--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছোৱালী  জোকোৱাৰ অভিযোগত গংগাসাগৰ অভিমুখী সাধুৰ এটা দলক একাংশ লোকে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছে। ঘটনা সন্দৰ্ভত  কাশীপুৰ আৰক্ষীয়ে  দুটা পৃথক গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে কৈছে  যে গৌৰংদি গাঁৱৰ এজন বাসিন্দাৰ অভিযোগৰ পিছতে  তিনিজন সাধুকে ধৰি পাঁচজন লোকৰ বিৰুদ্ধে উৎপীড়ন চলোৱাৰ  অপচেষ্টাৰ গোচৰ ৰুজু কৰা হৈছে। আনহাতে আক্ৰমণৰ বলি হোৱা  সাধুৰ অভিযোগৰ ভিত্তিত গৌৰংদি  অঞ্চলত ১৫০ জন অচিনাক্ত লোকৰ বিৰুদ্ধে আক্ৰমণৰ  গোচৰ ৰুজু কৰা হৈছে। এই সন্দৰ্ভত মুঠ ১২ জন লোকক আটক কৰা হৈছে। ১২ জন অভিযুক্তক  ৰঘুনাথপুৰ আদালতত হাজিৰ কৰোৱা হ'ব। 

স্থানীয় লোক আৰু আৰক্ষীয়ে জনোৱা অনুসৰি উত্তৰ প্ৰদেশৰ তিনিজন সাধুসহ পাঁচজন লোকে  এখন চাৰিচকীয়া বাহনত গংগাসাগৰলৈ গৈ আছিল। গাড়ীখন প্ছিম বংগৰ   গৌৰংগদী চাৰিআলিত ৰয়। ইয়াৰ পিছতে স্থানীয় লোক একাংশই অভিযোগ কৰে যে তিনিজনী ছোৱালী চাইকেলত ঘৰলৈ উভতি অহাৰ সময়তে  তিনিজন সাধুকে ধৰি  পাঁচজন লোকে ছোৱালী কেইজনীক  অনুসৰণ কৰিবলৈ লৈছিল।

ভয়তে  ছোৱালী কেইজনীয়ে  চাইকেলখন এৰি ওচৰৰ ইটাভাটালৈ দৌৰি গৈছিল। এই খবৰ  অঞ্চলটোত বিয়পি পৰাত  একাংশ উত্তেজিত লোকে সাধু কেইজন উঠি যোৱা  গাড়ীখন ঘেৰি ধৰিছিল । অভিযোগ অনুসৰি তিনিজন সাধুকে ধৰি পাঁচজন লোকক প্ৰহাৰ কৰা হৈছিল আৰু তেওঁলোকৰ গাড়ীখনৰো ক্ষতিসাধন  কৰা  কৰি সেই ঠাইৰ পৰা লৈ যোৱা হৈছিল। পিছত আৰক্ষীয়ে ভুক্তভোগীসকলক উদ্ধাৰ কৰে আৰু তেওঁলোকক আৰক্ষী চকীলৈ লৈ আহে।  চাৰিচকীয়া বাহনখনো উদ্ধাৰ কৰা হৈছে। অৱশ্যে,  সাধুসকলে দাবী কৰিছে  যে তেওঁলোকে গংগাসাগৰলৈ যাওঁতে গৌৰংগদী জংচনত ৰৈছিল। একাংশ লোকে তেওঁলোকক টকা আগবঢ়াই  সেৱা কৰিছিল।

 পিছত  তেওঁলোকে   এটা ইটাভাটালৈ কিছু দান বিচাৰি  গৈছিল। সেই সময়তে  তিনি  যুৱতী কেইগৰাকীক তেওঁলোকে পথৰ ঠিকনা সুধিবলৈ মাতিছিল। কিন্তু ভাষাৰ সমস্যাৰ বাবে তেওঁলোকে ভুল বুজিছিল আৰু ভয়তে পলাই গৈছিল। তাৰ পিছত হঠাতে তেওঁলোকৰ গাড়ীখন  অচিনাক্ত লোকৰ দ্বাৰা ৰখাই দিয়া হৈছিল আৰু অত্যাচাৰ আৰম্ভ হৈছিল।  আৰক্ষীয়ে প্ৰকাশ কৰা মতে  যে দুটা পৃথক অভিযোগৰ ভিত্তিত শুক্ৰবাৰে সন্ধিয়া এটা গোচৰ ৰুজু কৰা হৈছিল। ঘটনাটোৰ তদন্ত চলি আছে। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয়, "বংগত সাধুসকলৰ ওপৰত হোৱা আক্ৰমণ লজ্জাজনক। এই ধৰণৰ ঘটনা আন কোনো ঠাইতে হোৱা নাই। "



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু