--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ দৈনিক সংক্ৰমিত হৈছে হাজাৰ হাজাৰ লোক৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ভাৰতত চৌবিশ ঘণ্টাত ৫,৮৮০গৰাকী লোক নতুনকৈ ক’ভিডত সংক্ৰমিত হৈছে, যাৰ ফলত সক্ৰিয় ৰোগীৰ সংখ্যা ৩৫,১৯৯৯লৈ বৃদ্ধি পাইছে৷ বৰ্তমান ক’ভিডৰ দৈনিক পজিটিভিটীৰ হাৰ ৬.৯১ শতাংশ আৰু সাপ্তাহিক পজিটিভিটীৰ হাৰ ৩.৬৭ শতাংশ।

ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে কৈছিল যে আমাৰ দেশত শেহতীয়াকৈ ক’ভিড বৃদ্ধি হোৱাৰ কাৰণ হ'ব পাৰে ক’ভিড-১৯ আচৰণবিধি শিথিল কৰা, নিম্ন পৰীক্ষাৰ হাৰ আৰু ক’ভিডৰ নতুন প্ৰকাৰৰ উদ্ভৱ।

‘ৰিকোভাৰী’ৰ হাৰ ৯৮.৭৪ শতাংশলৈ বৃদ্ধি হোৱাৰ সৈতে মুঠ ৪৪,১৯৬,৩১৮ জন লোকক ‘ৰিকোভাৰী’ কৰা হৈছে। ইফালে, ১৪ জন লোকৰ শেহতীয়াকৈ মৃত্যু  হৈছে, যাৰ ফলত মৃত্যুৰ সংখ্যা ৫৩,০৯,৭৯ জনলৈ বৃদ্ধি পাইছিল।

যোৱা ২৪ ঘণ্টাত মুঠ ২০৫ টা ভেকছিন প্ৰদান কৰা হৈছিল। দেশব্যাপী টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে মুঠ ২২০,৬৬,২৩,৫২৭ কোটি ভেকছিন পালি প্ৰদান কৰা হৈছে। 

ইপিনে, উত্তৰ প্ৰদেশত বৰ্ধিত কোভিড ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি, ৰাজ্য চৰকাৰে জৰুৰীকালীন ৱাৰ্ডত ৰোগীসকলৰ বাবে ৰিভাৰ্চ ট্ৰেন্সক্ৰিপচন পলিমেৰেজ চেইন ৰিক্ৰিয়াচন (আৰটি-পিচিআৰ) আৰু এণ্টিজেন পৰীক্ষাৰ নিৰ্দেশ দিছে৷ ৰাজ্যখনে দেওবাৰে ৩১৯টা নতুন সংক্ৰমণ নথিভুক্ত কৰিছে আৰু ইয়াৰ সৈতে, উত্তৰ প্ৰদেশত ক’ভিড-১৯ৰ গোচৰৰ সক্ৰিয় সংখ্যা আছিল ১,১৯২।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ