--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জিলমিল শাক খায় ভালপায়নে? এই শাকলৈ বহু মানুহে বৰ হেঁপাহ কৰে। অসমীয়া সমাজত জিলমিল এবিধ সুপৰিচিত শাক। এই শাক আমাৰ দৈনন্দিন জীৱনৰ খাদ্য প্ৰণালীৰ এক বিশেষ অংশ হিচাপে ব্যৱহৃত হৈ আহিছে। ঠাইভেদে জিলমিল শাকক ভতুৱা শাক বুলিও কোৱা হয়। এই শাকবিধ বাৰী তথা পথাৰত সহজতে পোৱা যায়। 

জিলমিল শাক ভাজি বা জোল বনাই খোৱা হয়। এই শাকৰ লগত মাছৰ জোল খাবলৈ অতি সোৱাদ। জিলমিলে আমাৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে আৰু আমাৰ শৰীৰত পুষ্টি প্ৰদান কৰে। ঔষধি গুণেৰে সমৃদ্ধ আৰু আমাৰ ভাৰতীয় তথা অসমীয়া খাদ্য প্ৰণালীত সচৰাচৰে ব্যৱহৃত শাক জিলমিলৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক। 

জিলমিল শাকৰ উপকাৰিতা কি কি?

১) জিলমিল শাকত যথেষ্ট পৰিমাণে লো, পাৰা, খনিজ লৱণ আৰু খাৰ পোৱা যায়। এই শাক যিমান অধিক খাব পৰা যায় সিমানে দেহ নিৰোগী হৈ থাকে। 

২) লিভাৰৰ বাবেও ই উপকাৰী।

৩) এই শাক নিয়মিত খালে কিড্‌নিৰ পাথৰি ৰোগ নহয়। 

৪) বগা দাগ, খজুৱতি, ফোঁহা আদি চৰ্মৰোগত নিতৌ এই শাক সিদ্ধ কৰি চেকি লৈ ৰস সেৱন কৰিব লগে। এনে ধৰণৰ শাক সিজোৱা পানী ছালত লগালেও উপকাৰ হয়।

৫)এই শাকৰ ৰস, সিদ্ধ পানী খালে পেটৰ অজীৰ্ণ, গেচ, কৃমি, বিষ আদি যিকোনো ৰোগ নাশ হয়।

৬)মূৰত ওকণি হ’লেও ভতুৱা শাক সিজোৱা পানীৰে মূৰ ধুলে ওকণি নোহোৱা হোৱাৰ লগতে মূৰটো চফা হয়। 

৭) মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হ’লে দুই চামুচ জিলমিল শাকৰ গুটি এগিলাচ পানীত সিজাই আধা গিলাচ হ’লে পানী খিনি চেকি খাব লাগে। 

৮) চকুৰ খজুৱতি, চকু ৰঙা পৰা আদি ৰোগতো এই শাক খোৱা ভাল।

৯) মূত্ৰাশয় আৰু শুক্ৰাশয় আৰু শুক্ৰাশয়ৰ ৰোগটো ই উপকাৰী।

১০) নিতৌ পুৱা এক কাপ কেঁচা জিলমিল শাকৰ ৰস পান কৰিলে কৃমি নাশ হয়।

১১) কোষ্ঠকাষ্ঠিন্যৰ বাবে জিলমিল শাক উপকাৰী। এনে ৰোগত ভোগা ৰোগীয়ে কেই দিনমান একেৰাহে নিয়মিত জিলমিল শাক খালে কোষ্ঠ কাঠিন্য দূৰ হয়। 

১২) জিলমিল শাক কুটি, শুকান আদা আৰু নিমখ মিহলাই তিতা কাপোৰত বান্ধি লৈ ওপৰত মাটিৰ লেপন লগাওক। ইয়াৰ পিছত জুইত সেকি লৈ গৰম হৈ থাকোঁতে যিকোনো ফোঁহাৰ ওপৰত লগাওক। ফোঁহা সোনকালে পকি ফুটি দূষিত তেজ-পূঁজ আদি ওলাই চফা হ’ব।

গতিকে এই ঔষধিগুণযুক্ত জিলমিল শাকক আপোনাৰ খাদ্য তালিকাত স্থান দিয়ক আৰু সুস্থ হৈ থাকক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন