগ্ৰীও এই কাৰুশিল্প বজাৰত প্ৰদৰ্শনৰ দিহা কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস