--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত এতিয়া সমানে চলিছে ‘জৱান’ আৰু জি২০ৰ চৰ্চা৷ বিশ্বজুৰি জৱান-এ আজিপৰ্যন্ত সংগ্ৰহ কৰিলে প্ৰায় ৪০০ কোটি টকা৷ ইপিনে, নতুন দিল্লীত আজি সামৰণি পৰা জি-২০ৱেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নতুন মাত্ৰা দিলে ভাৰতক৷ জৱান-জি২০ৰ এই সময়ছোৱাতে জি২০ৰ সফলতাৰ বাবে শ্বাহৰুখ খানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনাইছে৷ 

শ্বাহৰুখে টুইট কৰি কয়, ‘ভাৰতৰ জি-২০ সফলতাৰ বাবে আৰু বিশ্বৰ জনসাধাৰণৰ বাবে এক উন্নত ভৱিষ্যতৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত ঐক্য গঢ়ি তোলাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক অভিনন্দন জনাইছোঁ। ই প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত সন্মান আৰু গৌৰৱৰ অনুভূতি কঢ়িয়াই আনিছে। মহাশয়, আপোনাৰ নেতৃত্বত, আমি এককভাৱে নহয় কিন্তু একতাত সমৃদ্ধি লাভ কৰিম। এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ৷’ জৱানৰ সফলতাৰ মাজতে মোদীক শ্বাহৰুখ খানে জনোৱা শুভেচ্ছা বিশেষভাৱে তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে৷

ভাৰতত জি-২০ সন্মিলন:

প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাক এক ‘চেৰেমনিয়েল গেভেল’ প্ৰদান কৰি আনুষ্ঠানিকভাৱে সন্মিলনৰ সামৰণি কৰে৷ ব্ৰাজিলে ১ ডিচেম্বৰত ব্লকৰ সভাপতিত্ব গ্ৰহণ কৰিব। তেওঁ কয়, মই ব্ৰাজিলৰ ৰাষ্ট্ৰপতি আৰু মোৰ বন্ধু লুলা দা চিলভাক অভিনন্দন জনাব বিচাৰোঁ৷ আৰু ৰাষ্ট্ৰপতিৰ গেভেল তেওঁক হস্তান্তৰ কৰিব বিচাৰো।

ৰাষ্ট্ৰপতি লুলাই কয়, জি-২০ৰ ব্ৰাজিলৰ সভাপতিত্বৰ তিনিটা অগ্ৰাধিকাৰ আছে৷ প্ৰথম, সামাজিক অন্তৰ্ভুক্তি আৰু ভোকৰ বিৰুদ্ধে যুঁজ। দ্বিতীয়তে, ইয়াৰ তিনিটা দিশত শক্তি পৰিৱৰ্তন আৰু বহনক্ষম বিকাশ, তৃতীয়তে, গোলকীয় শাসন প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক