--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত  আৰু ইণ্ডিয়া বিতৰ্কই সমগ্ৰ দেশতে তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰাৰ সময়তে চৰ্চালৈ আহিছে বিগ বি অমিতাভ বচ্চনৰ নাম৷ অমিতাভ বচ্চনে শেহতীয়াকৈ চৰকাৰৰ ভাৰত নামটোক সমৰ্থন কৰি ভাৰত মাতা কী জয় বুলি টুইট কৰা বুলি বহুতে আলোচনা কৰিছে৷ এই আলোচনাত আৰু এক নতুন মাত্ৰা প্ৰদান কৰি অমিতাভ বচ্চনক আজি জয় শ্বাহে বিশ্বকাপৰ গোল্ডেন টিকট প্ৰদান কৰাৰ বিষয়টোক বহুতে অন্য দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে৷ 

চৰকাৰৰ ভাৰত নামটোৰ স্থিতিৰ প্ৰতি নৰম হোৱা বাবেই জয় শ্বাহে খৰখেদাকৈ অমিতাভ বচ্চনক বিশ্বকাপৰ যিকোনো মেচ সন্মানীয় অতিথি হিচাবে চাব পৰাকৈ গোল্ডেন টিকট দিলে নেকি বুলিও বহুতে আলোচনা কৰিবলৈ লৈছে৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে  আগন্তুক আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। ঘোষণাৰ আগতে অধিনায়ক ৰোহিত শৰ্মা আৰু নিৰ্বাচক অজিত আগৰকাৰৰ মাজত দীঘলীয়া বৈঠক হৈছিল। বৈঠকৰ পিছত বিশ্বকাপ ২০২৩ৰ বাবে ১৫  জনীয়া টীম ইণ্ডিয়া ঘোষণা কৰা হয়। অৱশ্যে, দলটোত কোনো পৰিৱৰ্তন হোৱা নাই। 

এছিয়া কাপত খেলি থকা সকলো খেলুৱৈক দলত স্থান দিয়া হৈছে।ইয়াৰ মাজতে  অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ খেল উপভোগ কৰিবলৈ   বিচিচিআইৰ সচিব জয় শ্বাহে অমিতাভ বচ্চনক এটা গোল্ডেন  টিকট উপহাৰ দিছে। এই টিকটৰ জৰিয়তে তেওঁ ভাৰতৰ যিকোনো স্থানত অনুষ্ঠিত হ’বলগীয়া খেলত বিশেষ অতিথিৰ আসনত বহি খেল উপভোগ কৰিব পাৰিব৷ এই এই বিশেষ টিকটটোক গোল্ডেন টিকট বুলি কোৱা হয়। বিচিচিআইয়ে নিজেই ইয়াৰ ইনষ্টা একাউণ্টত এই তথ্য প্ৰদান কৰিছে৷ 

জয় শ্বাহে কয় যে অমিতাভ বচ্চন এজন ক্ৰিকেটপ্ৰেমী। বহু বাৰ তেওঁ স্বীকাৰ কৰিছে যে তেওঁ ক্ৰিকেট খেল উপভোগ কৰি ভালপায়। কেৱল সেয়াই নহয়, তেওঁ খেলুৱৈসকলক বহুসময়ত উৎসাহিত কৰাও দেখা গৈছিল। সেয়ে তেওঁক গোল্ডেন টিকট প্ৰদান কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস