--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ বিভিন্ন সম্প্ৰদায়ে যুগ যুগ ধৰি পোক-পৰুৱাক খাদ্যৰ উৎস গ্ৰহণ কৰি আহিছে। উৰিষ্যাৰ ময়ুৰভঞ্জ জিলাত আমৰলি পৰুৱাৰে এবিধ বিশেষ চাটনি প্ৰস্তু কৰা হয়। ইয়াক "কাই চাটনি" বুলি জনা যায়। এই চাটনি ঔষধি আৰু পুষ্টিকৰ গুণৰ বাবে অঞ্চলটোত বিখ্যাত। ২০২৪ চনৰ ২ জানুৱাৰীত এই স্বকীয় টেঙা চাটনীক জিঅ’গ্ৰাফিকেল ইণ্ডিকেচন (জি আই) টেগ প্ৰদান কৰা হয়।

বৈজ্ঞানিকভাৱে Oecophylla smaragdina নামেৰে জনাজাত এই আমৰলি পৰুৱাক এছিয়াৰ দ্বিতীয় বৃহত্তম জৈৱমণ্ডল গঠন কৰা ছিমিলিপাল বনাঞ্চলকে ধৰি ময়ুৰভঞ্জৰ অৰণ্যত পোৱা যায়। জিলাখনৰ শতাধিক জনজাতীয় পৰিয়ালে এই পোক-পৰুৱা আৰু চাটনি সংগ্ৰহ কৰি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে। পৰুৱাৰ কণীবোৰ বাহৰ পৰা গোটাই ব্যৱহাৰ কৰাৰ আগতে পৰিষ্কাৰ কৰি লোৱা হয়। নিমখ, আদা, নহৰু, মৰিচাৰ মিশ্ৰণ পিহি চাটনি তৈয়াৰ কৰা হয়। একেধৰণৰ ৰঙা পিঁপৰাৰ চাটনি পূবৰ আন ৰাজ্য যেনে ঝাৰখণ্ড আৰু ছত্তীশগড়তো পোৱা যায়।

জিভাৰ জুতিৰ উপৰিও এই চাটনি ইয়াৰ স্বাস্থ্যৰ উপকাৰৰ বাবেও বিখ্যাত। প্ৰটিন, কেলচিয়াম, জিংক, ভিটামিন বি-১২, আইৰণ, মেগনেছিয়াম, পটাছিয়াম ইত্যাদি পুষ্টিকৰ উপাদানৰ উত্তম উৎস বুলি বিশ্বাস কৰা হয়। এই অনন্য চাটনিৰ মগজু আৰু স্নায়ুতন্ত্ৰৰ বিকাশৰ ক্ষেত্ৰতো ইয়াৰ ভূমিকা বহুমূলীয়া।

বিভিন্ন গৱেষণা আৰু অধ্যয়নৰ ভিত্তিত  পোক-পৰুৱাক প্ৰটিনৰ উৎস হিচাপে অন্তৰ্ভুক্ত কৰাটো পৰিৱেশৰ প্ৰত্যাহ্বানৰ সম্ভাৱ্য সমাধান হিচাপে প্ৰস্তাৱ কৰা হৈছে। পোকে গৰুৰ দৰে পৰম্পৰাগত প্ৰাণীজ প্ৰটিনৰ উৎসৰ বিকল্প ল’ব পাৰে, যিবোৰ কাৰ্বন ডাই অক্সাইড আৰু মিথেনৰ দৰে তাপ আৱদ্ধ কৰা গেছৰ উল্লেখযোগ্য নিৰ্গমনৰ বাবে জনাজাত। এই পদ্ধতিৰ দ্বাৰা পৰিৱেশৰ প্ৰভাৱ কম কৰাৰ ক্ষমতা আছে আৰু অধিক বহনক্ষম খাদ্য ব্যৱস্থা গঢ়ি তোলাৰ ক্ষমতা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু