--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত জি ২০ সন্মিলনৰ আজি সামৰণি পৰে। জি ২০ সন্মিলনৰ সামৰণি পৰ্বত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিবৃতি প্ৰকাশ কৰে। বিশ্ব সম্প্ৰদায়ক সম্বোধন কৰি মোদীয়ে লিখা বিবৃতিটো এনে ধৰণৰ-

বন্ধুগণ,ত্ৰইকা (ত্ৰিশক্তি) উদ্যমত আমাৰ পূৰ্ণ বিশ্বাস আছে।ব্ৰাজিলক আমি পূৰ্ণ সহযোগ দিম আৰু আমাৰ বিশ্বাস যে তেওঁলোকৰ নেতৃত্বত জি-২০ত নিৰ্ধাৰণ হোৱা উমৈহতীয়া লক্ষ্য প্ৰাপ্তিৰ দিশে আগবাঢ়ি যাব।মই ব্ৰাজিলৰ ৰাষ্ট্ৰপতি তথা মোৰ মিত্ৰ লুলা ডি ছিলভাক হৃদয়ৰ পৰা শুভকামনা জনাইছোঁ।আৰু মই তেওঁক জি-২০ৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰিছোঁ।মই এই সুযোগতে ৰাষ্ট্ৰপতি লুলাক নিজৰ বিচাৰ ভাগ-বটোৱাৰা কৰিবৰ বাবে আমন্ত্ৰণ জনালোঁ।মান্যবৰ,আপোনালোক সকলোৱে জানে যে জি-২০ৰ সভাপতিত্ব ভাৰতৰ হাতত নৱেম্বৰলৈ আছে। এতিয়াও আঢ়ৈ মাহ বাকী আছে।এই দুদিনত আপোনালোক সকলোৱে নিজৰ মন্তব্য, পৰামৰ্শৰ লগতে অনেক প্ৰস্তাৱ দিছে।  

এয়া আমাৰ সকলোৰে দায়িত্ব যে যিবোৰ পৰামৰ্শ আহিছে সেয়া আমি পুনৰাই পৰ্যালোচনা কৰি সেইবোৰক প্ৰগতিৰ গতিত আনিবলৈ চেষ্টা কৰোঁ।মোৰ এক প্ৰস্তাৱ আছে যে আমি নৱেম্বৰ মাহৰ শেষত জি-২০ সন্মিলনৰ অন্য এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰিব লাগে।সেই বৈঠকত আমি এই সন্মিলনত গ্ৰহণ কৰা বিষয়বস্তুৰ পুনঃ আলোচনা তথা সমীক্ষা কৰিব পাৰোঁ।এই সকলো কথাৰ সৱিশেষ আমাৰ বিভাগীয় দলে আপোনালোকৰ সৈতে ভাগ-বটোৱাৰা কৰিব।

মই আশা কৰিছো যে আপোনালোক সকলো ইয়াৰ অংশ হৈ পৰিব।মান্যবৰ,ইয়াৰ লগতে মই জি-২০ সন্মিলনৰ সমাপ্তিৰ ঘোষণা কৰিলোঁ।ৱান আৰ্থ, ৱান ফেমিলী, ৱান ফিউচাৰৰ ৰোডমেপ সকলোৰে বাবে সুখময় হওক।স্তুতি অস্তু বিশ্বস্য!অৰ্থাৎ সম্পূৰ্ণ বিশ্বত আশা আৰু শান্তি সঞ্চাৰ হওক।১৪০ কোটি ভাৰতীয়ৰ এই মংগলকামনাৰ জৰিয়তে আপোনালোক সকলোকে অশেষ ধন্যবাদ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক