--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত  আৰু ইণ্ডিয়া বিতৰ্কই সমগ্ৰ দেশতে তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰাৰ সময়তে চৰ্চালৈ আহিছে বিগ বি অমিতাভ বচ্চনৰ নাম৷ অমিতাভ বচ্চনে শেহতীয়াকৈ চৰকাৰৰ ভাৰত নামটোক সমৰ্থন কৰি ভাৰত মাতা কী জয় বুলি টুইট কৰা বুলি বহুতে আলোচনা কৰিছে৷ এই আলোচনাত আৰু এক নতুন মাত্ৰা প্ৰদান কৰি অমিতাভ বচ্চনক আজি জয় শ্বাহে বিশ্বকাপৰ গোল্ডেন টিকট প্ৰদান কৰাৰ বিষয়টোক বহুতে অন্য দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে৷ 

চৰকাৰৰ ভাৰত নামটোৰ স্থিতিৰ প্ৰতি নৰম হোৱা বাবেই জয় শ্বাহে খৰখেদাকৈ অমিতাভ বচ্চনক বিশ্বকাপৰ যিকোনো মেচ সন্মানীয় অতিথি হিচাবে চাব পৰাকৈ গোল্ডেন টিকট দিলে নেকি বুলিও বহুতে আলোচনা কৰিবলৈ লৈছে৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে  আগন্তুক আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। ঘোষণাৰ আগতে অধিনায়ক ৰোহিত শৰ্মা আৰু নিৰ্বাচক অজিত আগৰকাৰৰ মাজত দীঘলীয়া বৈঠক হৈছিল। বৈঠকৰ পিছত বিশ্বকাপ ২০২৩ৰ বাবে ১৫  জনীয়া টীম ইণ্ডিয়া ঘোষণা কৰা হয়। অৱশ্যে, দলটোত কোনো পৰিৱৰ্তন হোৱা নাই। 

এছিয়া কাপত খেলি থকা সকলো খেলুৱৈক দলত স্থান দিয়া হৈছে।ইয়াৰ মাজতে  অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ খেল উপভোগ কৰিবলৈ   বিচিচিআইৰ সচিব জয় শ্বাহে অমিতাভ বচ্চনক এটা গোল্ডেন  টিকট উপহাৰ দিছে। এই টিকটৰ জৰিয়তে তেওঁ ভাৰতৰ যিকোনো স্থানত অনুষ্ঠিত হ’বলগীয়া খেলত বিশেষ অতিথিৰ আসনত বহি খেল উপভোগ কৰিব পাৰিব৷ এই এই বিশেষ টিকটটোক গোল্ডেন টিকট বুলি কোৱা হয়। বিচিচিআইয়ে নিজেই ইয়াৰ ইনষ্টা একাউণ্টত এই তথ্য প্ৰদান কৰিছে৷ 

জয় শ্বাহে কয় যে অমিতাভ বচ্চন এজন ক্ৰিকেটপ্ৰেমী। বহু বাৰ তেওঁ স্বীকাৰ কৰিছে যে তেওঁ ক্ৰিকেট খেল উপভোগ কৰি ভালপায়। কেৱল সেয়াই নহয়, তেওঁ খেলুৱৈসকলক বহুসময়ত উৎসাহিত কৰাও দেখা গৈছিল। সেয়ে তেওঁক গোল্ডেন টিকট প্ৰদান কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
আগষ্টত ২০০০ কোটি UPI লেনদেন
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান