--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছোৱালী  জোকোৱাৰ অভিযোগত গংগাসাগৰ অভিমুখী সাধুৰ এটা দলক একাংশ লোকে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছে। ঘটনা সন্দৰ্ভত  কাশীপুৰ আৰক্ষীয়ে  দুটা পৃথক গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে কৈছে  যে গৌৰংদি গাঁৱৰ এজন বাসিন্দাৰ অভিযোগৰ পিছতে  তিনিজন সাধুকে ধৰি পাঁচজন লোকৰ বিৰুদ্ধে উৎপীড়ন চলোৱাৰ  অপচেষ্টাৰ গোচৰ ৰুজু কৰা হৈছে। আনহাতে আক্ৰমণৰ বলি হোৱা  সাধুৰ অভিযোগৰ ভিত্তিত গৌৰংদি  অঞ্চলত ১৫০ জন অচিনাক্ত লোকৰ বিৰুদ্ধে আক্ৰমণৰ  গোচৰ ৰুজু কৰা হৈছে। এই সন্দৰ্ভত মুঠ ১২ জন লোকক আটক কৰা হৈছে। ১২ জন অভিযুক্তক  ৰঘুনাথপুৰ আদালতত হাজিৰ কৰোৱা হ'ব। 

স্থানীয় লোক আৰু আৰক্ষীয়ে জনোৱা অনুসৰি উত্তৰ প্ৰদেশৰ তিনিজন সাধুসহ পাঁচজন লোকে  এখন চাৰিচকীয়া বাহনত গংগাসাগৰলৈ গৈ আছিল। গাড়ীখন প্ছিম বংগৰ   গৌৰংগদী চাৰিআলিত ৰয়। ইয়াৰ পিছতে স্থানীয় লোক একাংশই অভিযোগ কৰে যে তিনিজনী ছোৱালী চাইকেলত ঘৰলৈ উভতি অহাৰ সময়তে  তিনিজন সাধুকে ধৰি  পাঁচজন লোকে ছোৱালী কেইজনীক  অনুসৰণ কৰিবলৈ লৈছিল।

ভয়তে  ছোৱালী কেইজনীয়ে  চাইকেলখন এৰি ওচৰৰ ইটাভাটালৈ দৌৰি গৈছিল। এই খবৰ  অঞ্চলটোত বিয়পি পৰাত  একাংশ উত্তেজিত লোকে সাধু কেইজন উঠি যোৱা  গাড়ীখন ঘেৰি ধৰিছিল । অভিযোগ অনুসৰি তিনিজন সাধুকে ধৰি পাঁচজন লোকক প্ৰহাৰ কৰা হৈছিল আৰু তেওঁলোকৰ গাড়ীখনৰো ক্ষতিসাধন  কৰা  কৰি সেই ঠাইৰ পৰা লৈ যোৱা হৈছিল। পিছত আৰক্ষীয়ে ভুক্তভোগীসকলক উদ্ধাৰ কৰে আৰু তেওঁলোকক আৰক্ষী চকীলৈ লৈ আহে।  চাৰিচকীয়া বাহনখনো উদ্ধাৰ কৰা হৈছে। অৱশ্যে,  সাধুসকলে দাবী কৰিছে  যে তেওঁলোকে গংগাসাগৰলৈ যাওঁতে গৌৰংগদী জংচনত ৰৈছিল। একাংশ লোকে তেওঁলোকক টকা আগবঢ়াই  সেৱা কৰিছিল।

 পিছত  তেওঁলোকে   এটা ইটাভাটালৈ কিছু দান বিচাৰি  গৈছিল। সেই সময়তে  তিনি  যুৱতী কেইগৰাকীক তেওঁলোকে পথৰ ঠিকনা সুধিবলৈ মাতিছিল। কিন্তু ভাষাৰ সমস্যাৰ বাবে তেওঁলোকে ভুল বুজিছিল আৰু ভয়তে পলাই গৈছিল। তাৰ পিছত হঠাতে তেওঁলোকৰ গাড়ীখন  অচিনাক্ত লোকৰ দ্বাৰা ৰখাই দিয়া হৈছিল আৰু অত্যাচাৰ আৰম্ভ হৈছিল।  আৰক্ষীয়ে প্ৰকাশ কৰা মতে  যে দুটা পৃথক অভিযোগৰ ভিত্তিত শুক্ৰবাৰে সন্ধিয়া এটা গোচৰ ৰুজু কৰা হৈছিল। ঘটনাটোৰ তদন্ত চলি আছে। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয়, "বংগত সাধুসকলৰ ওপৰত হোৱা আক্ৰমণ লজ্জাজনক। এই ধৰণৰ ঘটনা আন কোনো ঠাইতে হোৱা নাই। "



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement