--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জিলমিল শাক খায় ভালপায়নে? এই শাকলৈ বহু মানুহে বৰ হেঁপাহ কৰে। অসমীয়া সমাজত জিলমিল এবিধ সুপৰিচিত শাক। এই শাক আমাৰ দৈনন্দিন জীৱনৰ খাদ্য প্ৰণালীৰ এক বিশেষ অংশ হিচাপে ব্যৱহৃত হৈ আহিছে। ঠাইভেদে জিলমিল শাকক ভতুৱা শাক বুলিও কোৱা হয়। এই শাকবিধ বাৰী তথা পথাৰত সহজতে পোৱা যায়। 

জিলমিল শাক ভাজি বা জোল বনাই খোৱা হয়। এই শাকৰ লগত মাছৰ জোল খাবলৈ অতি সোৱাদ। জিলমিলে আমাৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে আৰু আমাৰ শৰীৰত পুষ্টি প্ৰদান কৰে। ঔষধি গুণেৰে সমৃদ্ধ আৰু আমাৰ ভাৰতীয় তথা অসমীয়া খাদ্য প্ৰণালীত সচৰাচৰে ব্যৱহৃত শাক জিলমিলৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক। 

জিলমিল শাকৰ উপকাৰিতা কি কি?

১) জিলমিল শাকত যথেষ্ট পৰিমাণে লো, পাৰা, খনিজ লৱণ আৰু খাৰ পোৱা যায়। এই শাক যিমান অধিক খাব পৰা যায় সিমানে দেহ নিৰোগী হৈ থাকে। 

২) লিভাৰৰ বাবেও ই উপকাৰী।

৩) এই শাক নিয়মিত খালে কিড্‌নিৰ পাথৰি ৰোগ নহয়। 

৪) বগা দাগ, খজুৱতি, ফোঁহা আদি চৰ্মৰোগত নিতৌ এই শাক সিদ্ধ কৰি চেকি লৈ ৰস সেৱন কৰিব লগে। এনে ধৰণৰ শাক সিজোৱা পানী ছালত লগালেও উপকাৰ হয়।

৫)এই শাকৰ ৰস, সিদ্ধ পানী খালে পেটৰ অজীৰ্ণ, গেচ, কৃমি, বিষ আদি যিকোনো ৰোগ নাশ হয়।

৬)মূৰত ওকণি হ’লেও ভতুৱা শাক সিজোৱা পানীৰে মূৰ ধুলে ওকণি নোহোৱা হোৱাৰ লগতে মূৰটো চফা হয়। 

৭) মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হ’লে দুই চামুচ জিলমিল শাকৰ গুটি এগিলাচ পানীত সিজাই আধা গিলাচ হ’লে পানী খিনি চেকি খাব লাগে। 

৮) চকুৰ খজুৱতি, চকু ৰঙা পৰা আদি ৰোগতো এই শাক খোৱা ভাল।

৯) মূত্ৰাশয় আৰু শুক্ৰাশয় আৰু শুক্ৰাশয়ৰ ৰোগটো ই উপকাৰী।

১০) নিতৌ পুৱা এক কাপ কেঁচা জিলমিল শাকৰ ৰস পান কৰিলে কৃমি নাশ হয়।

১১) কোষ্ঠকাষ্ঠিন্যৰ বাবে জিলমিল শাক উপকাৰী। এনে ৰোগত ভোগা ৰোগীয়ে কেই দিনমান একেৰাহে নিয়মিত জিলমিল শাক খালে কোষ্ঠ কাঠিন্য দূৰ হয়। 

১২) জিলমিল শাক কুটি, শুকান আদা আৰু নিমখ মিহলাই তিতা কাপোৰত বান্ধি লৈ ওপৰত মাটিৰ লেপন লগাওক। ইয়াৰ পিছত জুইত সেকি লৈ গৰম হৈ থাকোঁতে যিকোনো ফোঁহাৰ ওপৰত লগাওক। ফোঁহা সোনকালে পকি ফুটি দূষিত তেজ-পূঁজ আদি ওলাই চফা হ’ব।

গতিকে এই ঔষধিগুণযুক্ত জিলমিল শাকক আপোনাৰ খাদ্য তালিকাত স্থান দিয়ক আৰু সুস্থ হৈ থাকক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ