--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত এতিয়া সমানে চলিছে ‘জৱান’ আৰু জি২০ৰ চৰ্চা৷ বিশ্বজুৰি জৱান-এ আজিপৰ্যন্ত সংগ্ৰহ কৰিলে প্ৰায় ৪০০ কোটি টকা৷ ইপিনে, নতুন দিল্লীত আজি সামৰণি পৰা জি-২০ৱেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নতুন মাত্ৰা দিলে ভাৰতক৷ জৱান-জি২০ৰ এই সময়ছোৱাতে জি২০ৰ সফলতাৰ বাবে শ্বাহৰুখ খানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনাইছে৷ 

শ্বাহৰুখে টুইট কৰি কয়, ‘ভাৰতৰ জি-২০ সফলতাৰ বাবে আৰু বিশ্বৰ জনসাধাৰণৰ বাবে এক উন্নত ভৱিষ্যতৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত ঐক্য গঢ়ি তোলাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক অভিনন্দন জনাইছোঁ। ই প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত সন্মান আৰু গৌৰৱৰ অনুভূতি কঢ়িয়াই আনিছে। মহাশয়, আপোনাৰ নেতৃত্বত, আমি এককভাৱে নহয় কিন্তু একতাত সমৃদ্ধি লাভ কৰিম। এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ৷’ জৱানৰ সফলতাৰ মাজতে মোদীক শ্বাহৰুখ খানে জনোৱা শুভেচ্ছা বিশেষভাৱে তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে৷

ভাৰতত জি-২০ সন্মিলন:

প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাক এক ‘চেৰেমনিয়েল গেভেল’ প্ৰদান কৰি আনুষ্ঠানিকভাৱে সন্মিলনৰ সামৰণি কৰে৷ ব্ৰাজিলে ১ ডিচেম্বৰত ব্লকৰ সভাপতিত্ব গ্ৰহণ কৰিব। তেওঁ কয়, মই ব্ৰাজিলৰ ৰাষ্ট্ৰপতি আৰু মোৰ বন্ধু লুলা দা চিলভাক অভিনন্দন জনাব বিচাৰোঁ৷ আৰু ৰাষ্ট্ৰপতিৰ গেভেল তেওঁক হস্তান্তৰ কৰিব বিচাৰো।

ৰাষ্ট্ৰপতি লুলাই কয়, জি-২০ৰ ব্ৰাজিলৰ সভাপতিত্বৰ তিনিটা অগ্ৰাধিকাৰ আছে৷ প্ৰথম, সামাজিক অন্তৰ্ভুক্তি আৰু ভোকৰ বিৰুদ্ধে যুঁজ। দ্বিতীয়তে, ইয়াৰ তিনিটা দিশত শক্তি পৰিৱৰ্তন আৰু বহনক্ষম বিকাশ, তৃতীয়তে, গোলকীয় শাসন প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস